--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোৰঞ্জন জগতৰ এক সুপৰিচিত নাম ৰাখী সাৱন্ত(Rakhi Sawant)। শেহতীয়াকৈ ৰাখীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, এই ভিডিঅ’টোত তেওঁক হিজাব পিন্ধা দেখা গৈছে। ৰাখী সাৱন্ত এনে এগৰাকী অভিনেত্ৰী যিয়ে নিজৰ জীৱনৰ প্ৰতিটো তথ্য অনুৰাগী সকলৰ সৈতে শ্বেয়াৰ কৰি থাকে। সেয়া লাগিলে তেওঁৰ বিবাহৰ লগত জড়িত বিষয় হওক বা তাইৰ নতুন প্ৰেমিকৰ বিষয়ে হওক। শেহতীয়াকৈ ৰাখী সাৱন্তে ছ’চিয়েল মিডিয়াত নিশ্চিত কৰিছে যে এতিয়া তেওঁৰ জীৱনত বিশেষ কোনোবা এজন আহিছে, যিয়ে তেওঁক বহুত ভাল পায়। ৰাখী সাৱন্তে এটা অনুষ্ঠানত এই বয়ফ্ৰেণ্ডক মানুহৰ সৈতে চিনাকি কৰাই দিছিল। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ৰাখী সাৱন্ত। 


শেহতীয়াকৈ তেওঁ নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁক বগা হিজাবত দেখা গৈছে। যোৱা বছৰ তেওঁ স্বামী বুলি ৰিতেশক সকলোৰে লগত চিনাকি কৰাই দিছিল কিন্তু কিছুদিনৰ পাছতে দুয়োজনৰ মাজত বিচ্ছেদ ঘটিছিল। স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত এতিয়া আন এজন ব্যক্তিক নিজৰ হৃদয়খন সঁপিছে ড্ৰামা কুইন ৰাখীয়ে। 

এই নতুন সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে ৰাখীয়ে। ৰাখীৰ নতুন বয়ফ্ৰেণ্ডৰ নাম আদিল আদিল খান দুৰাণী(Adil Khan Durrani)। এটা সাক্ষাৎকাৰত ৰাখীয়ে আদিলৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈছিল। ৰাখী সাৱন্তে তেওঁৰ সাক্ষাৎকাৰত কৈছিল যে ৰিতেশৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত তেওঁ ডিপ্ৰেছনত ভুগিছিল আৰু আদিলে তেওঁক ডিপ্ৰেছনৰ পৰা ওলাই অহাত সহায় কৰিছিল। 

ৰাখীয়ে কৈছিল যে ''লগ পোৱাৰ এমাহৰ ভিতৰতে আদিলে মোক প্ৰপ’জ কৰিছিল। মই তেওঁতকৈ ছয় বছৰ ডাঙৰ। মই মনোৰঞ্জন জগতৰ সৈতে জড়িত আৰু ইয়াত মই সদায় গ্লেমাৰাছ ষ্টাইলত থাকো। মোৰ ভাবমূর্তিৰ বাবেই আদিলৰ পৰিয়াল এই সম্পৰ্কৰ বিৰোধী। আদিলৰ পৰিয়ালত এই সম্পৰ্কৰ কথা গম পোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হ’ল। মোৰ সাজ-পোছাক পিন্ধাৰ ধৰণটো আদিলৰ পৰিয়ালে ভাল নাপায়। কিন্তু মই নিজকে সলনি কৰিবলৈ সাজু। এই সকলোবোৰ কথাৰ বাবেই মই ভয় খাই আছো।'' 

নেটিজেনসকলে ৰাখীৰ নতুন ৰূপ দেখি মন্তব্য কৰিছে যে ৰাখীয়ে আদিলৰ পৰিয়ালৰ মন জয় কৰিবৰ বাবেই হিজাৱ পিন্ধি দেখুৱাইছে। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে নতুন প্ৰেমিকে ৰাখীক এখন বিএমডব্লিউ উপহাৰ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান