--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোৰঞ্জন জগতৰ এক সুপৰিচিত নাম ৰাখী সাৱন্ত(Rakhi Sawant)। শেহতীয়াকৈ ৰাখীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, এই ভিডিঅ’টোত তেওঁক হিজাব পিন্ধা দেখা গৈছে। ৰাখী সাৱন্ত এনে এগৰাকী অভিনেত্ৰী যিয়ে নিজৰ জীৱনৰ প্ৰতিটো তথ্য অনুৰাগী সকলৰ সৈতে শ্বেয়াৰ কৰি থাকে। সেয়া লাগিলে তেওঁৰ বিবাহৰ লগত জড়িত বিষয় হওক বা তাইৰ নতুন প্ৰেমিকৰ বিষয়ে হওক। শেহতীয়াকৈ ৰাখী সাৱন্তে ছ’চিয়েল মিডিয়াত নিশ্চিত কৰিছে যে এতিয়া তেওঁৰ জীৱনত বিশেষ কোনোবা এজন আহিছে, যিয়ে তেওঁক বহুত ভাল পায়। ৰাখী সাৱন্তে এটা অনুষ্ঠানত এই বয়ফ্ৰেণ্ডক মানুহৰ সৈতে চিনাকি কৰাই দিছিল। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ৰাখী সাৱন্ত। 


শেহতীয়াকৈ তেওঁ নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁক বগা হিজাবত দেখা গৈছে। যোৱা বছৰ তেওঁ স্বামী বুলি ৰিতেশক সকলোৰে লগত চিনাকি কৰাই দিছিল কিন্তু কিছুদিনৰ পাছতে দুয়োজনৰ মাজত বিচ্ছেদ ঘটিছিল। স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত এতিয়া আন এজন ব্যক্তিক নিজৰ হৃদয়খন সঁপিছে ড্ৰামা কুইন ৰাখীয়ে। 

এই নতুন সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে ৰাখীয়ে। ৰাখীৰ নতুন বয়ফ্ৰেণ্ডৰ নাম আদিল আদিল খান দুৰাণী(Adil Khan Durrani)। এটা সাক্ষাৎকাৰত ৰাখীয়ে আদিলৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈছিল। ৰাখী সাৱন্তে তেওঁৰ সাক্ষাৎকাৰত কৈছিল যে ৰিতেশৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত তেওঁ ডিপ্ৰেছনত ভুগিছিল আৰু আদিলে তেওঁক ডিপ্ৰেছনৰ পৰা ওলাই অহাত সহায় কৰিছিল। 

ৰাখীয়ে কৈছিল যে ''লগ পোৱাৰ এমাহৰ ভিতৰতে আদিলে মোক প্ৰপ’জ কৰিছিল। মই তেওঁতকৈ ছয় বছৰ ডাঙৰ। মই মনোৰঞ্জন জগতৰ সৈতে জড়িত আৰু ইয়াত মই সদায় গ্লেমাৰাছ ষ্টাইলত থাকো। মোৰ ভাবমূর্তিৰ বাবেই আদিলৰ পৰিয়াল এই সম্পৰ্কৰ বিৰোধী। আদিলৰ পৰিয়ালত এই সম্পৰ্কৰ কথা গম পোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হ’ল। মোৰ সাজ-পোছাক পিন্ধাৰ ধৰণটো আদিলৰ পৰিয়ালে ভাল নাপায়। কিন্তু মই নিজকে সলনি কৰিবলৈ সাজু। এই সকলোবোৰ কথাৰ বাবেই মই ভয় খাই আছো।'' 

নেটিজেনসকলে ৰাখীৰ নতুন ৰূপ দেখি মন্তব্য কৰিছে যে ৰাখীয়ে আদিলৰ পৰিয়ালৰ মন জয় কৰিবৰ বাবেই হিজাৱ পিন্ধি দেখুৱাইছে। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে নতুন প্ৰেমিকে ৰাখীক এখন বিএমডব্লিউ উপহাৰ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ