--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কেইবাটাও মছজিদ তথা ঐতিহাসিক সমলক একাংশ লোকে হিন্দুৰ ধৰ্মীয়স্থল আছিল বুলি দাবী কৰাৰ সময়তে তাজমহলকলৈয়ো বিতৰ্কৰ সূচনা নোহোৱাকৈ থকা নাই। তাজমহল এটা সময়ত হিন্দুৰ মন্দিৰ আছিল বুলি একাংশ লোকে দাবী কৰি অহাৰ সময়তে আদালতেও এইক্ষেত্ৰত প্ৰামাণিক নথি দাখিলৰ কথা কৈ আহিছে। ইতিহাসত বৰ্ণনা কৰা অনুসৰি প্ৰেমৰ সৌধ তাজমহল ১৬৩২ চনৰ পৰা ১৬৫৩ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। এই বিশ্ববিখ্যাত তাজমহলৰ ৰূপকাৰ মোগল সাম্ৰাজ্যৰ পঞ্চম সম্ৰাট শ্বাহজাহানে ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ ভিতৰত উত্তৰ ভাৰতৰ বেছিভাগ অঞ্চল শাসন কৰিছিল, তেওঁৰ প্ৰিয় পত্নী মমতাজক অমৰ কৰি ৰাখিবলৈয়েই শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰোৱাইছিল। 

তামজমহলৰ নক্সা কোনে তৈয়াৰ কৰিছিল সেয়া সঠিকভাৱে জনা নাযায়। তথাপি ইতিহাসে তাজমহলৰ স্থপতিবিদজন ওস্তাদ আহমেদ লাহৰী বুলি কৈ আহিছে। দিল্লীৰ বিখ্যাত লালকিল্লাৰ নক্সাও লাহৰীয়ে কৰা বুলি জনা যায়। প্ৰায় ২০ হাজাৰ কৰ্মীয়ে উদয়াস্ত কাম কৰি তাজমহল নিৰ্মাণ কৰি উলিয়াইছিল। ঐতিহাসিক তথ্য অনুসৰি তাজমহল নিৰ্মাণ হৈ উঠাৰ পিছত সেইসকলকৰ্মী আৰু স্থপতিবিদৰ হাত কাটি পেলোৱা হৈছিল যাতে তেওঁলোকে কেতিয়াও তাজমহলৰ দৰে বিতোপন ভৱন সাজিব নোৱাৰে। শ্বাহজাহানে মোগল সাম্ৰাজ্যৰ সম্ৰাট হোৱাৰ বহু আগতে ১৬০৭ চনত মমতাজক লগ পাইছিল। তেতিয়া শ্বাহজাহানৰ বয়স আছিল ১৫ বছৰ আৰু মমতাজৰ ১৪ বছৰ। শ্বাহজাহান-মমতাজৰ প্ৰথম দৰ্শনতে প্ৰেম ১৬১২ চনৰ ২৭ মাৰ্চত ৰাজকুমাৰ খুৰম (শ্বাহজাহান) আৰু অৰ্জুমান্দ বানু বায়গাম(মমতাজ)বিবাহপাশত আৱদ্ধ হৈছিল। শ্বাহজাহানে তেওঁৰ পত্নীক মৰমতে মমতাজ নাম দিছিল। ইতিহাসবিদ ইনায়াত খানৰ মতে শ্বাহজাহানৰ তিনিগৰাকী পত্নী আছিল যদিও মমতাজকহে তেওঁ বেছি ভাল পাইছিল। মমতাজৰ সৌন্দৰ্য, আৰু অমায়িক স্বভাৱে সকলোকে আকৰ্ষণ কৰিছিল। বিবাহৰ পিছত ১৯ বছৰৰ ভিতৰত শ্বাহজাহান-মমতাজৰ ১৪ টা সন্তান আছিল। চতুৰ্দশ শিশুটোৰ জন্মৰ ফলত মমতাজৰ মৃত্যু হৈছিল। ১৬৩১ চনৰ ১৭ জুনত এগৰাকী স্বাস্থ্যৱান কন্যা সন্তান জন্ম দিয়াৰ পিছত শ্বাহজাহানৰ বাহুত মূৰ থৈ মমতাজে শেষ নিশ্বাস ত্যাগ কৰিছিল। 

মমতাজৰ নশ্বৰদেহ বুৰহানপুৰৰ ওচৰত অস্থায়ীভাৱে সমাধিস্থ কৰা হৈছিল। কোৱা হয় যে মমতাজৰ অৱৰ্তমানত সম্ৰাট মানেই দুখী হৈ পৰিছিল যে তেওঁ এবছৰৰ বাবে স্বাভাৱিক অৱস্থালৈ আহিব পৰা নাছিল। ১৬৩১ চনৰ ডিচেম্বৰত মমতাজৰ নশ্বৰদেহৰ অৱশেষ বুৰহানপুৰৰ পৰা আগ্ৰালৈ লৈ যোৱা হৈছিল। তাজমহল নিৰ্মাণ কৰা স্থানৰ কাষতে তেওঁৰ নশ্বৰদেহ পুনৰ সমাধিস্থ কৰা হৈছিল। মমতাজক অমৰ কৰি ৰাখিবলৈ তাজমহল নিৰ্মাণত বিশ বছৰৰো অধিক সময় লাগিছিল। ১৬৩২ চনত নিৰ্মাণ আৰম্ভ কৰি ১৬৪৮ চনত সমাধি সৌধটো সমাপ্ত কৰা হৈছিল। সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিছিল  ১৬৫৩  চনত। 

শেহতীয়াকৈ তাজমহল এটা সময়ত হিন্দুৰ মন্দিৰ আছিল বুলি দাবী কৰিছে বিজেপিৰ নেতা ৰজনীশ সিঙে। ৰজনীশ সিঙে হিন্দু দেৱতাৰ মূৰ্তিৰ উপস্থিতি নিশ্চিত কৰিবলৈ তাজমহলৰ ২২ খন বন্ধ দুৱাৰৰ তদন্তৰ বাবে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপক নিৰ্দেশনা দিবলৈ অনুৰোধ জনাই লক্ষ্ণৌ বিচাৰপীঠৰ সন্মুখত এই আবেদন দাখিল কৰিছিল।লক্ষ্ণৌ বিচাৰপীঠে এই বিষয়ক আবেদনখন খাৰিজ কৰি কৈছে যে এই বিষয়ত প্ৰামাণ্য তথ্য দিব পাৰিলেহে বিষয়টো বিবেচনা কৰি চোৱা যাব পাৰে। তাজমহলক পূৰ্বে হিন্দু মন্দিৰ আছিল বুলি প্ৰমাণ কৰিবলৈ তাজমহলৰ ২২ টা বন্ধ কোঠা মুকলিৰ আদেশ বিচাৰি দাখিল কৰা আবেদনখন উপযুক্ত প্ৰমাণৰ অভাৱতে ন্যায়াধীশ ডি কে উপাধ্যায় আৰু সুভাষ বিদ্যাৰ্থীৰ বিচাৰপীঠে খাৰিজ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
বেলুচ যুঁজাৰুৰ বৃহৎ সামৰিক অভিযান