--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে প্ৰেমে জাতি-বৰ্ণ, উচ্চ-নীচ, ধনী-দুখীয়া একো বিচাৰ নকৰে। মধ্যপ্ৰদেশৰ ছিন্দোৱাৰা জিলাত দেখা পোৱা গৈছে এক হৃদয়স্পৰ্শী অনন্য প্ৰেম কাহিনী। য'ত এজন ভিক্ষাৰীৰ পত্নীৰ প্ৰতি থকা মৰম সকলোৰে আলোচনাৰ বিষয় হৈ পৰিছে। দুয়োৰে মৰমৰ কথা সমগ্ৰ জিলাখনত পূৰ্ণগতিত চলি আছে। ভিক্ষা কৰি জীৱন কটোৱা সন্তোষে মপেড কিনি পত্নীক দিলে উপহাৰ। এতিয়া দুয়ো মপেডখন চলায়ে ভিক্ষা খুজিবলৈ ওলাই যায়। সন্তোষ ছাহু আৰু তেওঁৰ পত্নী মুন্নী ছাহু চিন্দোৱাৰা জিলাৰ অমৰৱাদাৰ বাসিন্দা।

সন্তোষ এজন বিশেষভাৱে সক্ষম ব্যক্তি। ট্ৰাইচাইকেল এখন চলাই তেওঁ ভিক্ষা খুজি ঘূৰি ফুৰে আৰু পত্নী মুন্নীবায়ে তেওঁক সহায় কৰে। সন্তোষ ছাহুৱে কয় যে তেওঁ নিজে ট্ৰাইচাইকেলখনত বহিছিল আৰু তেওঁৰ পত্নীয়ে ঠেলি দিছিল। বহু সময়ত এনে পৰিস্থিতি আহিছিল যে বেয়া ৰাস্তাত মুন্নী ছাহুৰ বাবে ট্ৰাইচাইকেলখন ঠেলি দিয়াটো বৰ কঠিন হৈ পৰিছিল। পত্নীৰ এই অসুবিধা দেখি সন্তোষ ছাহুৱে বৰ কষ্ট পাইছিল। এই সময়ছোৱাত বহু সময়ত তেওঁৰ পত্নী অসুস্থও হৈ পৰিছিল। যাৰ চিকিৎসাৰ বাবে তেওঁ বহুত টকা খৰচ কৰিব লগা হৈছিল। এদিন মুন্নীয়ে সন্তোষক মপেড বাইক এখন কিনিবলৈ পৰামৰ্শ দিলে। কঠিন পৰিস্থিতি দেখি সন্তোষে দৃঢ়প্ৰতিজ্ঞ হ’ল যে যিকোনো ক্ষেত্ৰতে মৰমী পত্নীৰ বাবে তেওঁ মপেড কিনিব আৰু সেইখন তেওঁক উপহাৰ দিব।

দুয়োজনে বাছ ষ্টেণ্ড, মন্দিৰ আৰু দৰগাহলৈ গৈ ভিক্ষা কৰি দিনটোত প্ৰায় ৩০০ৰ পৰা ৪০০ টকা উপাৰ্জন কৰিছিল। ইয়াৰ লগতে দুয়োজনে দুবাৰকৈ আৰামতে খাদ্য পাইছিল। সন্তোষে চাৰি বছৰত ৯০ হাজাৰ টকা জমা কৰি শনিবাৰে নগদ ধন দি এখন মপেড কিনিলে। কোনোবাই ইয়াৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত আপলোড কৰিলে। যিটো লগালগ ভাইৰেল হৈ পৰে। এতিয়া মপেডত উঠি ভিক্ষা খুজিবলৈ ওলাই যায় স্বামী-স্ত্ৰী। যি কথাই লাভ কৰিছে সকলোতে চৰ্চা। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ