--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মনৰ ভাৱ বিনিময় কৰিবলৈ হোৱাটছএপ( WhatsApp) এক উপযুক্ত মাধ্যম। কিন্তু হঠাতে যেতিয়া আপোনাৰ প্ৰিয়জন অথবা কোনো আপোন মানুহে আপোনাক হোৱাটছএপত ব্লক কৰি দিয়ে তেতিয়া মনটো বহুত বেয়া লাগে নহয়নে? আপুনি তেতিয়া বাৰে বাৰে পৰীক্ষা কৰি থাকে আপোনাক আনব্লক কৰিলে নে নাই। ৰ'ব চিন্তা নকৰিব। আমি আপোনাক দিম নিজকে আনব্লক কৰাৰ কৌশল। প্ৰথমে আপুনি চাওক আপোনাক ব্লক কৰিলে নেকি। হোৱাটছ এপ ডিপিখন নেদেখিলে বুলিয়েই আপোনাক ব্লক কৰিছে বুলি নাভাবিব। বহুতেই নিজৰ মনটো বেয়া হ'লেই হোৱাটছ এপৰ ডিপিখন ৰিমোভ কৰি দিয়ে। প্ৰথমে এটা মেছেজ প্ৰেৰণ কৰক। যদি মেছেজটো আপোনাৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু আনজন ব্যক্তিৰ হোৱাটছএপত কোনো ডাবল টিক নাই, তেন্তে বুজি লওক যে তেওঁ আপোনাক ব্লক কৰিছে। 

নিজক আনব্লক কৰিবলৈ এই পদ্ধতি গ্ৰহণ কৰক-

প্ৰথমে আপুনি নিজৰ হোৱাটছএপ একাউণ্টটো ডিলিট কৰক। তাৰপাছত আপুনি পুনৰ হোৱাটছএপ ইনষ্টল কৰিব লাগিব আৰু পুনৰ ছাইন আপ কৰিব লাগিব। ইয়াৰ পাছত আপুনি স্বয়ংক্ৰিয়ভাৱে আনব্লক হ'ব। যদি কথা পতাটো অতি গুৰুত্বপূৰ্ণ তেতিয়াহে একাউণ্টটো ডিলিট কৰক, কিয়নো ই আপোনাৰ বেকআপো উৰুৱাব পাৰে। 

৬ টা পদক্ষেপত এই কৌশলটো বুজি লওক

১)প্ৰথমে আপুনি হোৱাটছএপ খোলক আৰু ছেটিংছত ক্লিক কৰক।
২)ইয়াত আপুনি 'ডিলিট মাই একাউণ্ট' বুলি দেখা পাব। তাত আপুনি ক্লিক কৰক।
৩)ইয়াত আপুনি আপোনাৰ ম'বাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব।
৪)ইয়াৰ পাছত আপুনি 'ডিলিট মাই একাউণ্ট'ত ক্লিক কৰিব লাগিব।
৫)এতিয়া আপুনি হোৱাটছএপ পুনৰ খুলি একাউণ্টটো পুনৰ সৃষ্টি কৰক।
৬)ইয়াৰ পাছতেই আপুনি আপোনাক ব্লক কৰা ব্যক্তিজনৰ সৈতে পুনৰ কথা পাতিব পাৰিব।

আৰু এটা আছে উপায় 

ইয়াত আপুনি আপোনাৰ বন্ধুৰ সহায় ল'ব লাগিব। আপুনি আপোনাৰ বন্ধুক এটা হোৱাটছএপ গ্ৰুপ গঠন কৰিবলৈ ক'ব লাগিব। যদি আপোনাৰ বন্ধুৱে আপোনাক ব্লক কৰা ব্যক্তিজনক ইয়াত এড কৰে তেন্তে তেওঁ আপুনি গ্ৰুপত দিয়া প্ৰতিটো মেছেজ লাভ কৰিব। হোৱাটছএপ গ্ৰুপত আপুনি ক'ব বিচৰা কথাখিনি ব্লক কৰি থোৱা ব্যক্তিজনক ক'ব পাৰিব। হয়তো আপোনাৰ মেছেজ পাই তেওঁৰ মন কুমলিবও পাৰে আৰু আপোনাক আনব্লক কৰিব পাৰে..গতিকে চেষ্টা নেৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ