--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মনৰ ভাৱ বিনিময় কৰিবলৈ হোৱাটছএপ( WhatsApp) এক উপযুক্ত মাধ্যম। কিন্তু হঠাতে যেতিয়া আপোনাৰ প্ৰিয়জন অথবা কোনো আপোন মানুহে আপোনাক হোৱাটছএপত ব্লক কৰি দিয়ে তেতিয়া মনটো বহুত বেয়া লাগে নহয়নে? আপুনি তেতিয়া বাৰে বাৰে পৰীক্ষা কৰি থাকে আপোনাক আনব্লক কৰিলে নে নাই। ৰ'ব চিন্তা নকৰিব। আমি আপোনাক দিম নিজকে আনব্লক কৰাৰ কৌশল। প্ৰথমে আপুনি চাওক আপোনাক ব্লক কৰিলে নেকি। হোৱাটছ এপ ডিপিখন নেদেখিলে বুলিয়েই আপোনাক ব্লক কৰিছে বুলি নাভাবিব। বহুতেই নিজৰ মনটো বেয়া হ'লেই হোৱাটছ এপৰ ডিপিখন ৰিমোভ কৰি দিয়ে। প্ৰথমে এটা মেছেজ প্ৰেৰণ কৰক। যদি মেছেজটো আপোনাৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু আনজন ব্যক্তিৰ হোৱাটছএপত কোনো ডাবল টিক নাই, তেন্তে বুজি লওক যে তেওঁ আপোনাক ব্লক কৰিছে। 

নিজক আনব্লক কৰিবলৈ এই পদ্ধতি গ্ৰহণ কৰক-

প্ৰথমে আপুনি নিজৰ হোৱাটছএপ একাউণ্টটো ডিলিট কৰক। তাৰপাছত আপুনি পুনৰ হোৱাটছএপ ইনষ্টল কৰিব লাগিব আৰু পুনৰ ছাইন আপ কৰিব লাগিব। ইয়াৰ পাছত আপুনি স্বয়ংক্ৰিয়ভাৱে আনব্লক হ'ব। যদি কথা পতাটো অতি গুৰুত্বপূৰ্ণ তেতিয়াহে একাউণ্টটো ডিলিট কৰক, কিয়নো ই আপোনাৰ বেকআপো উৰুৱাব পাৰে। 

৬ টা পদক্ষেপত এই কৌশলটো বুজি লওক

১)প্ৰথমে আপুনি হোৱাটছএপ খোলক আৰু ছেটিংছত ক্লিক কৰক।
২)ইয়াত আপুনি 'ডিলিট মাই একাউণ্ট' বুলি দেখা পাব। তাত আপুনি ক্লিক কৰক।
৩)ইয়াত আপুনি আপোনাৰ ম'বাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব।
৪)ইয়াৰ পাছত আপুনি 'ডিলিট মাই একাউণ্ট'ত ক্লিক কৰিব লাগিব।
৫)এতিয়া আপুনি হোৱাটছএপ পুনৰ খুলি একাউণ্টটো পুনৰ সৃষ্টি কৰক।
৬)ইয়াৰ পাছতেই আপুনি আপোনাক ব্লক কৰা ব্যক্তিজনৰ সৈতে পুনৰ কথা পাতিব পাৰিব।

আৰু এটা আছে উপায় 

ইয়াত আপুনি আপোনাৰ বন্ধুৰ সহায় ল'ব লাগিব। আপুনি আপোনাৰ বন্ধুক এটা হোৱাটছএপ গ্ৰুপ গঠন কৰিবলৈ ক'ব লাগিব। যদি আপোনাৰ বন্ধুৱে আপোনাক ব্লক কৰা ব্যক্তিজনক ইয়াত এড কৰে তেন্তে তেওঁ আপুনি গ্ৰুপত দিয়া প্ৰতিটো মেছেজ লাভ কৰিব। হোৱাটছএপ গ্ৰুপত আপুনি ক'ব বিচৰা কথাখিনি ব্লক কৰি থোৱা ব্যক্তিজনক ক'ব পাৰিব। হয়তো আপোনাৰ মেছেজ পাই তেওঁৰ মন কুমলিবও পাৰে আৰু আপোনাক আনব্লক কৰিব পাৰে..গতিকে চেষ্টা নেৰিব। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ