--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যমৰ সাম্প্ৰতিক চৰিত্ৰ সৰ্বজনবিদিত। সংবাদ মাধ্যমৰ  নীতিনিষ্ঠ, নিৰপেক্ষ, নিৰ্ভীক আৰু গণতান্ত্ৰিক চৰিত্ৰ ত্যাগ কৰি বৰ্তমানৰ শাসকপক্ষৰ চাতুকাৰীতা কৰা মূলসূঁতিৰ ভাৰতীয় মিডিয়াই হেৰুৱাই পেলাইছে জনসাধাৰণৰ আস্থা। দেশৰ সকলো মৌলিক সমস্যাক একাষৰীয়া কৰি নিষ্পেষিত জনসাধাৰণৰ কণ্ঠ হোৱাতকৈ এতিয়াৰ সংবাদ মাধ্যম হৈ পৰিছে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মুখপাত্ৰ স্বৰূপ। শাসনত থকা বিজেপিৰ এজেণ্ডা আৰু প্ৰপাগাণ্ডা বিয়পোৱোৰ এক সূচল মাধ্যম হিচাপেহে পৰিগণিত হৈছে মূলসূঁতিৰ সংবাদ প্ৰতিষ্ঠান সমূহ। 

বিজেপিৰ হিন্দুত্ববাদৰ ধৰ্মীয় ৰাজনীতিৰ মুকলি প্ৰচাৰ কৰি দেশত সাম্প্ৰদায়িকতাবাদৰ অৱহাৱা সৃষ্টিত হাত উজান দিয়াত নামি পৰিছে এই সংবাদ প্ৰতিষ্ঠান সমূহে। এই টেলিভিচনৰ নিউজ চেনেলসমূহে আয়োজন কৰা অনুষ্ঠানসমূহত মুকলিকৈ ধৰ্মীয় বিভাজনৰ উচতনি যোগোৱা কাৰ্যপ্ৰণালী এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। এনে অনুষ্ঠানসমূহত একাংশ উগ্ৰ ধৰ্মীয় মত পোষণ কৰা নেতাক মাতি আনি বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰে ধৰ্মীয় বিষবাষ্প ছটিওৱাৰ এটা মাধ্যম হিচাপে এতিয়া নিজৰ চৰিত্ৰ নিৰূপিত কৰিছে মূলসূঁতিৰ ভাৰতীয় মিডিয়াই। মিডিয়াৰ এই ঘৃণনীয় আৰু নিকৃষ্ট চৰিত্ৰৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ পৰিছে দেশৰ সচেতন নাগৰিক। ভাৰতৰ সাংবিধানিক চৰিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই সংবাদ মাধ্যমসমূহৰ এই চৰিত্ৰৰ বিৰুদ্ধে এইবাৰ সমালোচনাত মুখৰ হৈ পৰিছে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়া।

এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াই বুধবাৰে এক বিবৃতি প্ৰকাশ কৰি টেলিভিচনৰ বাতৰি চেনেলসমূহক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়। টেলিভিচনৰ বাতৰি চেনেলসমূহে ইচ্ছাকৃতভাৱে দুৰ্বল সম্প্ৰদায়ক লক্ষ্য কৰি ঘৃণামূলক ভাষণৰ ব্যৱহাৰেৰে এক সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰিছে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াই।

সংস্থাটোৰ সভাপতি সীমা মুস্তাফা, সাধাৰণ সম্পাদক সঞ্জয় কাপুৰ আৰু কোষাধ্যক্ষ অনন্ত নাথৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে যে কিছুমান ৰাষ্ট্ৰীয় বাতৰি চেনেলে ইচ্ছাকৃতভাৱে দেশৰ দুৰ্বল সম্প্ৰদায়সমূহক লক্ষ্য কৰি তেওঁলোকৰ বিশ্বাসৰ প্ৰতি ঘৃণা পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত যি দায়িত্বজ্ঞানহীন আচৰণ কৰিছে, ইয়াৰ বাবে ভাৰতীয় এডিটৰ্ছ গিল্ড যথেষ্ট মৰ্মাহত।  বিবৃতিটোত স্পষ্টকৈ কাৰো নাম উল্লেখ নকৰাকৈ শেহতীয়াকৈ বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাই পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা নিউজ চেনেলটোৰ সম্প্ৰচাৰিত অনুষ্ঠানৰ বিষয়েও উল্লেখ কৰে।

প্ৰফেট মহম্মদ বিতৰ্কক কেন্দ্ৰ কৰি ভাৰতে লাভ কৰা লজ্জাজনক কূটনৈতিক প্ৰতিক্ৰিয়াৰ কথা উল্লেখ কৰি এডিটৰ্ছ গিল্ডে কয় যে আশা কৰা মতেই কানপুৰত এক সাম্প্ৰদায়িক হিংসা হৈছিল আৰু শাসকীয় বিজেপি দলৰ মুখপাত্ৰসকলৰ এই মন্তব্যৰ বাবে বহুতো দেশৰ পৰা এনে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই দেশসমূহে মানৱ অধিকাৰ আৰু ধৰ্মীয় স্বতন্ত্ৰতাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ ওপৰতো সন্দেহৰ ভাৱ প্ৰকাশ কৰিছে। 

উল্লেখ্য যে কানপুৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে ১,০০০ জন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত প্ৰথমে ৫৫ গৰাকী অভিযুক্তৰ নাম সন্নিবিষ্ট কৰা হৈছিল আৰু এই আটাইকেইগৰাকী লোকেই আছিল মুছলমান সম্প্ৰদায়ৰ। কিন্তু ইয়াৰ পাছতে সমগ্ৰ ঘটনাটোৰ আঁৰত একাংশ হিন্দুত্ববাদী লোক জড়িত থকা বুলি প্ৰমাণ হোৱাৰ বাবে প্ৰশাসনে ঘটনাত জড়িত হিন্দু ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়। সামাজিক মাধ্যমত হিংসাত্মক পোষ্টৰ দ্বাৰা উচতনি যোগোৱা এজন বিজেপি নেতাকো মঙ্গলবাৰে গ্ৰেপ্তাৰ কৰা হয়। এডিটৰ্ছ গিল্ডে এই সাম্প্ৰদায়িক হিংসাৰ বাবে আংশিকভাৱে দূৰদৰ্শন অনুষ্ঠানসমূহকো দোষাৰোপ কৰে। 
এডিটৰ্ছ গিল্ডে কয় যে যদি কিছুমান টেলিভিচন চেনেলে ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ৰাষ্ট্ৰৰ সাংবিধানিক প্ৰতিশ্ৰুতিৰ লগতে ভাৰতীয় প্ৰেছ কাউন্সিলে অস্থিৰ সাম্প্ৰদায়িক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জাৰী কৰা সাংবাদিকতাৰ নৈতিকতা আৰু নিৰ্দেশনাৰ প্ৰতি সজাগ থাকিলহেঁতেন, তেতিয়া দেশৰ বাবে অস্বস্তিৰ সৃষ্টি কৰা এই লজ্জাজনক ঘটনা সংঘটিত নহ’লহেঁতেন। 

ৰাৱাণ্ডাৰ উদাহৰণ উল্লেখ কৰি এডিটৰ্ছ গিল্ডে লগতে কয় যে এই নিউজ চেনেলবোৰে দৰ্শক আৰু লাভ বৃদ্ধিৰ আশাত ‘ৰেডিঅ' ৰাৱাণ্ডা’ৰ নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। ৰেডিঅ’ ৰাৱাণ্ডাৰ উচতনিমূলক সম্প্ৰচাৰে আফ্ৰিকাৰ দেশখনত যি গণহত্যাৰ পৰিস্থিতি সৃষ্টি কৰিছিল, সেই আদৰ্শকে এতিয়া ভাৰতীয় টেলিভিচন নিউজ চেনেলসমূহেও গ্ৰহণ কৰিছে বুলি এডিটৰ্ছ গিল্ডে সোঁৱৰাই দিয়ে।

এই চেনেলসমূহে অবিৰতভাৱে বিভাজনমূলক আৰু সাম্প্ৰদায়িক তথা  ঘৃণনীয় মন্তব্যসমূহক বৈধতা প্ৰদান কৰি ৰাষ্ট্ৰৰ প্ৰয়োজনীয় আলোচনাক একাষৰীয়া কৰাৰ লগতে সম্প্ৰদায়সমূহৰ মাজত ব্যৱধান দূৰ কৰিছে বুলি অভিযোগ কৰি এডিটৰ্ছ গিল্ডে সম্প্ৰচাৰক আৰু সাংবাদিক সংস্থাসমূহক এই চেনেলবোৰৰ ওপৰত দৃষ্টি ৰাখি কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

সংবাদ মাধ্যমৰ প্ৰকৃত চৰিত্ৰ সোঁৱৰাই দি এডিটৰ্ছ গিল্ডে কয় যে সংবিধান আৰু আইন ব্যৱস্থা শক্তিশালী কৰাৰ মাধ্যম হিচাপেহে সংবাদ মাধ্যমক স্থান দিয়া হৈছে। এই দায়বদ্ধতাৰ পৰিৱৰ্তে দায়িত্বজ্ঞানহীনতাৰে দেশৰ সংবিধান আৰু আইনৰ ব্যৱস্থাটোৰ ক্ষতি সাধন নকৰিবলৈ সংবাদ মাধ্যমসমূহক সকীয়াই দিয়ে এডিটৰ্ছ গিল্ডে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ