--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেইবাখনো পাবৰ মালিক ভূপেন্দ্ৰ ৰঘুবংশী বিবাহিত আছিল আৰু তেওঁৰ সংসাৰত পত্নী আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। কিন্তু দুবছৰ আগতে ভূপেন্দ্ৰৰ বন্ধুত্ব হৈছিল ইতি তিৱাৰী নামৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে।

ডিজিটেল ডেস্কঃ হানীট্ৰেপিঙৰ ফান্দত পৰি এগৰাকী প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ীয়ে হেৰুৱালে নিজৰ জীৱন। এগৰাকী মহিলাৰ ব্লেকমেইলিঙত অতীষ্ঠ হৈ চৰম পন্থা গ্ৰহণ কৰিলে  ভূপেন্দ্ৰ ৰঘুবংশী নামৰ সুৰা ব্যৱসায়ীগৰাকীয়ে। এই ঘটনা ঘটিছে মধ্যপ্ৰদেশৰ ইন্দোৰত। সমগ্ৰ চহৰখনতে এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


কেইবাখনো পাবৰ মালিক ভূপেন্দ্ৰ ৰঘুবংশী বিবাহিত আছিল আৰু তেওঁৰ সংসাৰত পত্নী আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। কিন্তু দুবছৰ আগতে ভূপেন্দ্ৰৰ বন্ধুত্ব হৈছিল ইতি তিৱাৰী নামৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে। তেওঁ ইতিৰ প্ৰেমৰ চলনাত এনেদৰে আবদ্ধ হৈ পৰিল যে অৱশেষত ধ্বংসৰ মুখলৈ নিজে আগবাঢ়ি গ'ল।


ভূপেন্দ্ৰ ৰঘুবংশীৰ ৫ পৃষ্ঠাৰ ছুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইয়াত ইতি তিৱাৰীৰ নাম উল্লেখ আছে । তেওঁ লিখিছে যে ইতিয়ে মোক ভুৱা ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল।


তেওঁৰ পৰিয়ালৰ লোকে আৰক্ষীক জনোৱা মতে, যোৱা কেইদিনমানৰ পৰা ভূপেন্দ্ৰ মানসিক চাপত আছিল। কাৰো লগত বেছি কথা পতা নাছিল। মানসিক চাপৰ বাবে তেওঁ নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰিব পৰা নাছিল। তেওঁৰ তিনিখন পাব বন্ধ আছিল। পিছত তেওঁ এখন ৰেষ্টুৰেণ্টো খুলিলে। সেয়াও বন্ধ হৈ গ’ল। ঋণৰ বাবেও তেওঁ বৰ অশান্তি পাইছিল।


আৰক্ষীয়ে তদন্তত পোহৰলৈ আহিল যে ভূপেন্দ্ৰই দুবছৰ পূৰ্বে ক্লাবত ইতিক লগ পাইছিল। ইতিয়ে প্ৰথমে ভূপেন্দ্ৰৰ লগত বন্ধুত্ব কৰি তাৰ পিছত প্ৰেমৰ জালত ফচাই ব্লেকমেইলিং কৰিবলৈ ধৰিলে। পিছত ইতিয়ে তেওঁক ভুৱা ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰে। অৱশেষত ভূপেন্দ্ৰই আত্মহত্যা কৰিবলৈ বাধ্য হয়। 


পাঁচ পৃষ্ঠাৰ ছুইচাইড নোটত ভূপেন্দ্ৰই লিখিছে- ''ইতিৰ লগত দুবছৰ আগতে বন্ধুত্ব গঢ়ি উঠিছিল। প্ৰথম অৱস্থাত আমাৰ মাজত সকলো ঠিকেই চলি আছিল। ইতিৰ সকলো খৰচ মই বহন কৰিছিলোঁ। তাই মোক নতুনকৈ গাড়ী এখন কিনিবলৈও দাবী কৰিছিল। মই গাড়ী কিনিবলৈ মান্তি হৈছিলোঁ, কিন্তু তাৰ পিছত নাকচ কৰিলোঁ। তাৰপাছত তাই মোক ধৰ্ষণৰ গোচৰত ফচোৱাৰ ভাবুকি দিয়ে। মই ইতিক ২৫ লাখ টকা দিছিলোঁ, আইফোন-১৭, এটা ফ্লেট আৰু এখন গাড়ী কিনি দিছিলোঁ। তাইৰ স্বামীয়েও আমাৰ কথা জানিছিল। ইতিয়ে মোৰ লগত সকলোৰে সন্মুখত কাজিয়া কৰিছিল। তাই মোৰ দুয়োটা মোবাইল গাড়ীৰ তলত থৈ ভাঙি পেলাইছিল । তাই মোক সকলো সময়তে অপমান কৰিছিল। মোৰ মৃত্যুৰ পিছত মোৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীক কোনেও অশান্তি দিব নালাগে। মোৰ বন্ধুসকলে ইতিৰ বিষয়ে সকলো জানে।''


আৰক্ষীয়ে এই বিষয়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো