--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেইবাখনো পাবৰ মালিক ভূপেন্দ্ৰ ৰঘুবংশী বিবাহিত আছিল আৰু তেওঁৰ সংসাৰত পত্নী আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। কিন্তু দুবছৰ আগতে ভূপেন্দ্ৰৰ বন্ধুত্ব হৈছিল ইতি তিৱাৰী নামৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে।

ডিজিটেল ডেস্কঃ হানীট্ৰেপিঙৰ ফান্দত পৰি এগৰাকী প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ীয়ে হেৰুৱালে নিজৰ জীৱন। এগৰাকী মহিলাৰ ব্লেকমেইলিঙত অতীষ্ঠ হৈ চৰম পন্থা গ্ৰহণ কৰিলে  ভূপেন্দ্ৰ ৰঘুবংশী নামৰ সুৰা ব্যৱসায়ীগৰাকীয়ে। এই ঘটনা ঘটিছে মধ্যপ্ৰদেশৰ ইন্দোৰত। সমগ্ৰ চহৰখনতে এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


কেইবাখনো পাবৰ মালিক ভূপেন্দ্ৰ ৰঘুবংশী বিবাহিত আছিল আৰু তেওঁৰ সংসাৰত পত্নী আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। কিন্তু দুবছৰ আগতে ভূপেন্দ্ৰৰ বন্ধুত্ব হৈছিল ইতি তিৱাৰী নামৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে। তেওঁ ইতিৰ প্ৰেমৰ চলনাত এনেদৰে আবদ্ধ হৈ পৰিল যে অৱশেষত ধ্বংসৰ মুখলৈ নিজে আগবাঢ়ি গ'ল।


ভূপেন্দ্ৰ ৰঘুবংশীৰ ৫ পৃষ্ঠাৰ ছুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইয়াত ইতি তিৱাৰীৰ নাম উল্লেখ আছে । তেওঁ লিখিছে যে ইতিয়ে মোক ভুৱা ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল।


তেওঁৰ পৰিয়ালৰ লোকে আৰক্ষীক জনোৱা মতে, যোৱা কেইদিনমানৰ পৰা ভূপেন্দ্ৰ মানসিক চাপত আছিল। কাৰো লগত বেছি কথা পতা নাছিল। মানসিক চাপৰ বাবে তেওঁ নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰিব পৰা নাছিল। তেওঁৰ তিনিখন পাব বন্ধ আছিল। পিছত তেওঁ এখন ৰেষ্টুৰেণ্টো খুলিলে। সেয়াও বন্ধ হৈ গ’ল। ঋণৰ বাবেও তেওঁ বৰ অশান্তি পাইছিল।


আৰক্ষীয়ে তদন্তত পোহৰলৈ আহিল যে ভূপেন্দ্ৰই দুবছৰ পূৰ্বে ক্লাবত ইতিক লগ পাইছিল। ইতিয়ে প্ৰথমে ভূপেন্দ্ৰৰ লগত বন্ধুত্ব কৰি তাৰ পিছত প্ৰেমৰ জালত ফচাই ব্লেকমেইলিং কৰিবলৈ ধৰিলে। পিছত ইতিয়ে তেওঁক ভুৱা ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰে। অৱশেষত ভূপেন্দ্ৰই আত্মহত্যা কৰিবলৈ বাধ্য হয়। 


পাঁচ পৃষ্ঠাৰ ছুইচাইড নোটত ভূপেন্দ্ৰই লিখিছে- ''ইতিৰ লগত দুবছৰ আগতে বন্ধুত্ব গঢ়ি উঠিছিল। প্ৰথম অৱস্থাত আমাৰ মাজত সকলো ঠিকেই চলি আছিল। ইতিৰ সকলো খৰচ মই বহন কৰিছিলোঁ। তাই মোক নতুনকৈ গাড়ী এখন কিনিবলৈও দাবী কৰিছিল। মই গাড়ী কিনিবলৈ মান্তি হৈছিলোঁ, কিন্তু তাৰ পিছত নাকচ কৰিলোঁ। তাৰপাছত তাই মোক ধৰ্ষণৰ গোচৰত ফচোৱাৰ ভাবুকি দিয়ে। মই ইতিক ২৫ লাখ টকা দিছিলোঁ, আইফোন-১৭, এটা ফ্লেট আৰু এখন গাড়ী কিনি দিছিলোঁ। তাইৰ স্বামীয়েও আমাৰ কথা জানিছিল। ইতিয়ে মোৰ লগত সকলোৰে সন্মুখত কাজিয়া কৰিছিল। তাই মোৰ দুয়োটা মোবাইল গাড়ীৰ তলত থৈ ভাঙি পেলাইছিল । তাই মোক সকলো সময়তে অপমান কৰিছিল। মোৰ মৃত্যুৰ পিছত মোৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীক কোনেও অশান্তি দিব নালাগে। মোৰ বন্ধুসকলে ইতিৰ বিষয়ে সকলো জানে।''


আৰক্ষীয়ে এই বিষয়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ