--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰহস্যৰে ভৰা এণ্টাৰ্কটিকাৰ গৰ্ভত কি আছে? এই প্ৰশ্নৰ উত্তৰ পাবলৈ বিজ্ঞানীসকলে নিৰন্তৰ অধ্যয়ন চলাই গৈছে। এণ্টাৰ্কটিকাৰ বৰফৰ পৃষ্ঠৰ তলত, এটা ভূগৰ্ভস্থ নদী আৰু  এটা অন্ধকাৰ গুহা আছে বুলি বিজ্ঞানীসকলে জানিব পাৰিছে। সেই গুহাটোত কেতবোৰ  সৰু সৰু জন্তুৱে বাস  কৰি আছে বুলিও ,যিবোৰ দেখিবলৈ মিছামাছৰ দৰে । এনে প্ৰাণী পৃথিৱীৰ আন ঠাইত বিজ্ঞানীসকলে কেতিয়াও দেখা নাই বুলি প্ৰকাশ কৰিছে।

বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ পূব উপকূলৰ সৈতে সংলগ্ন লাৰ্চেন আইচ শ্বেল্ফৰ তলত এই বিচিত্ৰ পৃথিৱী খনৰ সন্ধান লাভ কৰিছে।

 লাৰ্চেন আইচ শ্বেল্ফ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ আইচবাৰ্গ। এই আইচবাৰ্গটো ২০২১ চনত ভাঙি পৰিছিল। গৱেষকৰ দলটোৱে বৰফৰ পৃষ্ঠত ১৬৪০ ফুট অৰ্থাৎ প্ৰায় ৫০০ মিটাৰ ড্ৰিল কৰিছিল। তেওঁলোকে ড্ৰিল কৰোতে ব্যৱহাৰ কৰা পাইপৰ সৈতে এটা কেমেৰা আছিল। কেমেৰাটোত এণ্টাৰ্কটিকাৰ ৫০০ মিটাৰ তলত ইয়াত শ শ জলজ প্ৰাণীৰ ছবি বন্দী হৈছে।

ইমান শীতল ঠাইৰ তলত এনেদৰে জীৱই বিচৰণ কৰি থকাৰ কথাই বিজ্ঞানীসকলক বিস্মিত কৰি তুলিছে।
এই অভিযানত ভাগ লোৱা বিজ্ঞানী ক্ৰেগ ষ্টিভেনছে  কয় যে এণ্টাৰ্কটিকাৰ  ইমান গভীৰতাতো এক গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰ থকাৰ কথাটো সঁচাকৈ কেতিয়াও ভাবিব নোৱাৰা ধৰণৰ কথা।

বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে এণ্টাৰ্কটিকাৰ তলত নদী আৰু হ্ৰদ আছে। অৱশ্যে, এতিয়ালৈকে এই বিষয়ে কোনো নিৰ্দিষ্ট অধ্যয়ন কৰা হোৱা নাই। বৰফৰ পৃষ্ঠৰ তলত নদীত জীৱন বিচাৰি পোৱাটোও এটা গুৰুত্বপূৰ্ণ সাফল্য হিচাবে বিবেচিত হৈছে। গ্লেচিঅ'লজিষ্ট আৰু গৱেষণাটো মুখ্য গৱেষক হিউ হৰ্গানে কয়  যে এই নদীখন পৰ্যবেক্ষণ কৰিলে এণ্টাৰ্কটিকাৰ তলত  এখন সুকীয়া  পৃথিৱী বিচাৰি পোৱা যেন অনুভৱ হয়। 

গৱেষকৰ দলটোৱে প্ৰথমে  উপগ্ৰহ ছবিৰ পৰা গম পাইছিল যে এণ্টাৰ্কচিকাৰ  পৃষ্ঠৰ তলত এখন নদী আছে। উল্লেখ্য এণ্টাৰ্কটিকাৰ বৰফৰ তিনি শতাংশই পেংগুইনৰ মূত্ৰৰে গঠিত ।বৰফেৰে ভৰি থকা এণ্টাৰ্কটিকাৰ বৰফৰ ৩ শতাংশই সৃষ্টি হৈছে মেৰু প্ৰদেশৰ বাসিন্দা পেংগুইনৰ প্ৰস্রাৱৰ পৰা। আচৰিত যেন লাগিলেও এয়া সম্পূৰ্ণ সঁচা কথা।

পেংগুইনৰ সৈতে সহাৱস্থান কৰি থকা বিজ্ঞানী সকলে প্ৰাণী বিধৰ কেতবোৰ ৰোমাঞ্চকৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।অত্যধিক শীতৰ বাবে পেংগুইনে কৰা প্ৰস্রাৱ দেহৰ বাহিৰৰ পৰিবেশ পোৱাৰ লগে লগে বৰফলৈ ৰূপান্তৰিত হয়।

সেয়ে পেংগুইনে যেতিয়া প্ৰস্রাৱ কৰে তেতিয়া সেই প্ৰস্রাৱ কেতিয়াও বৈ যাব নোৱাৰে।
এনেদৰে হাজাৰ হাজাৰ বছৰ ধৰি পেংগুইনৰ প্ৰস্রাৱৰ পৰা হোৱা বৰফ লগ লাগি এণ্টাৰ্কটিকাৰ প্ৰায় তিনি শতাংশ বৰফৰ সৃষ্টি হৈছে।

পেংগুইনৰ প্ৰস্রাৱৰ পৰা সৃষ্টি হোৱা বৰফৰ বৰণ ঈষৎ হালধীয়া হয় বুলি বহুতে কৈ আহিছে।
এণ্টাৰ্কটিকাৰ বৰফ উত্তাপত গলি যোৱা অথবা ভাপ হৈ উৰি যোৱাৰো কোনো সম্ভাৱনা নথকাৰ বাবেই যুগ-যুগান্তৰ ধৰি তাত পেংগুইনৰ প্ৰস্রাৱ বৰফৰ ৰুপতে সঞ্চিত হৈ ৰৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান