--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাইক্ৰ’ছফ্ট আৰু এপল। বিশ্বৰ বজাৰত এই দুটা প্ৰতিযোগী আই টি কোম্পানীও বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী দুটা। কিন্তু প্ৰায় ২৭ বছৰ পূৰ্বে ষ্টিভ জবছৰ এপল সংকটত ডুব যোৱাৰ পৰা ৰক্ষা কৰিছিল বিল গেটছৰ মাইক্ৰ’ছফটে।

এপলৰ মূৰৰ পৰা ঋণৰ বোজা আঁতৰোৱাত সহায় কৰে মাইক্ৰ’চ’ফটে। সেই সময়ত মাইক্ৰ’ছফটে সহায়ৰ হাত আগ নবঢ়োৱা হ’লে, তেন্তে বছৰ বছৰ ধৰি উন্নত মোবাইল আৰু লেপটপ নিৰ্মাণ কৰাটো দূৰৰ কথা, এপলে এদিন মূৰ তুলিব নোৱাৰিলেহেঁতেন।

মাইক্ৰ’ছফ্ট আৰু এপল - এই দুটা কোম্পানীয়ে এবছৰৰ ভিতৰতে আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰে। ১৯৭৫ চনৰ ৪ এপ্ৰিলত প্ৰতিষ্ঠা কৰা হৈছিল মাইক্ৰ’ছফ্ট। আনহাতে, ১৯৭৬ চনৰ ১ এপ্ৰিলত এপলৰ সৃষ্টি হৈছিল।

কম সময়ৰ ভিতৰতে দুয়োটা আই টি কোম্পানীয়ে বজাৰত সুনাম গঢ়ি তুলিছিল। ইয়াৰ পিছত তেওঁলোকৰ এক নম্বৰ হোৱাৰ দৌৰ আৰম্ভ হ’ল। শীৰ্ষত উপনীত হোৱাৰ অভিযানত দুয়োটা সংগঠনে ইটোৱে সিটোৰ প্ৰতি ভ্ৰুকুটিও কৰিবলৈ এৰা নাছিল। ইজনে সিজনৰ লগত আইনী বিবাদতো জড়িত হৈ পৰিছিল সংগঠন দুটা।

কিন্তু তাৰ পিছতো মাইক্ৰ’ছফ্টেই এপলক ৰক্ষা কৰিছিল। সৰু, কম জটিল আৰু কম খৰচী কম্পিউটাৰ নিৰ্মাণৰ লক্ষ্যৰে ১৯৭৬ চনত এপলে বজাৰত প্ৰৱেশ কৰে। মাত্ৰ চাৰি বছৰতে অৰ্থাৎ ১৯৮০ চনত এই কোম্পানীটোৱে বিশ্বৰ অন্যতম স্বীকৃতিপ্ৰাপ্ত কোম্পানী হিচাপে আত্মপ্ৰকাশ কৰে।

এপলৰ নামকৰণৰ আঁৰৰ মূল মগজু আছিল জবছ। কিন্তু কোম্পানীটোৰ ব’ৰ্ড আৰু তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জন স্কালিৰ সৈতে দীৰ্ঘদিনীয়া ক্ষমতাৰ সংগ্ৰামৰ অন্তত ১৯৮৫ চনত জবছে এপল এৰি দিয়ে। ইয়াৰ পিছত এপল ভাঙি পৰিল। নতুন প্ৰযুক্তি সৃষ্টি কৰাত ব্যৰ্থ হ’ল। একে সময়তে সেই কোম্পানীটোৱে কৰা কম্পিউটাৰটোৰ বিষয়ে ইটোৰ পিছত সিটো অভিযোগ আহিল।

১৯৮৬ চনৰ শেষলৈকে বৰ্তমানৰ বজাৰ মূল্যত এপলে বজাৰত সাত হাজাৰ কোটি টকাৰো অধিক লোকচান কৰিছিল। কোম্পানীটোৱে দেউলীয়া হোৱাৰ সীমাত উপনীত হ’ল। তেতিয়াই মাইক্ৰ’ছফটে এপলক উদ্ধাৰ কৰিবলৈ আহিছিল। মাইক্ৰ’ছফটে ৰাতিটোৰ ভিতৰতে এপলৰ হাজাৰ হাজাৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। গেটছেও এই শ্বেয়াৰ তিনি বছৰ ধৰি ৰাখি বিক্ৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই হিচাপে ২০০৩ চনত গেটছে এই শ্বেয়াৰ বিক্ৰী কৰিছিল।

কিন্তু গেটছ এপলৰ প্ৰতি ইমান উদাৰ কিয় আছিল? বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এপলে পূৰ্বতে মাইক্ৰ’ছফ্টৰ বিৰুদ্ধে ধনৰ বিনিময়ত এটা গোচৰ উঠাই লৈছিল। আৰু সেইবাবেই গেটছ এপলৰ ত্ৰাণকৰ্তা হিচাপে আবিৰ্ভাৱ হৈছিল।

আকৌ বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গেটছে এপলক নিজৰ আখেজ পুৰাবলৈকে সহায় কৰিছিল। টকাৰে শ্বেয়াৰ ক্ৰয় কৰাৰ পৰিৱৰ্তে গেটছে গেটছৰ মাইক্ৰ’ছফ্ট কোম্পানীৰ চাৰ্চ ইঞ্জিন ইন্টাৰনেট এক্সপ্ল’ৰাৰক এপলৰ কম্পিউটাৰত লগাবলৈ চেষ্টা কৰিছিল।

আৰু কিছুমান মানুহৰ মতে দীৰ্ঘদিন ধৰি "আমেৰিকান ন্যায় বিভাগে" গেটছৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰি আছিল। তেওঁলোকে দাবী কৰিছিল যে ‘ইণ্টাৰনেট এক্সপ্ল’ৰাৰ’ বিনামূলীয়াকৈ আৰম্ভ কৰা হৈছিল আই টি বজাৰত একচেটিয়া অধিকাৰ কৰি আন এটা প্ৰতিদ্বন্দ্বী কোম্পানী নেটস্কেপক ভাঙি পেলোৱাৰ বাবে।

‘আমেৰিকান ন্যায় বিভাগে’ মাইক্ৰ’ছফ্টৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰাৰ খবৰটোও গেটছৰ লগত আছিল। মাইক্ৰ’ছফটে যে বজাৰ একচেটিয়া কৰিবলৈ চেষ্টা কৰা নাই সেই কথা প্ৰমাণ কৰিবলৈ গেটছে এপলত ধন ঢালি দিলে।

১৯৯৭ চনত জবছে এপললৈ ঘূৰি আহে। এপলে পুনৰ সফলতাৰ জখলা বগাবলৈ আৰম্ভ কৰিলে। জবছে এবাৰ কোম্পানীটোৰ এটা অনুষ্ঠানত এপলক দেউলীয়া হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে গেটছক ধন্যবাদ জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ