--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য সতীৰ্থ ঈশান কিষাণৰ। আইপিএলৰ মেগা সংস্কৰণত একেৰাহে ৪খন মেচত পৰাজিত হোৱাৰ পাছত মুম্বাই ইণ্ডিয়ানছ এতিয়া পইণ্ট তালিকাৰ নৱম স্থানত আছে। পাঁচবাৰৰ খিতাপ বিজয়ী দলটোত ৰোহিত শৰ্মাৰ গুৰুত্ব যে অপৰিসীম সেয়া সকলোৰে অৱগত। মুম্বাই ইণ্ডিয়ানছে আইপিএল ২০২১ ত প্লে-অফত উপনীত হ'ব নোৱাৰিলে। বিগত বৰ্ষৰ ভুলবোৰ শুধৰাই এইবাৰ অধিনায়ক ৰোহিত শৰ্মাই কেতবোৰ পৰিকল্পনাৰে অৱতীৰ্ণ হৈছিল খেলপথাৰত। কিন্তু একেৰাহে ৩খন মেচত পৰাজিত হোৱাৰ পাছত, সেই আশা এতিয়া মুম্বাই ইণ্ডিয়ানছৰ বাবে সপোন সপোন যেন হৈ পৰা দেখা গৈছে!

এনে মুহূৰ্ততে মুম্বাইৰ আটাইতকৈ সফল অধিনায়কগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে ঈশান কিষাণে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক্ৰিকেটাৰজনে কয়, ‘ খং উঠিলে গালি পাৰে অধিনায়ক ৰোহিত শৰ্মাই। বিশেষকৈ খেলপথাৰত কোনো কাৰণত কাৰো ওপৰত ৰোহিত অসন্তুষ্ট হ’লে গালি অনিবাৰ্য।’

তেওঁ কেতিয়াবা ৰোহিতৰ ৰোষত পৰিছে নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰে। ঈশানৰ স্পষ্টমত, মুম্বাই ইণ্ডিয়ানছত অভিষেক ঘটা প্ৰথমটো বৰ্ষতে মই ৰোহিতৰ ৰোষত পৰিছিলো। ৱাংখেড়ে ষ্টেডিয়ামত মেচ খেলিছিলো আমি। নতুন বলটো পুৰণি কৰিবলগীয়া হৈছিল। মই ভাবিছিলো যে বলটো পথাৰৰ ঘাঁহনিত ঘূৰাই দিলে হয়তো পলিছটো উঠি যাব। গতিকে মই বলটো খেলপথাৰত ভালদৰে ঘঁহি ৰোহিত ভাইৰ হাতত দিছিলো। তাৰ পাছতে, ৰোহিতৰ তীক্ষ্ণ প্ৰশ্নবাণৰ সন্মুখীন হ’বলগীয়া হৈছিল মই। কিয়নো সেই সময়ত খেলপথাৰত যথেষ্ট নিয়ৰ পৰিছিল আৰু বলটো তিতি গৈছিল। সেয়েহে বলাৰসকলৰ বাবে বল গ্ৰিপ কৰাটো কঠিন হৈ পৰিছিল।’

ঈশানে লগতে কয়, ‘ৰোহিত ভাইৰ খুব খং উঠিছিল আৰু তেওঁ মোক গালি পাৰিছিল। তাৰপাছত তেওঁ নিজৰ টাৱেলখন উলিয়াই বলটো মচিছিল।’ ঈশানৰ এই মন্তব্যৰ পাছতে সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰোহিত শৰ্মা। ঈশানৰ এই মন্তব্য ইতিমধ্যে বিভিন্ন মাধ্যমত শ্বেয়াৰো হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত