--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য সতীৰ্থ ঈশান কিষাণৰ। আইপিএলৰ মেগা সংস্কৰণত একেৰাহে ৪খন মেচত পৰাজিত হোৱাৰ পাছত মুম্বাই ইণ্ডিয়ানছ এতিয়া পইণ্ট তালিকাৰ নৱম স্থানত আছে। পাঁচবাৰৰ খিতাপ বিজয়ী দলটোত ৰোহিত শৰ্মাৰ গুৰুত্ব যে অপৰিসীম সেয়া সকলোৰে অৱগত। মুম্বাই ইণ্ডিয়ানছে আইপিএল ২০২১ ত প্লে-অফত উপনীত হ'ব নোৱাৰিলে। বিগত বৰ্ষৰ ভুলবোৰ শুধৰাই এইবাৰ অধিনায়ক ৰোহিত শৰ্মাই কেতবোৰ পৰিকল্পনাৰে অৱতীৰ্ণ হৈছিল খেলপথাৰত। কিন্তু একেৰাহে ৩খন মেচত পৰাজিত হোৱাৰ পাছত, সেই আশা এতিয়া মুম্বাই ইণ্ডিয়ানছৰ বাবে সপোন সপোন যেন হৈ পৰা দেখা গৈছে!

এনে মুহূৰ্ততে মুম্বাইৰ আটাইতকৈ সফল অধিনায়কগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে ঈশান কিষাণে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক্ৰিকেটাৰজনে কয়, ‘ খং উঠিলে গালি পাৰে অধিনায়ক ৰোহিত শৰ্মাই। বিশেষকৈ খেলপথাৰত কোনো কাৰণত কাৰো ওপৰত ৰোহিত অসন্তুষ্ট হ’লে গালি অনিবাৰ্য।’

তেওঁ কেতিয়াবা ৰোহিতৰ ৰোষত পৰিছে নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰে। ঈশানৰ স্পষ্টমত, মুম্বাই ইণ্ডিয়ানছত অভিষেক ঘটা প্ৰথমটো বৰ্ষতে মই ৰোহিতৰ ৰোষত পৰিছিলো। ৱাংখেড়ে ষ্টেডিয়ামত মেচ খেলিছিলো আমি। নতুন বলটো পুৰণি কৰিবলগীয়া হৈছিল। মই ভাবিছিলো যে বলটো পথাৰৰ ঘাঁহনিত ঘূৰাই দিলে হয়তো পলিছটো উঠি যাব। গতিকে মই বলটো খেলপথাৰত ভালদৰে ঘঁহি ৰোহিত ভাইৰ হাতত দিছিলো। তাৰ পাছতে, ৰোহিতৰ তীক্ষ্ণ প্ৰশ্নবাণৰ সন্মুখীন হ’বলগীয়া হৈছিল মই। কিয়নো সেই সময়ত খেলপথাৰত যথেষ্ট নিয়ৰ পৰিছিল আৰু বলটো তিতি গৈছিল। সেয়েহে বলাৰসকলৰ বাবে বল গ্ৰিপ কৰাটো কঠিন হৈ পৰিছিল।’

ঈশানে লগতে কয়, ‘ৰোহিত ভাইৰ খুব খং উঠিছিল আৰু তেওঁ মোক গালি পাৰিছিল। তাৰপাছত তেওঁ নিজৰ টাৱেলখন উলিয়াই বলটো মচিছিল।’ ঈশানৰ এই মন্তব্যৰ পাছতে সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰোহিত শৰ্মা। ঈশানৰ এই মন্তব্য ইতিমধ্যে বিভিন্ন মাধ্যমত শ্বেয়াৰো হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ