--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয়ৰ ক'লা হীৰা কয়লা কেলেংকাৰিৰ প্ৰসংগই আদালতৰ মজিয়া পোৱাৰ সময়তে শেহতীয়াকৈ এই কেলেংকাৰিকলৈ সৰৱ হৈ পৰিছে ৰাজ্য খনৰ বিৰোধী দলৰ নেতা মুকুল চাংমা। চাংমাই উত্থাপন কৰা কয়লা কেলেংকাৰীৰ প্ৰসংগটো একপ্ৰকাৰ নস্যাৎ কৰি ৰাজ্য খনৰ উপ মুখ্যমন্ত্ৰী তথা এনপিপিৰ নেতা প্ৰেষ্টেন টিনচঙে বিৰোধী দলপতি মুকুল চাংমাক ৰাজ্যখনত ঘটা কয়লা কেলেংকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ প্ৰত্যাহ্বান জনাইছে।

 কয়লা কেলেংকাৰী সন্দৰ্ভত বিৰোধী দলপতি মুকুল চাংমাৰ দাবীক একাষৰীয়া কৰি থৈ  উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙে বিৰোধী দলৰ নেতা মুকুল চাংমাৰ লগতে কয়লা কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা আন সকলক আইনী ব্যৱস্থা গ্ৰহণৰ জৰিয়তে বিষয়টো স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনায়।

প্ৰেষ্টনে কয় যে অভিযোগবোৰ সাদায় প্ৰমাণৰ ওপৰত আধাৰিত হ'ব লাগে, মানুহে কেৱল সংবাদ মাধ্যমত অভিযোগ উত্থাপন কৰিব নালাগে, নিজেও গভীৰভাৱে বিষয়বোৰ অনুসন্ধান কৰিব লাগে। তেওঁ লগতে কয় যে দেশত যিকোনো অনিয়মৰ তদন্ত কৰিবলৈ  স্বতন্ত্ৰ কৰ্তৃপক্ষ আছে, সেয়া চিবিআই হওঁক, আন কোনো কেন্দ্ৰীয় সংস্থাই হওঁক বা ৰাজ্যিক সংস্থাই হওঁক। তেনে সংস্থাৰ দ্বাৰাই মেঘালয়ৰ কয়লা কেলেংকাৰিৰ তদন্ত হ'লে , সকলোৰে সন্দেহ দূৰ হ'ব বুলি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

 উল্লেখ্য মেঘালয়ত অবৈধ কয়লা খননৰ অভিযোগ উঠি থকাৰ মাজতে চলিত বৰ্ষৰ ৯ মাৰ্চত মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্য খনৰ  মুখ্য সচিবক অবৈধ কয়লা খননৰ কাৰ্যকলাপ একেবাৰে বন্ধ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।ন্যায়ালয়ে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা আৰু পৰামৰ্শ সমূহ নিৰীক্ষণ কৰাৰ অৰ্থে ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত এখন সমিতি গঠন কৰিবলৈও কৈছিল। মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া পূৰ্ণ বিচাৰপীঠে মুখ্য সচিব আৰ ভি চুচিয়াংক এই বিষয়ততাৎক্ষণিক পদক্ষেপ ল'বলৈ কৈছিল।

কেৱল খলিহৰিয়াট অঞ্চলৰ চাৰিওফালে হোৱা অবৈধ কয়লা খনন বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও আদালতে কৈছিল। মেঘালয়ত পৰম্পৰাগত ভাবে 'ৰেট হোল' পদ্ধতিৰে অবৈধ কয়লাৰ খনন চলি থকা বুলি বিভিন্ন সময়ত অভিযোগ উঠি আহিছে।  ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ২০১৪ চনৰ এপ্ৰিল মাহতে মেঘালয়ত ৰেট হোল' পদ্ধতিৰে চলা অবৈধ কয়লাৰ খনন নিষিদ্ধ ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক