--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয়ৰ ক'লা হীৰা কয়লা কেলেংকাৰিৰ প্ৰসংগই আদালতৰ মজিয়া পোৱাৰ সময়তে শেহতীয়াকৈ এই কেলেংকাৰিকলৈ সৰৱ হৈ পৰিছে ৰাজ্য খনৰ বিৰোধী দলৰ নেতা মুকুল চাংমা। চাংমাই উত্থাপন কৰা কয়লা কেলেংকাৰীৰ প্ৰসংগটো একপ্ৰকাৰ নস্যাৎ কৰি ৰাজ্য খনৰ উপ মুখ্যমন্ত্ৰী তথা এনপিপিৰ নেতা প্ৰেষ্টেন টিনচঙে বিৰোধী দলপতি মুকুল চাংমাক ৰাজ্যখনত ঘটা কয়লা কেলেংকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ প্ৰত্যাহ্বান জনাইছে।

 কয়লা কেলেংকাৰী সন্দৰ্ভত বিৰোধী দলপতি মুকুল চাংমাৰ দাবীক একাষৰীয়া কৰি থৈ  উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙে বিৰোধী দলৰ নেতা মুকুল চাংমাৰ লগতে কয়লা কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা আন সকলক আইনী ব্যৱস্থা গ্ৰহণৰ জৰিয়তে বিষয়টো স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনায়।

প্ৰেষ্টনে কয় যে অভিযোগবোৰ সাদায় প্ৰমাণৰ ওপৰত আধাৰিত হ'ব লাগে, মানুহে কেৱল সংবাদ মাধ্যমত অভিযোগ উত্থাপন কৰিব নালাগে, নিজেও গভীৰভাৱে বিষয়বোৰ অনুসন্ধান কৰিব লাগে। তেওঁ লগতে কয় যে দেশত যিকোনো অনিয়মৰ তদন্ত কৰিবলৈ  স্বতন্ত্ৰ কৰ্তৃপক্ষ আছে, সেয়া চিবিআই হওঁক, আন কোনো কেন্দ্ৰীয় সংস্থাই হওঁক বা ৰাজ্যিক সংস্থাই হওঁক। তেনে সংস্থাৰ দ্বাৰাই মেঘালয়ৰ কয়লা কেলেংকাৰিৰ তদন্ত হ'লে , সকলোৰে সন্দেহ দূৰ হ'ব বুলি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

 উল্লেখ্য মেঘালয়ত অবৈধ কয়লা খননৰ অভিযোগ উঠি থকাৰ মাজতে চলিত বৰ্ষৰ ৯ মাৰ্চত মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্য খনৰ  মুখ্য সচিবক অবৈধ কয়লা খননৰ কাৰ্যকলাপ একেবাৰে বন্ধ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।ন্যায়ালয়ে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা আৰু পৰামৰ্শ সমূহ নিৰীক্ষণ কৰাৰ অৰ্থে ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত এখন সমিতি গঠন কৰিবলৈও কৈছিল। মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া পূৰ্ণ বিচাৰপীঠে মুখ্য সচিব আৰ ভি চুচিয়াংক এই বিষয়ততাৎক্ষণিক পদক্ষেপ ল'বলৈ কৈছিল।

কেৱল খলিহৰিয়াট অঞ্চলৰ চাৰিওফালে হোৱা অবৈধ কয়লা খনন বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও আদালতে কৈছিল। মেঘালয়ত পৰম্পৰাগত ভাবে 'ৰেট হোল' পদ্ধতিৰে অবৈধ কয়লাৰ খনন চলি থকা বুলি বিভিন্ন সময়ত অভিযোগ উঠি আহিছে।  ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ২০১৪ চনৰ এপ্ৰিল মাহতে মেঘালয়ত ৰেট হোল' পদ্ধতিৰে চলা অবৈধ কয়লাৰ খনন নিষিদ্ধ ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement