--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভেড়াই এগৰাকী মহিলাক আক্ৰমণ কৰাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। পাছত মহিলাগৰাকীয়ে মৃত্যুক সাৱটে। মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হয় ভেড়াটো। ইয়াৰ পাছত হত্যাৰ গোচৰত ভেড়াটোক গ্ৰেপ্তাৰ কৰা হয়। বিষয়টো আদালতত গৈ উপনীত হয়। য'ত ভেড়াটোক ৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হৈছে। 

এই ঘটনা সংঘটিত হৈছে দক্ষিণ চুডানৰ(South Sudan) ৰুম্বেক ইষ্ট কাউন্টিত। জানিব পৰা অনুসৰি মহিলাগৰাকীয়ে বাৰে বাৰে উঠিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক অনবৰতে ভেড়াটোৱে আঘাত কৰি আছিল। এই আক্ৰমণৰ বাবে তেওঁৰ কামিহাড় ভাঙি গৈছিল আৰু তেওঁৰ ফ্ৰেকচাৰো হৈছিল।  ভেড়াৰ আক্ৰমণৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈ মৃত্যুক সাবটে। মৃত মহিলাগৰাকীৰ নাম এডু চাপিং বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স আছিল ৪০ বছৰ। সম্প্ৰতি মালান হোক্কি পায়মৰ থানাৰ জিম্মাত আছে ভেড়াটো। 

আৰক্ষীয়ে কয় যে – মালিক নিৰ্দোষী। এই অপৰাধৰ বাবে ভেড়া নিজেই দায়ী। সেইবাবেই তাক গ্ৰেপ্তাৰ কৰা উচিত আছিল। কিন্তু মহিলাগৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত ভেড়াৰ মালিককো শাস্তি দিয়া হৈছে। জৰিমনা হিচাপে মৃতকৰ পৰিয়ালক ৫টা গৰু দিব লগা হৈছে ভেড়াৰ মালিকে। দক্ষিণ চুডানত ইয়াক ‘তেজৰ ক্ষতিপূৰণ’ বুলি কোৱা হয়। কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত ভেড়াটো ভুক্তভোগীৰ পৰিয়ালক দিয়া হ’ব বুলি অনুমান কৰা হৈছে। কাৰণ লেকছ ষ্টেটৰ আইন অনুসৰি যদি কোনো জন্তুৱে মানুহক হত্যা কৰে তেন্তে ক্ষতিপূৰণ হিচাপে ভুক্তভোগীৰ পৰিয়ালক জন্তুটো দি দিয়া হয়।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ