--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভেড়াই এগৰাকী মহিলাক আক্ৰমণ কৰাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। পাছত মহিলাগৰাকীয়ে মৃত্যুক সাৱটে। মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হয় ভেড়াটো। ইয়াৰ পাছত হত্যাৰ গোচৰত ভেড়াটোক গ্ৰেপ্তাৰ কৰা হয়। বিষয়টো আদালতত গৈ উপনীত হয়। য'ত ভেড়াটোক ৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হৈছে। 

এই ঘটনা সংঘটিত হৈছে দক্ষিণ চুডানৰ(South Sudan) ৰুম্বেক ইষ্ট কাউন্টিত। জানিব পৰা অনুসৰি মহিলাগৰাকীয়ে বাৰে বাৰে উঠিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক অনবৰতে ভেড়াটোৱে আঘাত কৰি আছিল। এই আক্ৰমণৰ বাবে তেওঁৰ কামিহাড় ভাঙি গৈছিল আৰু তেওঁৰ ফ্ৰেকচাৰো হৈছিল।  ভেড়াৰ আক্ৰমণৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈ মৃত্যুক সাবটে। মৃত মহিলাগৰাকীৰ নাম এডু চাপিং বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স আছিল ৪০ বছৰ। সম্প্ৰতি মালান হোক্কি পায়মৰ থানাৰ জিম্মাত আছে ভেড়াটো। 

আৰক্ষীয়ে কয় যে – মালিক নিৰ্দোষী। এই অপৰাধৰ বাবে ভেড়া নিজেই দায়ী। সেইবাবেই তাক গ্ৰেপ্তাৰ কৰা উচিত আছিল। কিন্তু মহিলাগৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত ভেড়াৰ মালিককো শাস্তি দিয়া হৈছে। জৰিমনা হিচাপে মৃতকৰ পৰিয়ালক ৫টা গৰু দিব লগা হৈছে ভেড়াৰ মালিকে। দক্ষিণ চুডানত ইয়াক ‘তেজৰ ক্ষতিপূৰণ’ বুলি কোৱা হয়। কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত ভেড়াটো ভুক্তভোগীৰ পৰিয়ালক দিয়া হ’ব বুলি অনুমান কৰা হৈছে। কাৰণ লেকছ ষ্টেটৰ আইন অনুসৰি যদি কোনো জন্তুৱে মানুহক হত্যা কৰে তেন্তে ক্ষতিপূৰণ হিচাপে ভুক্তভোগীৰ পৰিয়ালক জন্তুটো দি দিয়া হয়।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ