--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বন্দুক সংস্কৃতিৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গ’ল আমেৰিকা যুক্তৰাষ্ট্ৰত। কিছুদিন পূ্ৰ্বে দেশখনৰ বাফেলোৰ এখন মলত কিশোৰ বন্দুকধাৰীয়ে ১০ জনৰো অধিক কৃষ্ণাংগ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ সংঘটিত হ’ল আন এক ঘৃণনীয় ঘটনা। এইবাৰ দেশখনৰ টেক্সাছত সংঘটিত হ’ল বৰ্বৰ গুলীচালনা। আৰু এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ল একাংশ কণ কণ শিশুক। 

টেক্সাছৰ এখন প্ৰাথমিক বিদ্যালয়ত এজন বন্দুৰধাৰীয়ে নিৰ্বিচাৰ গুলীচালনাৰে ১৯টি শিশুক হত্যা কৰে। বন্ধুকধাৰীজনে দুগৰাকী শিক্ষকৰো প্ৰাণ কাঢ়ি লয় এই আক্ৰমণৰ ঘটনাত। মন কৰিবলগীয়া কথাটো এয়ে যে, এই আক্ৰমণকাৰীজন মাত্ৰ ১৮ বছৰীয়া এজন যুৱক আছিল। মঙলবাৰে তেওঁ ভয়ংকৰ ঘটনা সংঘটিত কৰে। তেওঁ আনকি নিজৰ আইতাকক হত্যা কৰে। এই নাৰকীয় কাণ্ডক লৈ সমগ্ৰ আমেৰিকাতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গান লবীৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণৰ বাবে দাবী কৰি জবাবদিহি কৰা হৈছে ৰাষ্ট্ৰপতি জো বাইডেনক।

উল্লেখ্য যে, এই আক্ৰমণ সংঘটিত কৰাৰ পাছতেই নিৰাপত্তাবাহিনীয়ে গুলীচালকজনকো ধৰাশায়ী কৰিবলৈ সক্ষম হয়। সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰা এই ঘটনাৰ পাছতে দেশখনত বন্দুকৰ ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোতপ কৰাৰ দাবী উত্থাপন কৰা হৈছে আৰু সকলোৱে উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াকৈ সঘনে সংঘটিত হৈ আহিছে এনে নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা। বাফেল’ কাণ্ডৰ পাছতে শেহতীয়াকৈ চিকাগোতে সংঘটিত হৈছিল মুকলিকৈ গুলীচালনাৰ ঘটনা। এই ঘটনাতো দুজন লোক নিহত হৈছিল। 

মঙলবাৰে টেক্সাছৰ বিদ্যালয়ত গুলীচালনা কৰা যুৱজন ১৮ বছৰীয়া ছালভাদোৰ ৰামোছ বুলি চিনাক্ত কৰা হৈছে। টেক্সাছৰ ৰোব প্ৰাথমিক বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত কৰে যুৱকজনে। হেণ্ডগান আৰু ৰাইফল লৈ অহা যুৱকজনে পৰিকল্পিতভাৱে ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছিল বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক উদ্দেশ্য কৰি।  এই গুলীচালনাত ১৯ টি শিশু আৰু দুগৰাকী শিক্ষকৰ মৃত্যু হৈছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ