--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'আইন বলৱৎকাৰী সঞ্চালকালয়ে (ইডি) 'সকলো সীমা চেৰাই গৈছে' আৰু চৰকাৰৰ ফেডাৰেল (যুক্তৰাষ্ট্ৰীয়) ধাৰণা উলংঘন কৰিছে।' উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে বৃহস্পতিবাৰে পুনৰ চৰকাৰৰ এই সংস্থাটোৰ কাম-কাজক কঠোৰ ভাষাৰে সমালোচনা কৰি এইদৰে কয়। সুৰাৰ বিপণীৰ লাইচেন্স অনুমোদনত দুর্নীতিৰ অভিযোগত তামিলনাডু চৰকাৰ চালিত সুৰাৰ খুচুৰা বিক্রেতা টাছমেকৰ বিৰুদ্ধে ই ডিয়ে চলোৱা ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ তদন্ত স্থগিত ৰখাৰ ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠখনে এই অভিমত প্রকাশ কৰে। 

তামিলনাডু চৰকাৰ আৰু তামিলনাডু ষ্টেট মার্কেটিং কর্প'ৰেশ্যন (টাছমেক)-এ দাখিল কৰা আৱেদনৰ ভিত্তিত ই ডিলৈ জাননী জাৰি কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গৱই আৰু ন্যায়াধীশ আগস্টিন জর্জ মাছিহে ই ডিৰ হৈ ন্যায়ালয়ত উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুক কয়, 'আপোনালোকৰ ই ডিয়ে সকলো সীমা চেৰাই গৈছে।' উল্লেখযোগ্য যে ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত ২০২৫ চনৰ ৬ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ ই ডিয়ে চেন্নাইত থকা টাছমেকৰ মুখ্য কাৰ্যালয়ত তালাচী চলাইছিল। ন্যায়ালয়ে এই সন্দৰ্ভত প্রশ্ন কৰে, 'আপোনালোকে কিদৰে ৰাজ্য-চালিত টাছমেকত তালাচী চলালে?' উচ্চতম ন্যায়ালয়ৰ পীঠে ই ডিৰ কাৰ্যব্যৱস্থা, বিশেষকৈ এটা নিগমৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ সিদ্ধান্তৰ ন্যায্যতাৰ বিষয়ে প্রশ্ন কৰে। পীঠে প্রশ্ন কৰে, 'কিদৰে আপোনালোকে এটা নিগমৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিব পাৰে? আপোনালোকে ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে, কিন্তু কিদৰে নিগমৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিলে?' 

ন্যায়ালয়ে উল্লেখ কৰে যে ই ডিয়ে ইতিমধ্যেই টাছমেকৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়াৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিছে, কিন্তু গোচৰটোত মূল অপৰাধৰ (প্রেডিকেট অফেন্স) বিষয়ে নীৰৱ হৈ আছে। পীঠে প্রশ্ন কৰে, 'মূল অপৰাধটো ক'ত?' যেতিয়া অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে মূল অপৰাধটো হৈছে ১০০০তকৈ অধিক কোটি টকাৰ দুৰ্নীতিৰ। ই'ডিয়ে 'কোনো ভুল কৰা নাই' বুলি ৰাজুৱে, দাবী কৰে। তেতিয়া পীঠে হস্তক্ষেপ কৰি কয়-ই ডিয়ে শেহতীয়াকৈ ইয়াৰ ক্ষমতাবোৰ চেৰাই গৈছে। ন্যায়ালয়ে কয়, 'আমি আকৌ কৈছোঁ। আপোনাৰ ই ডিয়ে সকলো সীমা চেৰাই গৈছে।' 

টাছমেক আৰু ইয়াৰ কৰ্মচাৰীৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু মুকুল ৰোহতাগীয়ে ন্যায়ালয়ক কয় যে যথাবিহিত প্ৰক্ৰিয়াৰ অবিহনে ম'বাইল ফ'নবোৰ ক্ল'ন কৰি তথা ব্যক্তিগত যন্ত্র-পাতিবোৰ জব্দ কৰি কেন্দ্ৰীয় সংস্থাটোৱে কৰ্মাধিকাৰৰ সীমা অতিক্ৰম কৰিছে। উল্লেখযোগ্য যে টাছমেকৰ বিৰুদ্ধে ই ডিৰ কাৰ্যব্যৱস্থালৈ সেউজ সংকেত দি যোৱা ২৩ এপ্রিলত মাদ্রাজ উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে তামিলনাডু চৰকাৰ আৰু টাছমেক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ