--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'আইন বলৱৎকাৰী সঞ্চালকালয়ে (ইডি) 'সকলো সীমা চেৰাই গৈছে' আৰু চৰকাৰৰ ফেডাৰেল (যুক্তৰাষ্ট্ৰীয়) ধাৰণা উলংঘন কৰিছে।' উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে বৃহস্পতিবাৰে পুনৰ চৰকাৰৰ এই সংস্থাটোৰ কাম-কাজক কঠোৰ ভাষাৰে সমালোচনা কৰি এইদৰে কয়। সুৰাৰ বিপণীৰ লাইচেন্স অনুমোদনত দুর্নীতিৰ অভিযোগত তামিলনাডু চৰকাৰ চালিত সুৰাৰ খুচুৰা বিক্রেতা টাছমেকৰ বিৰুদ্ধে ই ডিয়ে চলোৱা ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ তদন্ত স্থগিত ৰখাৰ ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠখনে এই অভিমত প্রকাশ কৰে। 

তামিলনাডু চৰকাৰ আৰু তামিলনাডু ষ্টেট মার্কেটিং কর্প'ৰেশ্যন (টাছমেক)-এ দাখিল কৰা আৱেদনৰ ভিত্তিত ই ডিলৈ জাননী জাৰি কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গৱই আৰু ন্যায়াধীশ আগস্টিন জর্জ মাছিহে ই ডিৰ হৈ ন্যায়ালয়ত উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুক কয়, 'আপোনালোকৰ ই ডিয়ে সকলো সীমা চেৰাই গৈছে।' উল্লেখযোগ্য যে ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত ২০২৫ চনৰ ৬ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ ই ডিয়ে চেন্নাইত থকা টাছমেকৰ মুখ্য কাৰ্যালয়ত তালাচী চলাইছিল। ন্যায়ালয়ে এই সন্দৰ্ভত প্রশ্ন কৰে, 'আপোনালোকে কিদৰে ৰাজ্য-চালিত টাছমেকত তালাচী চলালে?' উচ্চতম ন্যায়ালয়ৰ পীঠে ই ডিৰ কাৰ্যব্যৱস্থা, বিশেষকৈ এটা নিগমৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ সিদ্ধান্তৰ ন্যায্যতাৰ বিষয়ে প্রশ্ন কৰে। পীঠে প্রশ্ন কৰে, 'কিদৰে আপোনালোকে এটা নিগমৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিব পাৰে? আপোনালোকে ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে, কিন্তু কিদৰে নিগমৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিলে?' 

ন্যায়ালয়ে উল্লেখ কৰে যে ই ডিয়ে ইতিমধ্যেই টাছমেকৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়াৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিছে, কিন্তু গোচৰটোত মূল অপৰাধৰ (প্রেডিকেট অফেন্স) বিষয়ে নীৰৱ হৈ আছে। পীঠে প্রশ্ন কৰে, 'মূল অপৰাধটো ক'ত?' যেতিয়া অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে মূল অপৰাধটো হৈছে ১০০০তকৈ অধিক কোটি টকাৰ দুৰ্নীতিৰ। ই'ডিয়ে 'কোনো ভুল কৰা নাই' বুলি ৰাজুৱে, দাবী কৰে। তেতিয়া পীঠে হস্তক্ষেপ কৰি কয়-ই ডিয়ে শেহতীয়াকৈ ইয়াৰ ক্ষমতাবোৰ চেৰাই গৈছে। ন্যায়ালয়ে কয়, 'আমি আকৌ কৈছোঁ। আপোনাৰ ই ডিয়ে সকলো সীমা চেৰাই গৈছে।' 

টাছমেক আৰু ইয়াৰ কৰ্মচাৰীৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু মুকুল ৰোহতাগীয়ে ন্যায়ালয়ক কয় যে যথাবিহিত প্ৰক্ৰিয়াৰ অবিহনে ম'বাইল ফ'নবোৰ ক্ল'ন কৰি তথা ব্যক্তিগত যন্ত্র-পাতিবোৰ জব্দ কৰি কেন্দ্ৰীয় সংস্থাটোৱে কৰ্মাধিকাৰৰ সীমা অতিক্ৰম কৰিছে। উল্লেখযোগ্য যে টাছমেকৰ বিৰুদ্ধে ই ডিৰ কাৰ্যব্যৱস্থালৈ সেউজ সংকেত দি যোৱা ২৩ এপ্রিলত মাদ্রাজ উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে তামিলনাডু চৰকাৰ আৰু টাছমেক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত