--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত সিন্ধু প্রদেশত পানীক লৈ চলি থকা আন্দোলনৰ সময়ত ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে। সিন্ধু আৰু পঞ্জাব প্ৰদেশৰ মাজত পানী ভাগ-বাটোৱাৰাক লৈ চলি থকা বিবাদে আজি অতি উগ্ৰৰূপ ধাৰণ কৰে। ইয়াৰ ফলত দুয়োখন ৰাজ্যতে ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে। পৰিস্থিতি আটাইতকৈ শোচনীয় হৈ পৰে সিন্ধু প্রদেশত। 

একাংশ সংবাদ মাধ্যমে দাবী কৰা মতে, সিন্ধু প্রদেশত গৃহযুদ্ধ সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। পাকিস্তানী বাতৰি কাকত ডনে প্রকাশ কৰা অনুসৰি সিন্ধু প্রদেশৰ গৃহ মন্ত্ৰীৰ জিলা নৌচহৰীৰ ফিৰোজৰ মৰো চহৰত হোৱা সংঘৰ্ষত এজন লোক নিহত হয়। স্থানীয় সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, প্রতিবাদকাৰীয়ে প্রদেশখনৰ গৃহ মন্ত্ৰীজনৰ ঘৰত ব্যাপক হাৰত তাণ্ডৱৰ সৃষ্টি কৰে। 

মন্ত্ৰীজনৰ বাসভৱনৰ একাংশ আৰু আচবাব-পত্ৰত অগ্নিসংযোগ কৰে। সেইসময়ত তাত মন্ত্ৰীজনৰ নিৰাপত্তাৰক্ষী উপস্থিত হৈ প্রতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা কৰে। ফলত সংঘৰ্ষৰ সূত্রপাত হয়। তেতিয়া নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে। ডনে প্রকাশ কৰা মতে প্রতিবাদকাৰীয়ে প্ৰদেশখনৰ গৃহমন্ত্ৰীজনৰ বাসভৱনতো অগ্নিসংযোগ কৰে। বাতৰি কাকতখনৰ মতে প্রতিবাদকাৰীয়ে কেইবাঠাইতো ভালেমান গাড়ীতো অগ্নিসংযোগ কৰে আৰু অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। হিংসাত্মক ঘটনাত আৰক্ষীৰ ছজন লোকৰ লগতে ভালেমান লোক আহত হয়। ডনে প্রকাশ কৰা মতে, সিন্ধু নদীত নতুন খাল খানি পানী প্ৰৱাহিত কৰাৰ প্ৰতিবাদত সিন্ধু সবাই আহবান জবোনা প্রতিবাদত অংশ লোৱা প্ৰতিবাদকাৰীক আঁতৰাই পঠিওৱাৰ বাবে লাঠীচালনা কৰাত পৰিস্থিতিয়ে শোচনীয় ৰূপ লয়। 

একাংশ প্ৰতিবাদকাৰীৰ হাতত বন্দুকো দেখা পোৱা গৈছে। উল্লেখযোগ্য যে পাকিস্তান চৰকাৰে সিন্দু নদী প্রণালীত কমেও ছটা খাল নিৰ্মাণৰ আঁচনি ঘোষণা কৰিছে। এই খাল কেইটা সিন্ধুৰ উপৰি পঞ্জাব আৰু বেলুচিস্তানতো নির্মাণ কৰা হ'ব। কিন্তু সিন্ধু প্ৰদেশৰ লোকসকলে কৰা অভিযোগ মতে, চৰকাৰে এই খালৰ জৰিয়তে সিন্ধুৰ পানী পঞ্জাব প্রদেশলৈ প্ৰৱাহিত কৰাৰ চক্রান্ত কৰিছে। 

ইয়াৰ জৰিয়তে প্রায় ১৯ লাখ হেক্টৰ শুষ্ক ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। সিন্ধু প্রদেশৰ লোকসকলৰ মতে এই প্রকল্পই তেওঁলোকৰ জল অধিকাৰ খৰ্ব কৰিব আৰু প্রদেশখন ভয়ংকৰ জল সংকটৰ সন্মুখীন হ'ব। পাকিস্তান টুডেৰ মতে, সিন্ধু প্রদেশ ইতিমধ্যে পানীৰ নাটনিৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত