--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত সিন্ধু প্রদেশত পানীক লৈ চলি থকা আন্দোলনৰ সময়ত ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে। সিন্ধু আৰু পঞ্জাব প্ৰদেশৰ মাজত পানী ভাগ-বাটোৱাৰাক লৈ চলি থকা বিবাদে আজি অতি উগ্ৰৰূপ ধাৰণ কৰে। ইয়াৰ ফলত দুয়োখন ৰাজ্যতে ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে। পৰিস্থিতি আটাইতকৈ শোচনীয় হৈ পৰে সিন্ধু প্রদেশত। 

একাংশ সংবাদ মাধ্যমে দাবী কৰা মতে, সিন্ধু প্রদেশত গৃহযুদ্ধ সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। পাকিস্তানী বাতৰি কাকত ডনে প্রকাশ কৰা অনুসৰি সিন্ধু প্রদেশৰ গৃহ মন্ত্ৰীৰ জিলা নৌচহৰীৰ ফিৰোজৰ মৰো চহৰত হোৱা সংঘৰ্ষত এজন লোক নিহত হয়। স্থানীয় সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, প্রতিবাদকাৰীয়ে প্রদেশখনৰ গৃহ মন্ত্ৰীজনৰ ঘৰত ব্যাপক হাৰত তাণ্ডৱৰ সৃষ্টি কৰে। 

মন্ত্ৰীজনৰ বাসভৱনৰ একাংশ আৰু আচবাব-পত্ৰত অগ্নিসংযোগ কৰে। সেইসময়ত তাত মন্ত্ৰীজনৰ নিৰাপত্তাৰক্ষী উপস্থিত হৈ প্রতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা কৰে। ফলত সংঘৰ্ষৰ সূত্রপাত হয়। তেতিয়া নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে। ডনে প্রকাশ কৰা মতে প্রতিবাদকাৰীয়ে প্ৰদেশখনৰ গৃহমন্ত্ৰীজনৰ বাসভৱনতো অগ্নিসংযোগ কৰে। বাতৰি কাকতখনৰ মতে প্রতিবাদকাৰীয়ে কেইবাঠাইতো ভালেমান গাড়ীতো অগ্নিসংযোগ কৰে আৰু অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। হিংসাত্মক ঘটনাত আৰক্ষীৰ ছজন লোকৰ লগতে ভালেমান লোক আহত হয়। ডনে প্রকাশ কৰা মতে, সিন্ধু নদীত নতুন খাল খানি পানী প্ৰৱাহিত কৰাৰ প্ৰতিবাদত সিন্ধু সবাই আহবান জবোনা প্রতিবাদত অংশ লোৱা প্ৰতিবাদকাৰীক আঁতৰাই পঠিওৱাৰ বাবে লাঠীচালনা কৰাত পৰিস্থিতিয়ে শোচনীয় ৰূপ লয়। 

একাংশ প্ৰতিবাদকাৰীৰ হাতত বন্দুকো দেখা পোৱা গৈছে। উল্লেখযোগ্য যে পাকিস্তান চৰকাৰে সিন্দু নদী প্রণালীত কমেও ছটা খাল নিৰ্মাণৰ আঁচনি ঘোষণা কৰিছে। এই খাল কেইটা সিন্ধুৰ উপৰি পঞ্জাব আৰু বেলুচিস্তানতো নির্মাণ কৰা হ'ব। কিন্তু সিন্ধু প্ৰদেশৰ লোকসকলে কৰা অভিযোগ মতে, চৰকাৰে এই খালৰ জৰিয়তে সিন্ধুৰ পানী পঞ্জাব প্রদেশলৈ প্ৰৱাহিত কৰাৰ চক্রান্ত কৰিছে। 

ইয়াৰ জৰিয়তে প্রায় ১৯ লাখ হেক্টৰ শুষ্ক ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। সিন্ধু প্রদেশৰ লোকসকলৰ মতে এই প্রকল্পই তেওঁলোকৰ জল অধিকাৰ খৰ্ব কৰিব আৰু প্রদেশখন ভয়ংকৰ জল সংকটৰ সন্মুখীন হ'ব। পাকিস্তান টুডেৰ মতে, সিন্ধু প্রদেশ ইতিমধ্যে পানীৰ নাটনিৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ