--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৈত উটি যোৱা সতীৰ্থৰ প্ৰাণ বচাবলৈ গৈ নিজে মৃত্যুক সাবটিলে এজন সেনা বিষয়াই। উত্তৰ ছিকিমত পাহাৰীয়া নৈৰ ওপৰৰ দলঙেৰে পাৰ হোৱাৰ সময়ত ভৰি পিচলি নৈত পৰা সতীৰ্থক বচাবলৈ গৈ মৃত্যুক সাৱটিলে লেফটেনেণ্ট শশাংক তিৱাৰীয়ে। ৪ মাহ পূর্বে চাকৰিত যোগদান কৰিছিল ২৩ বছৰীয়া শশাংক তিৱাৰীয়ে।

ৰুট ওপেনিং পেট্ৰ’লৰ নেতৃত্বত আছিল শশাংক তিৱাৰী। টহলদাৰী বাহিনীয়ে এটা কঠিন পাহাৰীয়া পথ অতিক্ৰম কৰি গৈ আছিল। তেনেতে দলটোৰ এজন সদস্য অগ্নিবীৰ ষ্টিফেন চুব্বা নামৰ এজন জোৱানে কাঠৰ দলং পাৰ হৈ গৈ থকা অৱস্থাত পিছলি গৈ দ্ৰুতগতিত বৈ যোৱা পাহাৰৰ নদীখনত পৰি উটি যাবলৈ ধৰে।

সেই দৃশ্য দেখি এক মুহূৰ্ত নষ্ট নকৰাকৈ লেফটেনেণ্ট শশাংক তিৱাৰীয়ে নদীত জপিয়াই পৰিল। আচৰিত ধৰণৰ সাহস, নেতৃত্ব আৰু নিস্বাৰ্থতা প্ৰদৰ্শন কৰি সতীৰ্থৰ প্ৰাণ বচাবলৈ আগবাঢ়ি গ’ল শশাংক তিৱাৰী। তেওঁ অগ্নিবীৰ ষ্টিফেন চুব্বাৰ প্ৰাণ বচালে যদিও নিজে পানীৰ সোঁতত উটি যায়। অৱশেষত ৮০০ মিটাৰ দূৰত মৃত অৱস্থাত উদ্ধাৰ হয় সাহসী সেনা বিষয়াগৰাকী।

লেফটেনেণ্ট তিৱাৰী কেৱল এজন বিষয়াই নহয়, তেওঁৰ কৰ্ম আৰু নেতৃত্বৰ দ্বাৰা প্ৰতিফলিত হ’ল যে তেওঁ এজন প্ৰকৃত যোদ্ধাও আছিল। তেওঁ প্ৰমাণ কৰিলে যে সেনাবাহিনীত ‘নেতৃত্ব’ কেৱল আদেশ দিয়াতেই নাথাকে বৰঞ্চ অদম্য সাহসেৰে নিজৰ সৈনিকৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰে।

পিতৃ-মাতৃ আৰু এগৰাকী ভগ্নীক এৰি গৈছে লেফটেনেণ্ট শশাংক তিৱাৰীয়ে। ভাৰতীয় সেনাই শ্বহীদ শশাংক তিৱাৰীৰ অনন্য ত্যাগক যুগে যুগে সুঁৱৰিব বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ল শ্বহীদ শশাংক তিৱাৰীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত