--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৈত উটি যোৱা সতীৰ্থৰ প্ৰাণ বচাবলৈ গৈ নিজে মৃত্যুক সাবটিলে এজন সেনা বিষয়াই। উত্তৰ ছিকিমত পাহাৰীয়া নৈৰ ওপৰৰ দলঙেৰে পাৰ হোৱাৰ সময়ত ভৰি পিচলি নৈত পৰা সতীৰ্থক বচাবলৈ গৈ মৃত্যুক সাৱটিলে লেফটেনেণ্ট শশাংক তিৱাৰীয়ে। ৪ মাহ পূর্বে চাকৰিত যোগদান কৰিছিল ২৩ বছৰীয়া শশাংক তিৱাৰীয়ে।

ৰুট ওপেনিং পেট্ৰ’লৰ নেতৃত্বত আছিল শশাংক তিৱাৰী। টহলদাৰী বাহিনীয়ে এটা কঠিন পাহাৰীয়া পথ অতিক্ৰম কৰি গৈ আছিল। তেনেতে দলটোৰ এজন সদস্য অগ্নিবীৰ ষ্টিফেন চুব্বা নামৰ এজন জোৱানে কাঠৰ দলং পাৰ হৈ গৈ থকা অৱস্থাত পিছলি গৈ দ্ৰুতগতিত বৈ যোৱা পাহাৰৰ নদীখনত পৰি উটি যাবলৈ ধৰে।

সেই দৃশ্য দেখি এক মুহূৰ্ত নষ্ট নকৰাকৈ লেফটেনেণ্ট শশাংক তিৱাৰীয়ে নদীত জপিয়াই পৰিল। আচৰিত ধৰণৰ সাহস, নেতৃত্ব আৰু নিস্বাৰ্থতা প্ৰদৰ্শন কৰি সতীৰ্থৰ প্ৰাণ বচাবলৈ আগবাঢ়ি গ’ল শশাংক তিৱাৰী। তেওঁ অগ্নিবীৰ ষ্টিফেন চুব্বাৰ প্ৰাণ বচালে যদিও নিজে পানীৰ সোঁতত উটি যায়। অৱশেষত ৮০০ মিটাৰ দূৰত মৃত অৱস্থাত উদ্ধাৰ হয় সাহসী সেনা বিষয়াগৰাকী।

লেফটেনেণ্ট তিৱাৰী কেৱল এজন বিষয়াই নহয়, তেওঁৰ কৰ্ম আৰু নেতৃত্বৰ দ্বাৰা প্ৰতিফলিত হ’ল যে তেওঁ এজন প্ৰকৃত যোদ্ধাও আছিল। তেওঁ প্ৰমাণ কৰিলে যে সেনাবাহিনীত ‘নেতৃত্ব’ কেৱল আদেশ দিয়াতেই নাথাকে বৰঞ্চ অদম্য সাহসেৰে নিজৰ সৈনিকৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰে।

পিতৃ-মাতৃ আৰু এগৰাকী ভগ্নীক এৰি গৈছে লেফটেনেণ্ট শশাংক তিৱাৰীয়ে। ভাৰতীয় সেনাই শ্বহীদ শশাংক তিৱাৰীৰ অনন্য ত্যাগক যুগে যুগে সুঁৱৰিব বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ল শ্বহীদ শশাংক তিৱাৰীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ