--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গেৰুৱা বসন ধাৰণ কৰিলে আজিৰ ফলাফলে৷ উপ-নিৰ্বাচনত অসমত আকৌ ফুলিল ‘পদুম’৷ আজি ঘোষণা হ'ল বহু প্ৰত্যাক্ষিত অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচন৷ সন্মানৰ যুজঁত আকৌ নিজকে প্ৰতিষ্ঠা কৰিলে শাসনাধীন বিজেপি চৰকাৰে৷ ৪টা সমষ্টিতে বৃহৎ সংখ্যক ভোটেৰে জয়লাভ কৰিলে বিজেপি মিত্ৰজোঁটে৷ তামুলপুৰত নিশ্চিত জয়লাভ জলেন দৈমাৰীৰ৷ ফলাফলৰ পাছতে বিজেপি কৰ্মীৰ মাজত দেখা যায় উল্লাস-উদ্দীপনা৷

আটাইকেইটা সমষ্টিতে ধূলিসাৎ কৰিলে কংগ্ৰেছক৷ থাওৰাত বিজেপিপ্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ জয়লাভ৷ ২৯,৯৩১টা ভোটৰ ব্যৱধানত জয়ী হয় সুশান্ত৷ সুশান্তই লাভ কৰে মুঠ ৫৩,২৮০টা ভোট৷ তাৰ বিপৰীতে ধৈৰ্য কোঁৱৰে লাভ কৰে ২৩,৩৪৯টা ভোট৷ মৰিয়নিত জয়লাভ বিজেপিৰ ৰূপজ্যোতি কুৰ্মীৰ৷ ৰূপজ্যোতি কুৰ্মীয়ে লাভ কৰে মুঠ ৫৫,৫৫৯টা ভোট৷ ভৱানীপুৰতো বিজেপিৰ ফণী তালুকদাৰৰ জয় সাব্যস্ত কৰে৷ গোসাঁইগাঁৱত বিজেপি মিত্ৰজোঁটৰ জয়লাভ৷ ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে জয়লাভ কৰে৷ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ সাব্যস্ত্ৰ কৰাৰ পাছত আনন্দত আত্মহাৰা হয় দলীয় কৰ্মী৷ নাচি-বাগি আনন্দ উল্লাস বিজেপিকৰ্মীৰ মাজত৷

জয়লাভৰ পাছতেই ভূপেন বৰাই সংবাদমেলৰ আয়োজন কৰে। মুখ্যমন্ত্ৰীক ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনায় ভূপেন বৰাই। প্ৰতিটো সমষ্টিৰ ৰাইজকো অভিনন্দন জনালে বৰাই। ‘মুখ্যমন্ত্ৰীৰ দায়িত্ব বাঢ়িল’- বুলি মন্তব্য বৰাৰ। ‘কংগ্ৰেছে সৰ্বশক্তিৰে অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল’।‘আমাৰ মহাজোঁট ভংগৰ সিদ্ধান্ত শুদ্ধ প্ৰতিপন্ন’- বুলিও মন্তব্য কৰে তেওঁৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত