--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গেৰুৱা বসন ধাৰণ কৰিলে আজিৰ ফলাফলে৷ উপ-নিৰ্বাচনত অসমত আকৌ ফুলিল ‘পদুম’৷ আজি ঘোষণা হ'ল বহু প্ৰত্যাক্ষিত অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচন৷ সন্মানৰ যুজঁত আকৌ নিজকে প্ৰতিষ্ঠা কৰিলে শাসনাধীন বিজেপি চৰকাৰে৷ ৪টা সমষ্টিতে বৃহৎ সংখ্যক ভোটেৰে জয়লাভ কৰিলে বিজেপি মিত্ৰজোঁটে৷ তামুলপুৰত নিশ্চিত জয়লাভ জলেন দৈমাৰীৰ৷ ফলাফলৰ পাছতে বিজেপি কৰ্মীৰ মাজত দেখা যায় উল্লাস-উদ্দীপনা৷

আটাইকেইটা সমষ্টিতে ধূলিসাৎ কৰিলে কংগ্ৰেছক৷ থাওৰাত বিজেপিপ্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ জয়লাভ৷ ২৯,৯৩১টা ভোটৰ ব্যৱধানত জয়ী হয় সুশান্ত৷ সুশান্তই লাভ কৰে মুঠ ৫৩,২৮০টা ভোট৷ তাৰ বিপৰীতে ধৈৰ্য কোঁৱৰে লাভ কৰে ২৩,৩৪৯টা ভোট৷ মৰিয়নিত জয়লাভ বিজেপিৰ ৰূপজ্যোতি কুৰ্মীৰ৷ ৰূপজ্যোতি কুৰ্মীয়ে লাভ কৰে মুঠ ৫৫,৫৫৯টা ভোট৷ ভৱানীপুৰতো বিজেপিৰ ফণী তালুকদাৰৰ জয় সাব্যস্ত কৰে৷ গোসাঁইগাঁৱত বিজেপি মিত্ৰজোঁটৰ জয়লাভ৷ ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে জয়লাভ কৰে৷ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ সাব্যস্ত্ৰ কৰাৰ পাছত আনন্দত আত্মহাৰা হয় দলীয় কৰ্মী৷ নাচি-বাগি আনন্দ উল্লাস বিজেপিকৰ্মীৰ মাজত৷

জয়লাভৰ পাছতেই ভূপেন বৰাই সংবাদমেলৰ আয়োজন কৰে। মুখ্যমন্ত্ৰীক ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনায় ভূপেন বৰাই। প্ৰতিটো সমষ্টিৰ ৰাইজকো অভিনন্দন জনালে বৰাই। ‘মুখ্যমন্ত্ৰীৰ দায়িত্ব বাঢ়িল’- বুলি মন্তব্য বৰাৰ। ‘কংগ্ৰেছে সৰ্বশক্তিৰে অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল’।‘আমাৰ মহাজোঁট ভংগৰ সিদ্ধান্ত শুদ্ধ প্ৰতিপন্ন’- বুলিও মন্তব্য কৰে তেওঁৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ