--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে কয় যে নিৰীহ লোকক হত্যা কৰাটো সন্ত্রাসবাদীবোৰৰ 'কর্ম', আনহাতে সিহঁতক বিনাশ কৰাটো 'ভাৰতীয় ধর্ম।' তেওঁ কয়, 'সন্ত্রাসবাদীয়ে পহলগামত নিৰীহ লোকক তেওঁলোকৰ 'ধর্ম' সুধি হত্যা কৰিলে। তাৰ পাছত আপোনালোকে যি প্রত্যুত্তৰ দিলে সমগ্র বিশ্বই দেখিলে... আমি সন্ত্রাসবাদীক হত্যা কৰিলোঁ তেওঁলোকৰ 'কর্ম' চাই। সিহঁতে নিৰীহ লোকক হত্যা কৰিলে 'ধর্ম' চাই, এয়া আছিল পাকিস্তানৰ 'কর্ম।' আমি তেওঁলোকৰ 'কর্ম' বিচাৰ কৰি বিনাশ কৰিলোঁ, সেয়া হৈছে 'ভাৰতীয় ধর্ম।' 

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ বাদামীবাগ কেণ্টমেণ্টত প্ৰতিৰক্ষা মন্ত্রীজনে আৰু কয়, 'প্রতিৰক্ষা মন্ত্ৰীৰ উপৰি মই ইয়ালৈ এজন বার্তাবাহক হিচাপে আহিছোঁ। মই ইয়ালৈ আহিছোঁ সমগ্র দেশৰ শুভেচ্ছা, প্রার্থনা আৰু ধন্যবাদ লৈ। এক অৰ্থত মই আপোনালোকৰ ওচৰলৈ আহিছোঁ প'ষ্টমেন হৈ আৰু সমগ্ৰ বিশ্বৰ বাতৰি লৈ আহিছোঁ যে আমি আমাৰ সশস্ত্র বাহিনীক লৈ গৌৰৱান্বিত।' ইয়াৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰীজনে পাকিস্তানক আৰু পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত দেশখনৰ ভাবুকিক সমালোচনা কৰে। 

তেওঁ কয়, 'সমগ্র বিশ্বই দেখিলে কিদৰে দায়িত্বহীনভাবে পাকিস্তানে পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিলে। তেনে দায়িত্বহীন আৰু অসঞ্জাতী লোকৰ হাতত পাৰমাণৱিক অস্ত্ৰ নিৰাপদনে?' তেওঁ আৰু কয়, 'মই ভাবোঁ যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰবোৰ আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাৰ (আই এ ই এ) নিয়ন্ত্রণলৈ নিব লাগে।' বাদামীবাগত ৰাজনাথ সিঙৰ সৈতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্রী ওমৰ আব্দুল্লায়ো সংগ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰীজনে সেনাৰ জোৱানসকলৰ সৈতে বাৰ্তালাপো কৰে। ইয়াৰ আগতে ৰাজনাথ সিঙে অপাৰেশ্যন সেন্দূৰৰ পাছত পাকিস্তানৰ পৰা কৰা গোলাবর্ষণত জম্মু-কাশ্মীৰত পৰা গোলাৰ খোলাবোৰ পৰিদৰ্শন কৰে।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত