--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে কয় যে নিৰীহ লোকক হত্যা কৰাটো সন্ত্রাসবাদীবোৰৰ 'কর্ম', আনহাতে সিহঁতক বিনাশ কৰাটো 'ভাৰতীয় ধর্ম।' তেওঁ কয়, 'সন্ত্রাসবাদীয়ে পহলগামত নিৰীহ লোকক তেওঁলোকৰ 'ধর্ম' সুধি হত্যা কৰিলে। তাৰ পাছত আপোনালোকে যি প্রত্যুত্তৰ দিলে সমগ্র বিশ্বই দেখিলে... আমি সন্ত্রাসবাদীক হত্যা কৰিলোঁ তেওঁলোকৰ 'কর্ম' চাই। সিহঁতে নিৰীহ লোকক হত্যা কৰিলে 'ধর্ম' চাই, এয়া আছিল পাকিস্তানৰ 'কর্ম।' আমি তেওঁলোকৰ 'কর্ম' বিচাৰ কৰি বিনাশ কৰিলোঁ, সেয়া হৈছে 'ভাৰতীয় ধর্ম।' 

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ বাদামীবাগ কেণ্টমেণ্টত প্ৰতিৰক্ষা মন্ত্রীজনে আৰু কয়, 'প্রতিৰক্ষা মন্ত্ৰীৰ উপৰি মই ইয়ালৈ এজন বার্তাবাহক হিচাপে আহিছোঁ। মই ইয়ালৈ আহিছোঁ সমগ্র দেশৰ শুভেচ্ছা, প্রার্থনা আৰু ধন্যবাদ লৈ। এক অৰ্থত মই আপোনালোকৰ ওচৰলৈ আহিছোঁ প'ষ্টমেন হৈ আৰু সমগ্ৰ বিশ্বৰ বাতৰি লৈ আহিছোঁ যে আমি আমাৰ সশস্ত্র বাহিনীক লৈ গৌৰৱান্বিত।' ইয়াৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰীজনে পাকিস্তানক আৰু পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত দেশখনৰ ভাবুকিক সমালোচনা কৰে। 

তেওঁ কয়, 'সমগ্র বিশ্বই দেখিলে কিদৰে দায়িত্বহীনভাবে পাকিস্তানে পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিলে। তেনে দায়িত্বহীন আৰু অসঞ্জাতী লোকৰ হাতত পাৰমাণৱিক অস্ত্ৰ নিৰাপদনে?' তেওঁ আৰু কয়, 'মই ভাবোঁ যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰবোৰ আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাৰ (আই এ ই এ) নিয়ন্ত্রণলৈ নিব লাগে।' বাদামীবাগত ৰাজনাথ সিঙৰ সৈতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্রী ওমৰ আব্দুল্লায়ো সংগ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰীজনে সেনাৰ জোৱানসকলৰ সৈতে বাৰ্তালাপো কৰে। ইয়াৰ আগতে ৰাজনাথ সিঙে অপাৰেশ্যন সেন্দূৰৰ পাছত পাকিস্তানৰ পৰা কৰা গোলাবর্ষণত জম্মু-কাশ্মীৰত পৰা গোলাৰ খোলাবোৰ পৰিদৰ্শন কৰে।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ