--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ফলাফলে কন্দুৱাইছে এটা পৰিয়ালক। ফলাফল বেয়া হোৱা নাই, বিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল সেই ফলাফলে, পাছে ফলাফলটো লবলৈ ছাত্ৰীগৰাকীহে নাই। 

জীৱনৰ আটাইতকৈ ভাল খবৰটোৱে নাপালে থৈৱী মুখাৰ্জী নামৰ ছাত্ৰীগৰাকীয়ে। বিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল থৈৱীয়ে কিন্তু ৰিজাল্ট দিয়াৰ দুদিন পূৰ্বে এই পৃথিৱী এৰি গুচি যায় মেধাৱী ছাত্ৰীগৰাকীয়ে। জণ্ডিছত আক্ৰান্ত হৈ মৃত্যুক সাৱটে থৈৱীয়ে।

এই কৰুণ ঘটনা ঘটিছে পশ্চিমবংগৰ বৰ্ধমানত। আসনছলৰ উমৰাণী গোৰাই মহিলা কল্যাণ বিদ্যালয়ৰ ছাত্ৰী থৈৱী মুখাৰ্জীয়ে ২০২৫ চনৰ মধ্যমিক পৰীক্ষাত ৬৭৪ নম্বৰ লাভ কৰে। ইয়াৰ লগে লগে তেওঁ কেৱল নিজৰ বিদ্যালয়তে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাই নহয়, পশ্চিম বৰ্ধমান জিলাৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়ায়। কিন্তু থৈৱীয়ে সেই ৰিজাল্ট নাপালে। 

নিয়তিৰ লিখনিত থৈৱীৰ ৰিজাল্টৰ দুদিন পূৰ্বে জণ্ডিছত মৃত্যু হয়। থৈৱীৰ ৰিজাল্ট শুনি মাক-দেউতাক, আত্মীয়-স্বজন, স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী কান্দোনত ভাঙি পৰিছে। 

মেধাৱী ছাত্ৰী থৈৱী প্ৰতিবাৰেই ক্লাছত প্ৰথম স্থানত আছিল। থৈৱীয়ে দশম শ্ৰেণীৰ পৰীক্ষাকৃত বাংলা ভাষাত ৯৯ নম্বৰ লাভ কৰিছিল। আন বিষয়ত ইংৰাজীত ৯২, গণিতত ৯৮, পদাৰ্থ বিজ্ঞানত ৯৭, জীৱন বিজ্ঞানত ৯৮, ইতিহাসত ৯৫ আৰু ভূগোলত ৯৫ নম্বৰ লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত