--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-হামাছৰ যুদ্ধই বিশ্বজুৰি সৃষ্টি কৰিছে উদ্বেগ-উৎকণ্ঠাৰ৷ যুদ্ধভূমিত শিশুহত্যা, নাৰী নিৰ্যাতনৰ ঘটনাই লজ্জিত কৰিছে আধুনিক সভ্যতাক৷ যুদ্ধৰ ছায়া পৰিছে ভাৰততো৷ শেহতীয়াকৈ বলীউডৰ গীতিকাৰ-সংগীতশিল্পী বিশাল দাদলানিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই সংঘৰ্ষক লৈ৷ উছৰ্গা কৰিছে গান৷

বিশাল দাদলানীয়ে পেলেষ্টাইন-ইজৰাইল যুদ্ধৰ মাজত গাজাৰ শিশুসকলৰ বাবে গান উছৰ্গা কৰিছে। দাদলানিয়ে কয়, শিশু হিচাপে এই গানটো শুনা মনত আছে। গাজাৰ শিশুসকলৰ বাবে গাইছোঁ এই গান। আৰু হয়, ইজৰাইলৰ শিশুসকলৰ বাবেও। নিৰীহ লোকৰ ওপৰত যুদ্ধই অধিক ক্ষতি সাধন কৰে, কিয়নো তেওঁলোকে এনে ধৰণৰ ভয়াৱহতাৰ যোগ্য হ’বলৈ একো কৰা নাছিল৷

দিয়া মিৰ্জা, চেলিম মাৰ্চেণ্ট, মণিকা ডোগ্ৰা আৰু কেইবাগৰাকীও বলীউডৰ চেলিব্ৰেটীয়ে বিশালৰ চিন্তা প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে, ৭ অক্টোবৰৰ পুৱা হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাইছিল। তেওঁলোকে দক্ষিণ ইজৰাইলৰ কিছু অংশত অনুপ্ৰৱেশ কৰিছিল, আৰু একেসময়তে গাজা ষ্ট্ৰিপৰ পৰা এক নিৰন্তৰ ৰকেট আক্ৰমণ কৰিছিল। ইজৰাইলে তেতিয়া পেলেষ্টাইনৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ চলাইছিল। বুধবাৰে ইজৰাইল আৰু হামাস সন্ত্ৰাসবাদীৰ মাজত যুদ্ধ পঞ্চম দিনত প্ৰৱেশ কৰিছিল। ইজৰাইলৰ ওপৰত হামাছৰ অভূতপূৰ্ব আক্ৰমণ আৰু গাজাত প্ৰতিশোধমূলক বিমান আক্ৰমণৰ সন্মিলিত মৃত্যুৰ সংখ্যা এতিয়ালৈকে ৩,০০০ৰ ঘৰ অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ