--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-হামাছৰ যুদ্ধই বিশ্বজুৰি সৃষ্টি কৰিছে উদ্বেগ-উৎকণ্ঠাৰ৷ যুদ্ধভূমিত শিশুহত্যা, নাৰী নিৰ্যাতনৰ ঘটনাই লজ্জিত কৰিছে আধুনিক সভ্যতাক৷ যুদ্ধৰ ছায়া পৰিছে ভাৰততো৷ শেহতীয়াকৈ বলীউডৰ গীতিকাৰ-সংগীতশিল্পী বিশাল দাদলানিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই সংঘৰ্ষক লৈ৷ উছৰ্গা কৰিছে গান৷

বিশাল দাদলানীয়ে পেলেষ্টাইন-ইজৰাইল যুদ্ধৰ মাজত গাজাৰ শিশুসকলৰ বাবে গান উছৰ্গা কৰিছে। দাদলানিয়ে কয়, শিশু হিচাপে এই গানটো শুনা মনত আছে। গাজাৰ শিশুসকলৰ বাবে গাইছোঁ এই গান। আৰু হয়, ইজৰাইলৰ শিশুসকলৰ বাবেও। নিৰীহ লোকৰ ওপৰত যুদ্ধই অধিক ক্ষতি সাধন কৰে, কিয়নো তেওঁলোকে এনে ধৰণৰ ভয়াৱহতাৰ যোগ্য হ’বলৈ একো কৰা নাছিল৷

দিয়া মিৰ্জা, চেলিম মাৰ্চেণ্ট, মণিকা ডোগ্ৰা আৰু কেইবাগৰাকীও বলীউডৰ চেলিব্ৰেটীয়ে বিশালৰ চিন্তা প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে, ৭ অক্টোবৰৰ পুৱা হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাইছিল। তেওঁলোকে দক্ষিণ ইজৰাইলৰ কিছু অংশত অনুপ্ৰৱেশ কৰিছিল, আৰু একেসময়তে গাজা ষ্ট্ৰিপৰ পৰা এক নিৰন্তৰ ৰকেট আক্ৰমণ কৰিছিল। ইজৰাইলে তেতিয়া পেলেষ্টাইনৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ চলাইছিল। বুধবাৰে ইজৰাইল আৰু হামাস সন্ত্ৰাসবাদীৰ মাজত যুদ্ধ পঞ্চম দিনত প্ৰৱেশ কৰিছিল। ইজৰাইলৰ ওপৰত হামাছৰ অভূতপূৰ্ব আক্ৰমণ আৰু গাজাত প্ৰতিশোধমূলক বিমান আক্ৰমণৰ সন্মিলিত মৃত্যুৰ সংখ্যা এতিয়ালৈকে ৩,০০০ৰ ঘৰ অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত