--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰত জৈন ধৰ্মৰ পৰম্পৰা সন্থাৰাৰ জৰিয়তে ভিয়ানা জৈন নামৰ এটি ৩ বছৰীয়া শিশুৰ মৃত্যু হয়। ছোৱালীজনীৰ ব্ৰেইন টিউমাৰ হৈছিল। তেওঁলোকৰ আধ্যাত্মিক গুৰু জৈন সন্ন্যাসী ৰাজেশ মুনি মহাৰাজৰ পৰামৰ্শ লৈ ছোৱালীজনীৰ পিতৃ-মাতৃয়ে ছোৱালীজনীক সন্থাৰা ল’বলৈ দিছিল, তাৰ কিছু সময়ৰ পিছতে ছোৱালীজনীৰ মৃত্যু হয়। এই ধৰ্মীয় প্ৰথাত এজন ব্যক্তিয়ে মৃত্যুৰ আগলৈকে খোৱা-বোৱা বন্ধ কৰি দিয়ে। 

২১ মাৰ্চতেই ভিয়ানাৰ মৃত্যু হয় যদিও এতিয়াহে এই বিষয়টো আলোচনাৰ আওতালৈ আহিল যেতিয়া বিশ্ব অভিলেখৰ গোল্ডেন বুকত ভিয়ানাক সন্থাৰা লোৱা বিশ্বৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে ঘোষণা কৰা হয় আৰু তেওঁৰ পৰিয়ালক প্ৰমাণ পত্ৰ দিয়া হয়।

কণমানি ছোৱালীজনীৰ পিতৃ-মাতৃ পিয়ুষ জৈন আৰু বৰষা জৈনে নিজৰ আধ্যাত্মিক গুৰুৰ পৰামৰ্শ মতে ছোৱালীজনীয়ে সন্থাৰাক আঁকোৱালি লোৱাৰ কথা নিশ্চিত কৰিছে। অৱশ্যে এতিয়া ছোৱালীজনীৰ মৃত্যুক লৈ প্ৰশ্ন উত্থাপন হৈছে। মানুহে প্ৰশ্ন কৰিছে যে ইমান কম বয়সৰ ছোৱালী এজনীয়ে এনে সিদ্ধান্ত লোৱাটো উচিত নেকি? এই সমগ্র বিষয়ৰ মাজতে এইটোও জনাটো জৰুৰী যে জৈন ধৰ্মীয় পৰম্পৰা সন্থাৰা আচলতে কি?

সন্থাৰা কি?

সন্থাৰাক সল্লেখানা বা সমাধি মৰাণ বুলিও কোৱা হয়। সন্থাৰাক ইচ্ছামৃত্যু বুলিও কোৱা হয়।  ইয়াত জীৱন শেষ কৰিব বিচৰা মানুহে নিজৰ ইচ্ছামতে খোৱা-বোৱা বন্ধ কৰি দিয়ে। কৰ্ণাটকৰ পুৰাতত্ত্ব আৰু সংগ্ৰহালয় বিভাগৰ মুৰব্বী এ সুন্দৰাৰ মতে, এই উপবাসত মানুহৰ আৱেগক সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু তাৰ পিছত ক্ৰমান্বয়ে খাদ্য-পানীয়ৰ পৰা বিৰত থকাটো জড়িত হৈ থাকে। আচলতে সল্লেখানা শব্দটো সত (সত্য) আৰু লেখানা (দুৰ্বলতা) শব্দৰ পৰা আহিছে, যিয়ে ইচ্ছামতে শাৰীৰিক দুৰ্বলতাক বুজায়। ইয়াৰ দ্বাৰা এই বিশ্বাস প্ৰতিফলিত হয় যে শৰীৰৰ শক্তি হ্ৰাস কৰিলে দুখৰ উৎস নিৰ্মূল কৰাত সহায় হয় আৰু আত্মাৰ মুক্তিত বাধা নহয়। এই পৰম্পৰাক তপস্যা আৰু আত্মদুখৰ দ্বাৰা আত্মাক মুক্ত কৰাৰ লক্ষ্যৰে এক ধৰ্মীয় কাৰ্য্য হিচাপে দেখা যায়। সন্থাৰা সন্ন্যাসী আৰু সাধাৰণ লোক উভয়ে কৰিব পাৰে। অৱশ্যে এই কাম যিকোনো সময়তে কৰিব নোৱাৰি।

জৈন শাস্ত্ৰত স্পষ্ট নিৰ্দেশনা দিয়া হৈছে, যেতিয়া কোনো ব্যক্তি মৃত্যুৰ কাষ চাপে, বাৰ্ধক্যত আক্ৰান্ত হয়, কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় বা দুৰ্ভিক্ষৰ সময়তহে সন্থাৰা পালন কৰিব পাৰি।

অভিভাৱকে জনোৱা মতে, যোৱা বছৰৰ ডিচেম্বৰ মাহত ভিয়ানাৰ ব্ৰেইন টিউমাৰ ধৰা পৰিছিল। জানুৱাৰী মাহত মুম্বাইত অস্ত্ৰোপচাৰ কৰাৰ পিছত মাৰ্চ মাহত পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে। চিকিৎসকে তেওঁক সুস্থ কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও চেষ্টা ব্যৰ্থ হয়। তাৰ পিছত পৰিয়ালটোৱে আধ্যাত্মিক সহায়ৰ ফালে মুখ কৰিলে। পিতৃ পিয়ুষ জৈনে কয় যে ‘‘মহাৰাজ জীয়ে মোৰ ছোৱালীৰ অৱস্থা দেখি আমাক ক’লে যে ছোৱালীজনীৰ জীৱনৰ অন্ত ওচৰ চাপিছে আৰু তাই সন্থাৰা ব্ৰত লোৱা উচিত, কাৰণ তাই জীয়াই থকাৰ কোনো লক্ষণেই নাই। জৈন ধৰ্মত এই ব্ৰতৰ অতি গুৰুত্ব আছে। আমি চিন্তা কৰি মান্তি হ’লোঁ৷’’

ভিয়ানাৰ মাতৃয়ে কয় যে ‘‘ছোৱালীজনীয়ে বহু দিনলৈ একো খাব বা পান কৰিব পৰা নাছিল। আমি তাইক বহুত কষ্টত থকা দেখিবলৈ পাইছিলোঁ। এয়া আমাৰ বাবে বৰ বেদনাদায়ক সিদ্ধান্ত আছিল। মই বিচাৰো মোৰ ছোৱালীজনী নতুন জনমত সুখী হওক।’’ 

ইন্দোৰৰ সাধুৰ আশ্ৰমত ২১ মাৰ্চৰ নিশা ৯.২৫ বজাৰ পৰা আৰম্ভ হৈছিল সন্থৰা। দীক্ষা আৰম্ভ হোৱাৰ মাত্ৰ ৪০ মিনিট পিছতে নিশা ১০.০৫ বজাত ভিয়ানাৰ মৃত্যু হয়। অভিভাৱকে ইয়াক আধ্যাত্মিক বিদায় বুলি অভিহিত কৰাৰ বিপৰীতে শিশু অধিকাৰৰ সমৰ্থক আৰু চিকিৎসকে ইয়াক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।

মধ্যপ্ৰদেশ শিশু অধিকাৰ আয়োগৰ সদস্য ওমকাৰ সিঙে কয় যে, এইটো এটা ধৰ্মীয় প্ৰথা যিটো সম্পূৰ্ণ সচেতন লোকৰ বাবে, বিশেষকৈ বৃদ্ধসকলৰ বাবে। শিশুটি হয়তো এই কথাত একমত নহ’বও পাৰে। আমি তদন্ত কৰি আছো যে এয়া শিশু সুৰক্ষা আইন উলংঘা নেকি আৰু যদি হয় সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম। এজন জ্যেষ্ঠ চিকিৎসকে জনোৱা মতে, ইতিমধ্যে ছোৱালীজনীৰ অৱস্থা সংকটজনক আছিল। সন্থৰা এজন প্ৰাপ্তবয়স্ক লোকৰ বাবেও এক বিশাল শাৰীৰিক আৰু মানসিক পৰীক্ষা। শিশুৱে এনেবোৰ কথা বুজিব নোৱাৰে বা মুখামুখি হ’ব নোৱাৰে। গতিকে সকলো দিশ চালিজাৰি চোৱা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement