--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজিপ্তৰ এবাইডোচৰ ৰাণী মেৰেট-নেই থৰ সমাধিত প্রত্নতাত্ত্বিকসকলে ৫,০০০ বছৰ পুৰণি আৰু ছীল কৰা সুৰা 'ৱাইন'ৰ জাৰ আৱিষ্কাৰ কৰিছে। এই অসাধাৰণ আৱিষ্কাৰে মানৱ ইতিহাসৰ এটা অন্যতম পুৰণি ৱাইন প্রস্তুত প্রথা সন্দর্ভত নতুন অধ্যায় উন্মোচন কৰিছে।

ভিয়েনা বিশ্ববিদ্যালয়ৰ খ্রীষ্টিয়ানা কোহলাৰৰ নেতৃত্বত চলা এই খনন অভিযানে ইজিপ্তৰ পুৰণি অধিবাসীসকলে বাইন কিদৰে প্ৰস্তুত কৰিছিল, কিদৰে ব্যৱহাৰ কৰাৰ লগতে কিদৰে ইয়াক সংৰক্ষণ কৰিছিল সেই সন্দর্ভত নতুন দিশ উদ্‌ঘাটন কৰিলে।

ইয়াত আৱিষ্কৃত আঙুৰৰ বীজ এতিয়াও 'একেই অৱস্থাত লাভ কৰা কথাই বিজ্ঞানীসকলক উপলক্ষত পান কৰা সুৰাৰ পৰা গোলকীয় উদ্যোগলৈ পৰিণত হোৱা বিৱৰ্তন বিচাৰি উলিয়াবলৈ বিজ্ঞানীসকলক সহায় কৰিব। ইয়াৰ পাছত ৱাইন সংস্কৃতিৰ ঐতিহাসিক ঘটনা-প্ৰৱাহে পুনৰ নতুন ৰূপ লাভ কৰাৰ সম্ভাৱনা প্রকাশ পাইছে।

এই আৱিষ্কাৰে প্ৰাচীন ইজিপ্তত সুৰা যে বৈজ্ঞানিকভাবে সংৰক্ষণ কৰা হৈছিল, বাইনৰ সমাজত বিশেষ তাৎপর্য আছিল আৰু মৃতদেহ দাহ কৰা পৰম্পৰাতো যে ইয়াৰ ব্যৱহাৰ আছিল সেই কথা প্ৰমাণ কৰে। এই আৱিষ্কাৰে প্রাচীন কালত কিদৰে বাইন প্ৰস্তুত কৰি ইয়াক ৰখা হৈছিল সেই বিষয়ে নতুন দিশ উদ্ভাসিত কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত