--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াই তৃতীয় যুদ্ধৰ ভাবুকি দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সমালোচনা কৰি দিয়া এটা মন্তব্যৰ পাছত ৰাছিয়াই ট্রাম্পক তৃতীয় বিশ্ব যুদ্ধৰ ভাবুকি দিয়ে। 

উল্লেখযোগ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনে ইউক্রেইনৰ সৈতে যুদ্ধ-বিৰতিৰ আলোচনাত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ট্রাম্পে কয় যে পুটিনে যুদ্ধ-বিৰতিৰ আলোচনাত অংশগ্রহণ কৰিবলৈ অস্বীকাৰ কৰি জুইৰ সৈতে খেলা কৰিছে। ট্রাম্পে সামাজিক মাধ্যমত কয়, 'মই নোহোৱা হ'লে যে ৰাছিয়া, আগতেই অতি শোচনীয় অৱস্থাৰ সন্মুখীন হ'লহেঁতেন সেই কথা ভ্লাডিমিৰ পুটিনে বুজি পোৱা নাই। মোৰ কথাৰ অর্থ হ'ল দেশখন অতি বেয়া অৱস্থাৰ দিশে গতি কৰিছে। তেওঁ জুইৰ সৈতে খেলা কৰিছে।' অৱশ্যে, এই বেয়া অৱস্থা কেনেকুৱা হ'ব পাৰে সেই কথা ট্রাম্পে রিতংভাৱে নক'লে। ট্রাম্পৰ এই ভাবুকিৰ উত্তৰ দি ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ উপাধ্যক্ষ তথা প্রাক্তন ৰাষ্ট্ৰপতি ডিমিত্রি মেদভেদেভে তৃতীয় বিশ্ব যুদ্ধৰ ভাবুকি দিয়ে। ট্রাম্পৰ সমালোচনাক অগ্রাহ্য কৰি তেওঁ কয় যে পুটিনে জুইৰ সৈতে খেলা কৰা তথা ৰাছিয়াৰ প্ৰকৃততে অতি বেয়া হ'ব বুলি, ট্রাম্পে দিয়া মন্তব্যৰ প্ৰসংগত তেওঁ জনাব খোজে যে সেই অতি বেয়াটো হ'ল 'তৃতীয় বিশ্বযুদ্ধ'। ট্রাম্পে সেই কথা বুজি পাব বুলি তেওঁ আশা কৰিছে বুলি মেদভেদেভে কয়। 


উল্লেখযোগ্য যে 'যোৱা সপ্তাহত ৰাছিয়াই ইউক্রেইনত আকাশ মাৰ্গৰ পৰা কৰা ধাৰাসাৰ আক্ৰমণক লৈ ট্রাম্পে প্রতিক্রিয়া প্রকাশ কৰি কৈছিল, 'পুটিন একেবাৰে উন্মাদ হৈ পৰিছে।' ৰাছিয়াই ইউক্রেইনত ড্র'ন আৰু ক্ষেপণাস্ত্ৰৰে বিধ্বংসী আক্ৰমণ কৰাৰ লগতে উত্তৰ-পূব ইউক্রেইনত ৰাছিয়ান সৈন্য অহৰহ আগবাঢ়ি আছে। 

উল্লেখযোগ্য যে ৰাছিয়াই যুদ্ধ-বিৰতিৰ বাবে কঠোৰ চৰ্ত আৰোপ কৰিছে। ইয়াৰ ভিতৰত ইউক্রেইনে ক্রিমিয়াক লৈ কৰা দাবী চিৰদিনৰ বাবে বাদ দিব লাগিব। ৰাছিয়াই ইতিমধ্যে দখল কৰা অঞ্চল তথা ৰাজ্যসমূহত ইউক্রেইনৰ প্ৰতিৰোধ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব, এই অঞ্চলবোৰ দখল কৰি ৰাছিয়াই ইউক্রেইন আৰু নাটোৰ মাজত এক বাফাৰ জ'ন স্থাপন কৰিবলৈ বিচাৰিছে যাতে ভৱিষ্যতে কোনো ধৰণৰ ভাবুকিৰ সন্মুখীন হ'ব লগা নহয়। ৰাছিয়াই এই চৰ্ত আৰোপ কৰাৰ পাছত ট্রাম্পৰ যুদ্ধ। বিৰতিৰ প্ৰচেষ্টা স্থবিৰ হৈ পৰে। ট্রাম্পে এতিয়া ৰাছিয়াৰ বিৰুদ্ধে অধিক নিষেধাজ্ঞা আৰোপৰ কথা বিবেচনা কৰি আছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ