--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শ্ৰদ্ধাই প্ৰেমিক সাৰ্থকক বিয়া কৰাবলৈ গোপন পৰিকল্পনা কৰি ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু ৰে'ল ষ্টেচন পোৱাৰ লগে লগে সাৰ্থকে তাইক ফোনত ক’লে যে তেওঁ বিয়া পাতিব নিবিচাৰে।

ডিজিটেল ডেস্কঃ কেতিয়াবা এনে কিছুমান ঘটনা ঘটে যিবোৰ চিনেমাৰ লগত মিলে।  ঠিক চিনেমাৰ দৰে ঘটনা ঘটিল পুনেৰ বিবিএৰ ছাত্ৰী শ্ৰদ্ধাৰ জীৱনত । ১৮ বছৰ পূৰ্বে ইমতিয়াজ আলীয়ে বলীউডত যি দেখুৱাইছিল, সেয়া এজনী ছোৱালীৰ বাস্তৱ জীৱনৰ লগত মিল খাইছিল। ২৩ আগষ্টত ইন্দোৰত নিৰুদ্দেশ হৈছিল শ্ৰদ্ধা আৰু অৱশেষত এক নাটকীয় ঘটনাৰ পিছত নতুন স্বামীৰ সৈতে ইন্দোৰলৈ উভতি আহিছিল ছোৱালীজনী।


গোটেই ঘটনাটো বলীউডৰ চিনেমা "জব উই মেট" (শ্বাহিদ কাপুৰ, কৰীনা কাপুৰ, ২০০৭ চনত মুক্তি পোৱা)ৰ দৰে। শ্ৰদ্ধাৰ পলাই বিয়া হোৱাৰ পৰিকল্পনা প্ৰেমিকৰ প্ৰতাৰণাত বিফল হৈ পৰিছিল। ইয়াৰ পিছত ২২ বছৰীয়া শ্ৰদ্ধাই চৰম হতাশাত ভুগি আত্মহত্যাৰ উদ্দেশ্যেৰে এখন ৰে’লত উঠিছিল। কিন্তু তেতিয়া শ্ৰদ্ধাৰ জীৱনত যি ঘটিল, সেই ঘটনাই আনকি বলীউডৰ হিট চিনেমা ‘জব উই মেট’কো চেৰ পেলাইছে।


ইন্দোৰৰ এম আই জি থানাৰ বাসিন্দা শ্ৰদ্ধাই প্ৰেমিক সাৰ্থকক বিয়া কৰাবলৈ গোপন পৰিকল্পনা কৰি ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু ৰে'ল ষ্টেচন পোৱাৰ লগে লগে সাৰ্থকে তাইক ফোনত ক’লে যে তেওঁ বিয়া পাতিব নিবিচাৰে। নতুন জীৱন আৰম্ভ কৰিবলৈ ঘৰৰ পৰা ওলাই অহা শ্ৰদ্ধা প্ৰেমিকৰ প্ৰতাৰণাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল।


ইয়াৰ পিছত তেওঁ ট্ৰেইনত উঠিল। শ্ৰদ্ধাৰ লক্ষ্য আছিল যিকোনো সুযোগতে চলন্ত ৰে’লৰ পৰা জপিয়াই আত্মহত্যা কৰা। ইন্দোৰলৈ উভতি অহা ৰে’লখনত শ্ৰদ্ধাই হতাশ হৈ ৰে’লৰ পৰা জপিয়াই পৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেনেতে ৰাটলাম ষ্টেচন পাওঁতে ৰে’লখনত কলেজৰ চিনাকি ইলেক্ট্ৰিচিয়ান কৰনদীপক লগ পালে। ছোৱালীজনীৰ দুখৰ কাহিনী শুনি কৰনদীপে তাইক সান্ত্বনা দিলে।


শ্ৰদ্ধাই ক'লে, "মই বিয়াৰ বাবে ঘৰৰ পৰা ওলাই আহিলোঁ, অবিবাহিত হৈ উভতি অহাতকৈ নিজকে শেষ কৰাটোৱেই ভাল।" এই সকলোবোৰ শুনি কৰনদীপে তাইক বিয়াৰ প্ৰস্তাৱ দিলে, শ্ৰদ্ধাই মান্তি হ’ল। ইয়াৰ পিছত দুয়োজনে মনছৌৰলৈ গৈ ক’ৰ্টত বিয়া পাতিলে। তাৰপাছত মন্দিৰতো বিয়া পাতিলে।


২৮ আগষ্ট বৃহস্পতিবাৰে শ্ৰদ্ধাই দেউতাকক ফোন কৰি কয় যে তেওঁ নিৰাপদে আছে আৰু বিয়া পাতিছে। পিতৃয়ে পইচা পঠিয়াইছিল যাতে সিহঁত ইন্দোৰলৈ উভতি যাব পাৰে। ইন্দোৰলৈ উভতি অহাৰ পিছত শ্ৰদ্ধাই পোনে পোনে এম আই জি থানালৈ গৈ সমগ্ৰ ঘটনাটো বৰ্ণিত কৰে। এডিচিপি ৰাজেশ দণ্ডোতিয়াই কয় যে তেওঁলোকৰ বিবাহ আৰু ঘটনাৰ সত্যতা পৰীক্ষা কৰা হৈছে।


সেয়েহে মানুহে কয় জন্ম, মৃত্যু আৰু বিবাহ কাৰ কেতিয়া হয় সেয়া কোনেও ক’ব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ