--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাপানলৈ গৈছে। দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ মোদীয়ে আজি জাপানৰ ৰাজধানী "টকিঅ'ত গৈ উপস্থিত হৈছে। বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে জাপানৰ পৰম্পৰাগত সম্ভাষণ ধ্বনি "ওহায়ো, টকিঅ"ৰে মোদীক জনোৱা হয় উষ্ম আদৰণি। জাপানৰ লোকৰ এনে মৰমত অভিভূত হৈ পৰে মোদী।

প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশ খনত অনুষ্ঠিত হোৱা কোৱাড সন্মিলনত অংশগ্ৰহণ কৰা।
কোৱাড সন্মিলনৰ উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা। মোদীয়ে তেওঁৰ এই ভ্ৰমণকালত জাপানৰ শীৰ্ষ ব্যৱসায়ী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মতবিনিময় কৰিব।প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ জাপান ভ্ৰমণৰ বিষয়ে টুইটাৰত জাপানী আৰু ইংৰাজী দুয়োটা ভাষাতে টুইট কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে প্ৰকাশ কৰা মতে জাপানত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে টকিঅ'ৰ হোটেলৰ বাহিৰত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে। 

"জাপানৰ ভাৰতীয় সম্প্ৰদায়ে বিভিন্ন ক্ষেত্ৰত অগ্ৰণী অৱদান আগবঢ়াইছে। তেওঁলোক জাপানত থাকিও ভাৰতৰ শিপাৰ সৈতেও সংযুক্ত হৈ আছে। জাপানত প্ৰবাসী ভাৰতীয়সকলে মোক উষ্ম আদৰণি জনোৱাৰ বাবে মই ধন্যবাদ জনাইছো," প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত কয়। ২৪ মে'ত টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া কোৱাড সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা আৰু অষ্ট্ৰেলিয়াৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনি এলবানিজও উপস্থিত থাকিব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়ন আৰু পাৰস্পৰিক সহযোগিতাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কোৱাড সন্মিলনে আশাৰ বতৰা দিছে। কোৱাডত ভাৰত, আমেৰিকা যুক্তৰাজ্য, জাপান আৰু অষ্ট্ৰেলিয়া অন্তৰ্ভুক্ত হৈ আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত