--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাপানলৈ গৈছে। দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ মোদীয়ে আজি জাপানৰ ৰাজধানী "টকিঅ'ত গৈ উপস্থিত হৈছে। বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে জাপানৰ পৰম্পৰাগত সম্ভাষণ ধ্বনি "ওহায়ো, টকিঅ"ৰে মোদীক জনোৱা হয় উষ্ম আদৰণি। জাপানৰ লোকৰ এনে মৰমত অভিভূত হৈ পৰে মোদী।

প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশ খনত অনুষ্ঠিত হোৱা কোৱাড সন্মিলনত অংশগ্ৰহণ কৰা।
কোৱাড সন্মিলনৰ উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা। মোদীয়ে তেওঁৰ এই ভ্ৰমণকালত জাপানৰ শীৰ্ষ ব্যৱসায়ী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মতবিনিময় কৰিব।প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ জাপান ভ্ৰমণৰ বিষয়ে টুইটাৰত জাপানী আৰু ইংৰাজী দুয়োটা ভাষাতে টুইট কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে প্ৰকাশ কৰা মতে জাপানত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে টকিঅ'ৰ হোটেলৰ বাহিৰত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে। 

"জাপানৰ ভাৰতীয় সম্প্ৰদায়ে বিভিন্ন ক্ষেত্ৰত অগ্ৰণী অৱদান আগবঢ়াইছে। তেওঁলোক জাপানত থাকিও ভাৰতৰ শিপাৰ সৈতেও সংযুক্ত হৈ আছে। জাপানত প্ৰবাসী ভাৰতীয়সকলে মোক উষ্ম আদৰণি জনোৱাৰ বাবে মই ধন্যবাদ জনাইছো," প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত কয়। ২৪ মে'ত টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া কোৱাড সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা আৰু অষ্ট্ৰেলিয়াৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনি এলবানিজও উপস্থিত থাকিব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়ন আৰু পাৰস্পৰিক সহযোগিতাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কোৱাড সন্মিলনে আশাৰ বতৰা দিছে। কোৱাডত ভাৰত, আমেৰিকা যুক্তৰাজ্য, জাপান আৰু অষ্ট্ৰেলিয়া অন্তৰ্ভুক্ত হৈ আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ