--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ষ্টাৰ ইণ্ডিয়ান জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ৯০.২৩ মিটাৰ থ্ৰ’ৰে ৯০ মিটাৰ বেৰিয়াৰ ক্লিয়াৰ কৰে যদিও ডাইমণ্ড লীগত জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পিছতে দ্বিতীয় স্থান দখল কৰে। 

এই বিশেষ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে। তেওঁ এক্সত লিখিছে: আচৰিত কৃতিত্ব! দোহা ডাইমণ্ড লীগ ২০২৫ত ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ' অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰালৈ অভিনন্দন।এয়া তেওঁৰ অক্লান্ত নিষ্ঠা, অনুশাসন আৰু আবেগৰ ফল। ভাৰত উত্তেজিত আৰু গৌৰৱান্বিত।

ডাইমণ্ড লীগৰ প্ৰাৰম্ভিক পৰ্যায়ত শীৰ্ষত আছিল নীৰজ চোপ্ৰা। কিন্তু এই সময়ছোৱাত ৱেবাৰে শেষ প্ৰচেষ্টাত ৯১.০৬ মিটাৰ থ্ৰ’ কৰে । এইদৰে তেওঁ ৯০ মিটাৰতকৈ অধিক নিক্ষেপ কৰা বিশ্বৰ ২৬ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয়। দুবাৰৰ বিশ্ব চেম্পিয়ন তথা পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৪.৬৫ মিটাৰ থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে। 

এই সন্দৰ্ভত চোপ্ৰাই কয়, ‘৯০ মিটাৰ বাধা অতিক্ৰম কৰি মই অতি সুখী, কিন্তু সেয়া আছিল এক তিতা-মিঠা অভিজ্ঞতা। মোৰ প্ৰশিক্ষক জান জেলেনস্কিয়ে কৈছিল যে আজি মই ৯০ মিটাৰ পাৰ হ’ব পাৰিম। বতাহে সহায় কৰিলে আৰু বতৰ অলপ উষ্ণ হোৱাটোৱেও সহায় কৰিলে। মই জুলিয়ানকো ক’লোঁ যে আমি ৯০ মিটাৰ নিক্ষেপ কৰিব পাৰো। তেওঁৰ বাবে মই বৰ সুখী।

অলিম্পিক চেম্পিয়ন পাকিস্তানৰ আৰ্ছাদ নাদীম

নীৰজ চোপ্ৰাই কয় যে মই বিশ্বাস কৰোঁ যে আগন্তুক প্ৰতিযোগিতাসমূহত মই ইয়াতকৈ আৰু অধিক নিক্ষেপ কৰিব পাৰিম। আমি কিছুমান দিশত কাম কৰিম আৰু এই ছিজনত পুনৰ ৯০ মিটাৰ অতিক্ৰম কৰিম। ভাৰতীয় কিশোৰী জেনাই ৭৮.৬০ মিটাৰ থ্ৰ’ৰে অষ্টম স্থান দখল কৰে। চোপ্ৰাই ৮৮.৪৪ মিটাৰত আৰম্ভণি কৰিছিল আৰু দ্বিতীয়টো থ্ৰ’ ফাউল আছিল। অলিম্পিকৰ দুটা পদক লাভ কৰা ২৭ বছৰীয়া চোপ্ৰাই তৃতীয়টো প্ৰচেষ্টাত ৯০.২৩ মিটাৰ থ্ৰ’ নিক্ষেপ কৰে। ইয়াৰ পিছত তেওঁ ৮০.৫৬ মিটাৰ থ্ৰ’, এটা ফাউল, আৰু ৮৮.২০ মিটাৰ থ্ৰ’ কৰে। তেওঁৰ বৰ্তমানৰ প্ৰশিক্ষক চেক গণৰাজ্যৰ জান জেলেনস্কি ৯০ মিটাৰতকৈ অধিক থ্ৰ’ৰে শীৰ্ষ জেভেলিন নিক্ষেপকাৰী।

টকিঅ’ অলিম্পিক চেম্পিয়ন চোপ্ৰাই ৯০ মিটাৰ অতিক্ৰম কৰা বিশ্বৰ ২৫ সংখ্যক খেলুৱৈ আৰু এছিয়াৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। অলিম্পিক চেম্পিয়ন পাকিস্তানৰ আৰ্ছাদ নাদীম (৯২.৯৭) আৰু চীনা টাইপেইৰ চাও ছান চেং (৯১.৩৬) আন একমাত্ৰ এছিয়ান খেলুৱৈ যিয়ে ৯০ মিটাৰৰ ওপৰত নিক্ষেপ কৰিছে। চোপ্ৰাই প্ৰথমবাৰৰ বাবে ২০১৮ চনত দোহা ডাইমণ্ড লীগত অংশগ্ৰহণ কৰিছিল যেতিয়া তেওঁ ৮৭.৪৩ মিটাৰ থ্ৰ’ৰে চতুৰ্থ স্থান দখল কৰিছিল। ইয়াত ২০২৩ চনত ৮৮.৬৭ মিটাৰ থ্ৰ’ৰে প্ৰথম স্থান দখল কৰিছিল আৰু ২০২৪ চনত ৮৮.৩৬ মিটাৰ থ্ৰ’ৰে দ্বিতীয় স্থান লাভ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
যমুনামুখত মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা; ৰে'ল বিভাগৰ উৰণসেতু মুকলি
আফ্ৰিকান ছ’ৱাইন ফিভাৰৰ সংক্ৰমণ ; গাহৰি পালকক সজাগ হ'বলৈ আহ্বান বিশ্বনাথৰ পশু চিকিৎসা বিভাগৰ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ