--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ষ্টাৰ ইণ্ডিয়ান জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ৯০.২৩ মিটাৰ থ্ৰ’ৰে ৯০ মিটাৰ বেৰিয়াৰ ক্লিয়াৰ কৰে যদিও ডাইমণ্ড লীগত জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পিছতে দ্বিতীয় স্থান দখল কৰে। 

এই বিশেষ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে। তেওঁ এক্সত লিখিছে: আচৰিত কৃতিত্ব! দোহা ডাইমণ্ড লীগ ২০২৫ত ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ' অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰালৈ অভিনন্দন।এয়া তেওঁৰ অক্লান্ত নিষ্ঠা, অনুশাসন আৰু আবেগৰ ফল। ভাৰত উত্তেজিত আৰু গৌৰৱান্বিত।

ডাইমণ্ড লীগৰ প্ৰাৰম্ভিক পৰ্যায়ত শীৰ্ষত আছিল নীৰজ চোপ্ৰা। কিন্তু এই সময়ছোৱাত ৱেবাৰে শেষ প্ৰচেষ্টাত ৯১.০৬ মিটাৰ থ্ৰ’ কৰে । এইদৰে তেওঁ ৯০ মিটাৰতকৈ অধিক নিক্ষেপ কৰা বিশ্বৰ ২৬ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয়। দুবাৰৰ বিশ্ব চেম্পিয়ন তথা পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৪.৬৫ মিটাৰ থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে। 

এই সন্দৰ্ভত চোপ্ৰাই কয়, ‘৯০ মিটাৰ বাধা অতিক্ৰম কৰি মই অতি সুখী, কিন্তু সেয়া আছিল এক তিতা-মিঠা অভিজ্ঞতা। মোৰ প্ৰশিক্ষক জান জেলেনস্কিয়ে কৈছিল যে আজি মই ৯০ মিটাৰ পাৰ হ’ব পাৰিম। বতাহে সহায় কৰিলে আৰু বতৰ অলপ উষ্ণ হোৱাটোৱেও সহায় কৰিলে। মই জুলিয়ানকো ক’লোঁ যে আমি ৯০ মিটাৰ নিক্ষেপ কৰিব পাৰো। তেওঁৰ বাবে মই বৰ সুখী।

অলিম্পিক চেম্পিয়ন পাকিস্তানৰ আৰ্ছাদ নাদীম

নীৰজ চোপ্ৰাই কয় যে মই বিশ্বাস কৰোঁ যে আগন্তুক প্ৰতিযোগিতাসমূহত মই ইয়াতকৈ আৰু অধিক নিক্ষেপ কৰিব পাৰিম। আমি কিছুমান দিশত কাম কৰিম আৰু এই ছিজনত পুনৰ ৯০ মিটাৰ অতিক্ৰম কৰিম। ভাৰতীয় কিশোৰী জেনাই ৭৮.৬০ মিটাৰ থ্ৰ’ৰে অষ্টম স্থান দখল কৰে। চোপ্ৰাই ৮৮.৪৪ মিটাৰত আৰম্ভণি কৰিছিল আৰু দ্বিতীয়টো থ্ৰ’ ফাউল আছিল। অলিম্পিকৰ দুটা পদক লাভ কৰা ২৭ বছৰীয়া চোপ্ৰাই তৃতীয়টো প্ৰচেষ্টাত ৯০.২৩ মিটাৰ থ্ৰ’ নিক্ষেপ কৰে। ইয়াৰ পিছত তেওঁ ৮০.৫৬ মিটাৰ থ্ৰ’, এটা ফাউল, আৰু ৮৮.২০ মিটাৰ থ্ৰ’ কৰে। তেওঁৰ বৰ্তমানৰ প্ৰশিক্ষক চেক গণৰাজ্যৰ জান জেলেনস্কি ৯০ মিটাৰতকৈ অধিক থ্ৰ’ৰে শীৰ্ষ জেভেলিন নিক্ষেপকাৰী।

টকিঅ’ অলিম্পিক চেম্পিয়ন চোপ্ৰাই ৯০ মিটাৰ অতিক্ৰম কৰা বিশ্বৰ ২৫ সংখ্যক খেলুৱৈ আৰু এছিয়াৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। অলিম্পিক চেম্পিয়ন পাকিস্তানৰ আৰ্ছাদ নাদীম (৯২.৯৭) আৰু চীনা টাইপেইৰ চাও ছান চেং (৯১.৩৬) আন একমাত্ৰ এছিয়ান খেলুৱৈ যিয়ে ৯০ মিটাৰৰ ওপৰত নিক্ষেপ কৰিছে। চোপ্ৰাই প্ৰথমবাৰৰ বাবে ২০১৮ চনত দোহা ডাইমণ্ড লীগত অংশগ্ৰহণ কৰিছিল যেতিয়া তেওঁ ৮৭.৪৩ মিটাৰ থ্ৰ’ৰে চতুৰ্থ স্থান দখল কৰিছিল। ইয়াত ২০২৩ চনত ৮৮.৬৭ মিটাৰ থ্ৰ’ৰে প্ৰথম স্থান দখল কৰিছিল আৰু ২০২৪ চনত ৮৮.৩৬ মিটাৰ থ্ৰ’ৰে দ্বিতীয় স্থান লাভ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ