--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এলিট ইণ্টাৰনেশ্যনেল বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ হতাশাজনক প্ৰদৰ্শন অব্যাহত আছে। বিশ্বৰ দশম স্থানৰ মহিলা ডাবলছৰ যুটি তৃষা জলী আক নায়ত্রী গোপীচান্দসহ অবশিষ্ট আন শ্বাটলাৰসকল পৰাজিত হোৱাৰ লগে লগে থাইলেণ্ড অ'পেন ছুপাৰ ৫০০ বেডমিন্টনত আজি ভাৰতৰ অভিযানৰো সমাপ্তি ঘটে। তৃষা আৰু গায়ত্রী ফুটিয়ে দ্বিতীয় ৰাউণ্ডত জাপানাৰ ৰই হিৰকামী আৰু ছায়েকা হবাৰা যুটিৰ হাতত ২০-২২, ১৪-২১ ব্যবধানত পৰাজিত হয়। 

লক্ষ্য সেনে বুধবাৰে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডতে বিদায় লোৱাৰ পাছত প্রতিযোগিতাখনত বর্তি থকা অন্তিম এলিট ভাৰতীয় খেলুবৈ হিচাপে আছিল তৃষা-গায়ত্রী। ইফালে, যুৱ ভাৰতীয় খেলুৱৈ হিচাপে উন্নতি হোডা, মালবিকা বানছুড় আৰু আকর্ষী কাশ্যপে প্রতিযোগিতাখনাত প্রভাৱী প্রদর্শন দাঙি ধৰিব নোৱাৰিলে। মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত উচ্চ বেংকৰ খেলুৱৈৰ হাতত কেইবাগৰাকীয়ে পোনপটীয়া ব্যৱধানত পৰাজয় বৰণ কৰে। 

সেই অনুসৰি ১৭ বছৰীয়া উন্নতিয়ে বিশ্বৰ দ্বিতীয় স্থানক তথ্য শীর্ষ বাঙনিৰ পর্নপারী চকৰভৰ হাতত ১৪-২১, ১১-২১ ব্যবধানত হাৰ মানে। আনহাতে, বিশ্বৰ ২৩সংখ্যক স্থানৰ মালবিকাই থাইলেণ্ডৰ ৰচানক ইন্টাননৰ বিৰুদ্ধে পৰাজিত হয় ১২-২১. ১৬-২১ পইন্টত। ইয়াৰ উপৰি, আকর্ষীয়ে থাইলেণ্ডবে ছুপানিডা কেটেথঙৰ হাতত ১-২১, ১৪-২১ ব্যবধানত পৰাজয় স্বীকাৰ কৰে। ইফালে, পুৰুষৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতীয় থাকন মায়ে পালীয়ে এণ্ডাৰ্ছ এল্টনছেনৰ বিৰুদ্ধে ৪২ মিনিটৰ যুঁজত পৰাজিত হয় ১৪-২১, ১৬-২১ পইণ্টত।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত