--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশিশুসকলে আৰু এতিয়া  টেষ্ট ক্ৰিকেট চাবলৈ টকা খৰচ কৰাৰ প্ৰয়োজন নাই। এতিয়াৰ পৰা বিনামূলীয়াকৈ টেষ্ট ক্ৰিকেট উপভোগ কৰিব পাৰিব শিশুৱে। এই কথা ঘোষণা কৰিছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াই।

ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩ টেষ্ট মেচ ছিৰিজত শিশুসকলে ষ্টেডিয়ামত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব বুলি জানিবলৈ দিছে। অহা মাহৰ পৰা আৰম্ভ হ’ব এই ছিৰিজখন।

বাৰ্বাডোছৰ কেনচিংটন অ’ভেল, গ্ৰেনাডাৰ গ্ৰেনাডা নেশ্যনেল ষ্টেডিয়াম আৰু জামাইকাৰ চেবিন পাৰ্কত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট মেচত সকলো শিশুকে বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব।

কেনচিংটন অভালত “WI Home – Full of Energy” অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দি চিইঅ’ ডেহৰিঙে কয় যে, “চিডব্লিউআইত আমি বিশ্বাস কৰোঁ যে প্ৰতিজন শিশুৱে টেষ্ট ক্ৰিকেটৰ সুবিধা লাভ কৰাটো এটা মানৱ অধিকাৰ।কেৰিবিয়ানৰ প্ৰতিটো শিশুৱে টেষ্ট ক্ৰিকেটৰ সুবিধা লাভ কৰাটো এটা মানৱ অধিকাৰ।”

ডেহৰিঙে আৰু কয়, “এই বছৰ প্ৰথমবাৰৰ বাবে আমি এনে নীতি লৈ আহিছো যাতে প্ৰতিটো শিশুৱে বিনামূলীয়াকৈ টেষ্ট ক্ৰিকেট চাবলৈ আহিব পাৰে।” তেওঁ আগলৈ কয়, ‘টিকটৰ প্ৰয়োজন নাই, ই আপোনাৰ মানৱ অধিকাৰ।

২৫ জুনৰ পৰা আৰম্ভ হ’ব ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট শৃংখলা।৩ জুলাইৰ পৰা দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব, আনহাতে টেষ্ট শৃংখলাৰ অন্তিমখন মেচ ১২ জুলাইৰ পৰা আৰম্ভ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ