--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশিশুসকলে আৰু এতিয়া  টেষ্ট ক্ৰিকেট চাবলৈ টকা খৰচ কৰাৰ প্ৰয়োজন নাই। এতিয়াৰ পৰা বিনামূলীয়াকৈ টেষ্ট ক্ৰিকেট উপভোগ কৰিব পাৰিব শিশুৱে। এই কথা ঘোষণা কৰিছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াই।

ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩ টেষ্ট মেচ ছিৰিজত শিশুসকলে ষ্টেডিয়ামত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব বুলি জানিবলৈ দিছে। অহা মাহৰ পৰা আৰম্ভ হ’ব এই ছিৰিজখন।

বাৰ্বাডোছৰ কেনচিংটন অ’ভেল, গ্ৰেনাডাৰ গ্ৰেনাডা নেশ্যনেল ষ্টেডিয়াম আৰু জামাইকাৰ চেবিন পাৰ্কত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট মেচত সকলো শিশুকে বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব।

কেনচিংটন অভালত “WI Home – Full of Energy” অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দি চিইঅ’ ডেহৰিঙে কয় যে, “চিডব্লিউআইত আমি বিশ্বাস কৰোঁ যে প্ৰতিজন শিশুৱে টেষ্ট ক্ৰিকেটৰ সুবিধা লাভ কৰাটো এটা মানৱ অধিকাৰ।কেৰিবিয়ানৰ প্ৰতিটো শিশুৱে টেষ্ট ক্ৰিকেটৰ সুবিধা লাভ কৰাটো এটা মানৱ অধিকাৰ।”

ডেহৰিঙে আৰু কয়, “এই বছৰ প্ৰথমবাৰৰ বাবে আমি এনে নীতি লৈ আহিছো যাতে প্ৰতিটো শিশুৱে বিনামূলীয়াকৈ টেষ্ট ক্ৰিকেট চাবলৈ আহিব পাৰে।” তেওঁ আগলৈ কয়, ‘টিকটৰ প্ৰয়োজন নাই, ই আপোনাৰ মানৱ অধিকাৰ।

২৫ জুনৰ পৰা আৰম্ভ হ’ব ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট শৃংখলা।৩ জুলাইৰ পৰা দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব, আনহাতে টেষ্ট শৃংখলাৰ অন্তিমখন মেচ ১২ জুলাইৰ পৰা আৰম্ভ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত