--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ জগতৰ সন্মানীয় বঁটা আইফা ২০২২ ঘোষণা কৰা হৈছে৷ এইবেলি অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা অভিনীত একছনধৰ্মী ছবি  'শ্বেৰশ্বাহ' -এ আইফাৰ শ্ৰেষ্ঠ ছবি হিচাবে সন্মন অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ আনহাতে অভিনেতা বিকি কৌশল, কৃতি চেননে শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান আজুৰি আনিবলৈ  সক্ষম হৈছে। 

আবু ধাবিৰ য়াছ দ্বীপৰ য়াছ বে ৱাটাৰফ্ৰণ্টৰ  ইতিহাদ এৰেনাত অনুষ্ঠিত হোৱা আইফাৰ বঁটা প্ৰদান অনুষ্ঠানত দেশ-বিদেশৰ বহু চেলিব্ৰেটিয়ে অংশগ্ৰহণ কৰে৷

কৰণ জোহৰ প্ৰযোজিত, 'শ্বেৰশ্বাহ য়ে শ্ৰেষ্ঠ চলচ্চিত্ৰ লগতে শ্ৰেষ্ঠ পৰিচালনাৰ সন্মান লাভ কৰিছে। ছবিখন, কাৰ্গিল যুদ্ধৰ নায়ক কেপ্টেইন বিক্ৰম বাত্ৰাৰ জীৱনৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰা হৈছে৷ 

শ্ৰেষ্ঠ গায়ক-গায়িকাৰ শিতানত ক্ৰমে  ৰাতান লম্বিয়ানৰ বাবে জুবিন নটিয়াল আৰু আচিছ কৌৰক পুৰস্কৃত কৰা হয়। শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ সন্মান লাভ কৰিছে এ আৰ ৰহমানৰ "আত্ৰংগী ৰে"৷   

অনুৰাগ বসুক তেওঁৰ বহু প্ৰশংসিত ২০২০ চনত মুক্তি প্ৰাপ্ত "লুডো"ৰ বাবে শ্ৰেষ্ঠ মূল কাহিনীৰ বঁটা প্ৰদান কৰা হৈছে ৷

১৯৮৩ চনৰ ভাৰতৰ ক্ৰিকেট বিশ্বকাপ বিজয়ৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰ "৮৩"ৰ বাবে কবীৰ খান আৰু সঞ্জয় পুৰাণ সিং চৌহানে শ্ৰেষ্ঠ অভিযোজিত কাহিনীৰ সন্মান লাভ কৰিছে। "চৰ্দাৰ উধম"ত স্বাধীনতা সংগ্ৰামী উধম সিঙৰ চৰিত্ৰৰ বাবে বিকি কৌশলক  শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচন কৰা হয়। 

সুজিত চিৰকাৰে পৰিচালনা কৰা ছবি খন বিগত বৰ্ষত  প্ৰাইম ভিডিঅ'ত মুক্তি দিয়া হৈছিল। শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰি আনন্দিত হৈ পৰা বিকিয়ে তেওঁৰ এই সফলতাৰ বাবে  তেওঁৰ পৰিয়াল,  কেটৰিনা কাইফ, চিৰকাৰ আৰু প্ৰযোজক ৰনি লাহিড়ীক ধন্যবাদ জনাইছে।

 অভিনেতাজনে তেওঁৰ প্ৰথম শ্ৰেষ্ঠ অভিনেতাৰ এই সন্মান প্ৰয়াত অভিনেতা ইৰফান খানৰ নামত উৎসৰ্গিত কৰিছে৷ অভিনেত্ৰী কৃতি চেননে  "মিমি"ত কৰা অপূৰ্ব অভিনয়ৰ বাবে  শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে৷   পংকজ ত্ৰিপাঠীয়ে "লুডো"ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰিছে।  কৌছাৰ মুনিৰে কবীৰ খানৰ "৮৩"ৰ পৰা "লেহৰে দো" গানটোৰ বাবে শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। 

অভিনেত্ৰী শৰৱৰী ৱাঘে তেওঁৰ ছবি "বান্টি ঔৰ বাবলি ২"ৰ বাবে শ্ৰেষ্ঠ  বঁটা লাভ কৰে। বঁটা প্ৰদান অনুষ্ঠানটো চলমান খান, ৰিতেশ দেশমুখ আৰু মণিশ পলৰ লগতে  অভিষেক বচ্চন, টাইগাৰ শ্ৰফ, অনন্যা পাণ্ডে, চাৰা আলী খান, নোৰা ফাতেহীৰ দ্বাৰা আদি অভিনেতা-অভিনেত্ৰীসকল উপস্থিত আছিল৷ অনুষ্ঠানত প্ৰয়াত সংগীত পৰিচালক বাপ্পী লাহিড়ীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷   

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?