--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্রেইনৰে যুদ্ধ অন্ত পেলোৱাত নতুন চর্ত আৰোপ কৰিছে। পুটিনে পশ্চিমীয়া দেশৰ নেতাসকলৰ প্ৰতি দাবী জনাইছে যে নাটোৰ দেশসমূহে ইউক্রেইনক সমর্থন দিয়াটো বন্ধ কৰিব লাগে আৰু ৰাছিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাবোৰ উঠাই ল'ব লাগে। আনহাতে, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে দুয়োখন দেশৰ মাজৰ ভয়ংকৰ যুদ্ধখন বন্ধ কৰাৰ বাবে প্রচেষ্টা অব্যাহত ৰখাৰ মাজতে পুটিনৰ এই নতুন চৰ্তই ৰাষ্ট্ৰপতি ট্রাম্পক হতাশ কৰিছে।

ট্রাম্পে ইতিমধ্যে ৰুছ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীক এই বিষয়ৰ কঠোৰ সমালোচনা কৰিছে। যোৱা সপ্তাহত ট্রাম্পৰ সৈতে হোৱা বাৰ্তালাপৰ পাছত পুটিনে কয় যে ইউক্রেইনৰ সৈতে যুদ্ধ-বিৰতিৰ বিষয়ত তেওঁলোকে এখন খচৰা প্ৰস্তুত কৰি আছে আৰু কিমান দিনৰ ভিতৰত এইখন সম্পূর্ণ হয়, সেইটো ঠাৱৰ কৰিব পৰা নাই।

আনহাতে, ইউক্রেইন আৰু ইউৰোপীয় দেশসমূহে পূব ইউক্রেইনত ৰুছ বাহিনীয়ে আগ্রাসন চলোৱাৰ বাবে মস্কোক পুনৰ জগৰীয়া কৰিছে। ৰাছিয়াই ইতিমধ্যে ইয়াৰ সীমান্তবর্তী ইউক্রেইনী চহৰ চুমি আৰু খাৰকিভ দখল কৰাৰ দাবী কৰিছে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত