--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্রেইনৰে যুদ্ধ অন্ত পেলোৱাত নতুন চর্ত আৰোপ কৰিছে। পুটিনে পশ্চিমীয়া দেশৰ নেতাসকলৰ প্ৰতি দাবী জনাইছে যে নাটোৰ দেশসমূহে ইউক্রেইনক সমর্থন দিয়াটো বন্ধ কৰিব লাগে আৰু ৰাছিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাবোৰ উঠাই ল'ব লাগে। আনহাতে, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে দুয়োখন দেশৰ মাজৰ ভয়ংকৰ যুদ্ধখন বন্ধ কৰাৰ বাবে প্রচেষ্টা অব্যাহত ৰখাৰ মাজতে পুটিনৰ এই নতুন চৰ্তই ৰাষ্ট্ৰপতি ট্রাম্পক হতাশ কৰিছে।

ট্রাম্পে ইতিমধ্যে ৰুছ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীক এই বিষয়ৰ কঠোৰ সমালোচনা কৰিছে। যোৱা সপ্তাহত ট্রাম্পৰ সৈতে হোৱা বাৰ্তালাপৰ পাছত পুটিনে কয় যে ইউক্রেইনৰ সৈতে যুদ্ধ-বিৰতিৰ বিষয়ত তেওঁলোকে এখন খচৰা প্ৰস্তুত কৰি আছে আৰু কিমান দিনৰ ভিতৰত এইখন সম্পূর্ণ হয়, সেইটো ঠাৱৰ কৰিব পৰা নাই।

আনহাতে, ইউক্রেইন আৰু ইউৰোপীয় দেশসমূহে পূব ইউক্রেইনত ৰুছ বাহিনীয়ে আগ্রাসন চলোৱাৰ বাবে মস্কোক পুনৰ জগৰীয়া কৰিছে। ৰাছিয়াই ইতিমধ্যে ইয়াৰ সীমান্তবর্তী ইউক্রেইনী চহৰ চুমি আৰু খাৰকিভ দখল কৰাৰ দাবী কৰিছে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ