--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অৱশেষত ড'নাল্ড ট্রাম্পৰ সংগ এৰিলে ইলন মাস্কে। মাস্কে বিদায় ল'লে ট্রাম্প চৰকাৰৰ পৰা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ উপদেষ্টা আৰু স্পেচিয়েল গবর্নমেন্ট এমপ্লয়ী হিচাপে সেৱা আগবঢ়োৱা বিলিয়নেয়াৰ উদ্যোগী মাস্কে ঘোষণা কৰে যে তেওঁ হোৱাইট হাউছ আৰু চৰকাৰী দক্ষতা বিভাগ (ডি অ'জিই) গঠনৰ বাবে তেওঁক দিয়া কামৰ পৰা তেওঁ বিদায় লৈছে।

তেওঁ সামাজিক মাধ্যম এক্সত কয়, 'স্পেচিয়েল গবর্নমেন্ট এমপ্লয়ী ৰূপে মোৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ সময়ত, অপব্যয় হ্রাস কৰিবলৈ মোক সুবিধা দিয়া বাবে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক মই ধন্যবাদ জনাইছোঁ। চৰকাৰৰ জীৱন ধাৰা হৈ পৰাৰ পাছত ডি অ' জি ই অভিযান শক্তিশালী হ'ব।' মাস্কৰ এই প্ৰস্থান যদিও স্বাভাৱিক যেন দেখাইছে, ইয়াৰ মাজত কিন্তু মাস্কৰ অসন্তুষ্টি আছে। মাস্কক দায়িত্ব দিয়া হৈছিল 'অপব্যয়' হ্রাস কৰাৰ কিন্তু ৰাষ্ট্ৰপতি ট্রাম্পে দুদিনমানৰ আগতে নতুনকৈ উত্থাপন কৰা 'বিগ, বিউটিফুল' (বৃহৎ, সুন্দৰ) ব্যয়ৰ বিধেয়কক লৈ মাস্কে সমালোচনা কৰিছিল।

ট্রাম্প চৰকাৰে দাবী কৰিছিল যে এতিয়ালৈকে হোবা বৃহত্তম কল্যাণ সংস্কাৰকে ধৰি এইখন বিধেয়কে বাধ্যতামূলক ব্যয়ত ১.৬ ট্রিলিয়ন ডলাৰ ৰাহি কৰিব। কিন্তু মাস্ক বিধেয়কখনক লৈ অসন্তুষ্ট আছিল। তেওঁ এটা সংবাদ মাধ্যমত কৈছিল, 'প্ৰচুৰ ব্যয়ৰ এই বিধেয়খনক লৈ মই অসন্তুষ্ট। এই বিধেয়ককে বাজেট ঘাটি বৃদ্ধি কৰিব আৰু ডি অ'জি ই দলটোৱে কৰি থকা কাম তলে তলে দুৰ্বল কৰিব।' মাস্কৰ কোম্পানী টেছলাৰ শেহতীয়া এক ৱেবকাষ্টতো মাস্কে নিশ্চিত কৰিছিল যে তেওঁ মে'ত হোৱাইট হাউছ আৰু ডি অ' জি ই এৰিব আৰু নিজৰ কোম্পানীবোৰত মনোযোগ দিব।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ