--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অৱশেষত ড'নাল্ড ট্রাম্পৰ সংগ এৰিলে ইলন মাস্কে। মাস্কে বিদায় ল'লে ট্রাম্প চৰকাৰৰ পৰা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ উপদেষ্টা আৰু স্পেচিয়েল গবর্নমেন্ট এমপ্লয়ী হিচাপে সেৱা আগবঢ়োৱা বিলিয়নেয়াৰ উদ্যোগী মাস্কে ঘোষণা কৰে যে তেওঁ হোৱাইট হাউছ আৰু চৰকাৰী দক্ষতা বিভাগ (ডি অ'জিই) গঠনৰ বাবে তেওঁক দিয়া কামৰ পৰা তেওঁ বিদায় লৈছে।

তেওঁ সামাজিক মাধ্যম এক্সত কয়, 'স্পেচিয়েল গবর্নমেন্ট এমপ্লয়ী ৰূপে মোৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ সময়ত, অপব্যয় হ্রাস কৰিবলৈ মোক সুবিধা দিয়া বাবে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক মই ধন্যবাদ জনাইছোঁ। চৰকাৰৰ জীৱন ধাৰা হৈ পৰাৰ পাছত ডি অ' জি ই অভিযান শক্তিশালী হ'ব।' মাস্কৰ এই প্ৰস্থান যদিও স্বাভাৱিক যেন দেখাইছে, ইয়াৰ মাজত কিন্তু মাস্কৰ অসন্তুষ্টি আছে। মাস্কক দায়িত্ব দিয়া হৈছিল 'অপব্যয়' হ্রাস কৰাৰ কিন্তু ৰাষ্ট্ৰপতি ট্রাম্পে দুদিনমানৰ আগতে নতুনকৈ উত্থাপন কৰা 'বিগ, বিউটিফুল' (বৃহৎ, সুন্দৰ) ব্যয়ৰ বিধেয়কক লৈ মাস্কে সমালোচনা কৰিছিল।

ট্রাম্প চৰকাৰে দাবী কৰিছিল যে এতিয়ালৈকে হোবা বৃহত্তম কল্যাণ সংস্কাৰকে ধৰি এইখন বিধেয়কে বাধ্যতামূলক ব্যয়ত ১.৬ ট্রিলিয়ন ডলাৰ ৰাহি কৰিব। কিন্তু মাস্ক বিধেয়কখনক লৈ অসন্তুষ্ট আছিল। তেওঁ এটা সংবাদ মাধ্যমত কৈছিল, 'প্ৰচুৰ ব্যয়ৰ এই বিধেয়খনক লৈ মই অসন্তুষ্ট। এই বিধেয়ককে বাজেট ঘাটি বৃদ্ধি কৰিব আৰু ডি অ'জি ই দলটোৱে কৰি থকা কাম তলে তলে দুৰ্বল কৰিব।' মাস্কৰ কোম্পানী টেছলাৰ শেহতীয়া এক ৱেবকাষ্টতো মাস্কে নিশ্চিত কৰিছিল যে তেওঁ মে'ত হোৱাইট হাউছ আৰু ডি অ' জি ই এৰিব আৰু নিজৰ কোম্পানীবোৰত মনোযোগ দিব।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত