--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তান জন্ম দিব বিচৰা কিন্তু স্বাভাৱিকভাৱে পিতৃ-মাতৃ হ’ব নোৱাৰা বৃহৎ সংখ্যক লোকে IVFৰ সহায় লয়। আইভিএফ অৰ্থাৎ ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন প্ৰক্ৰিয়াই বহুতকে পিতৃ-মাতৃ হোৱাৰ সুখ দিছে। ইয়াৰ লগত জড়িত বহু প্ৰশ্ন মানুহৰ মনত জাগি উঠে। 

প্ৰায়ে মানুহৰ মনত এটা প্ৰশ্ন উদয় হয় যে আইভিএফ প্ৰক্ৰিয়াৰ ফলত সদায় যমজ সন্তান জন্ম হয় নেকি? আইভিএফ বিশেষজ্ঞ তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ প্ৰমোদিতা আগৰৱালাই কয় যে আইভিএফৰ জৰিয়তে যমজ সন্তান জন্মৰ আঁৰত এটা যুক্তি আছে।

আইভিএফৰ সময়ত পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বানু লোৱা হয়। ধৰা হ’ল ১০টা শুক্ৰাণু আৰু ১০টা ডিম্বানু লোৱা হ’ল। এইবোৰৰ পৰাই ভ্ৰূণ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। এতিয়া সকলো ভ্ৰূণ সম্পূৰ্ণৰূপে বিকশিত হব নে নাই সেয়া ক’ব নোৱাৰি। 

যদি ৫টা ভ্ৰূণো সম্পূৰ্ণৰূপে বিকশিত হয় তেন্তে সেইবোৰ জৰায়ুত সুমুৱাই দিয়া হয়। ইয়াৰ পিছতো যে এই পাঁচটা ভ্ৰূণে কেঁচুৱাৰ ৰূপ ল’ব তাৰ কোনো ভৰসা নাই। অধিক ভ্ৰূণ সোমোৱাৰ উদ্দেশ্য হৈছে আইভিএফৰ সফলতাৰ হাৰ বৃদ্ধি কৰা।

ইয়াৰ পিছত ৰোগীক কিমান ভ্ৰূণ গঢ় লৈ উঠিছে সেই কথা কোৱা হয় আৰু ৰোগীৰ লগত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হয়। প্ৰায়ে এই প্ৰক্ৰিয়াত যমজ সন্তান জন্ম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ