--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তান জন্ম দিব বিচৰা কিন্তু স্বাভাৱিকভাৱে পিতৃ-মাতৃ হ’ব নোৱাৰা বৃহৎ সংখ্যক লোকে IVFৰ সহায় লয়। আইভিএফ অৰ্থাৎ ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন প্ৰক্ৰিয়াই বহুতকে পিতৃ-মাতৃ হোৱাৰ সুখ দিছে। ইয়াৰ লগত জড়িত বহু প্ৰশ্ন মানুহৰ মনত জাগি উঠে। 

প্ৰায়ে মানুহৰ মনত এটা প্ৰশ্ন উদয় হয় যে আইভিএফ প্ৰক্ৰিয়াৰ ফলত সদায় যমজ সন্তান জন্ম হয় নেকি? আইভিএফ বিশেষজ্ঞ তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ প্ৰমোদিতা আগৰৱালাই কয় যে আইভিএফৰ জৰিয়তে যমজ সন্তান জন্মৰ আঁৰত এটা যুক্তি আছে।

আইভিএফৰ সময়ত পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বানু লোৱা হয়। ধৰা হ’ল ১০টা শুক্ৰাণু আৰু ১০টা ডিম্বানু লোৱা হ’ল। এইবোৰৰ পৰাই ভ্ৰূণ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। এতিয়া সকলো ভ্ৰূণ সম্পূৰ্ণৰূপে বিকশিত হব নে নাই সেয়া ক’ব নোৱাৰি। 

যদি ৫টা ভ্ৰূণো সম্পূৰ্ণৰূপে বিকশিত হয় তেন্তে সেইবোৰ জৰায়ুত সুমুৱাই দিয়া হয়। ইয়াৰ পিছতো যে এই পাঁচটা ভ্ৰূণে কেঁচুৱাৰ ৰূপ ল’ব তাৰ কোনো ভৰসা নাই। অধিক ভ্ৰূণ সোমোৱাৰ উদ্দেশ্য হৈছে আইভিএফৰ সফলতাৰ হাৰ বৃদ্ধি কৰা।

ইয়াৰ পিছত ৰোগীক কিমান ভ্ৰূণ গঢ় লৈ উঠিছে সেই কথা কোৱা হয় আৰু ৰোগীৰ লগত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হয়। প্ৰায়ে এই প্ৰক্ৰিয়াত যমজ সন্তান জন্ম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ