--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিম এবিধ ঔষধি গছ। নিমৰ আছে বহু উপকাৰিতা। ইয়াৰ ডাল, পাত,ৰস,শিপা বা মুল সকলোখিনিয়ে উপযোগী। নিম গছৰ কাঠ খুব টান আৰু কেতিয়াও ঘূনপোক নধৰে,উইপোকেও খাব নোৱাৰে আৰু এই কাৰণে আজিকালি নিমৰ আচবাব পত্ৰও তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও প্ৰাচীন কালৰে পৰাই বাদ্যযন্ত্ৰ বনোৱাৰ কাৰণে নিম কাঠ ব্যৱহৃত হৈ আছে। 

ভাৰতত নিমক পবিত্ৰ গছ, আৰু সকলো ৰোগৰ দৰব বুলি গণ্য কৰা হয়। নিমৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী ভাৰতত ঔষধৰূপে দুহাজাৰ বছৰৰো অধিক কাল ব্যৱহৃত হৈ আহিছে।নিমক আয়ুর্বেদত এক অতুলনীয় ঔষধ হিচাবে বিবেচনা কৰা হয়। বহু স্বাস্থ্য সমস্যা দূৰ কৰিবলৈ ইয়াৰ ব্যৱহাৰ কার্যকৰী হিচাপে বিবেচিত হৈছে।

নিম এনে এবিধ উদ্ভিদ, যাৰ প্রতিটো অংশই স্বাস্থ্য সম্পর্কিত সমস্যাবোৰ দূৰ কৰাত ব্যৱহৃত হয়। নিমগছৰ পাত, ডাল, ছাল, বীজ, ফল বা ফুল বিভিন্ন ৰোগ নিৰাময়ৰ বাবে আয়ুর্বেদিক প্রতিকাৰত ব্যৱহৃত হয়।

প্রতিদিনে নিমপাত খোৱাৰ কেইটামান উপকাৰিতা সম্পর্কে ইয়াত ক’ব বিচৰা হৈছে৷ আয়ুর্বেদ অনুসৰি নিমপাত আমাৰ স্নায়ুজনিত ব্যাধি সামঞ্জস্য কৰাৰ ক্ষেত্রত বিশেষভাবে গুৰুত্বপূর্ণ। 

নিম গছৰ উপকাৰিতাসমূহ হ'ল-

১)নিমৰ পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি বুলি কোৱা হয়।

২)নিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে বুলি কোৱা হয়।

৩)বহুতো চিকিৎসকৰ মতে নিমৰ কোমল পাতৰ গুড়ি ৫ গ্রাম গৰম পানীত মিহলাই খালে বসন্ত ৰোগ বা অন্যান্য ৰোগ প্রতিৰোধ হয়।

৪)জণ্ডিছ আৰু বহুমূত্র ৰোগত নিমপাতৰ ৰস খালে সুফল পোৱা যায়।

৫)মহানিমৰ পাত সিজাই চেঁচা হ'লে ইয়াৰে মূৰ ধূলে উফি নাইকিয়া হয়, চুলিবোৰ ভাল হয়, মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।

৬)সকলো প্রকাৰৰ খৰ-খজুৱটি, ছালৰ ৰোগ, ফোহাপবাতিয়া আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা প্রৰিত্রাণ পোৱা যায়।

৭)মহানিমৰ  ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়।

৮)সকলো প্রকাৰৰ জ্বৰ, কাহ কফ আদিৰ পৰা প্রৰিত্রাণ পাবলৈ মহানিম পাতৰ ভাজি ব্যৱহাৰ কৰাটো উচিত।
  
৯)তেজ বমি হ'লে বা এনে বদহজম হৈ বমি হ'লে নিম পাতৰ ৰস খালে বন্ধ হয়।

১০)যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ'লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায়।

১১)দাঁত উজ্জল আৰু ভাল হয়, দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।

১২)মূৰত ওকণি হ'লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়।

১৩)নিমতেল গাত ঘঁহিলেও বা ভৰি-হাতত ভালদৰে ঘঁহিলেও গাৰ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱা যায়।

১৪)নিম গছ ঘৰত থাকিলে বায়ু বিশুদ্ধ হয়। ফলত স্বাস্থ্য সুস্থ হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান