--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লা লিগা খেলত বাৰ্চিলোনাই চেভিলাক ১-০ গ'লত পৰাস্ত কৰে। কেম্প ন্যুত খেলা এই খেলখনত ১৯ বছৰীয়া স্পেনিছ মিডফিল্ডাৰ পেড্ৰীয়ে সুন্দৰ প্ৰদৰ্শৰে ৭২ মিনিটত গ'ল কৰি দলটোক অপৰাজিত অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ পাছত, চেভিলাৰ খেলুৱৈ ইভান ৰেকিটিকে এক বিশেষ কাৰণত যথেষ্ট চৰ্চা লাভ কৰে।

ৰেকিটিকে প্ৰথমে তেওঁৰ টি-চাৰ্টটো খুলি এজন অনুৰাগীক দিছিল, তাৰ পাছত তেওঁ তেওঁৰ পেণ্টটো খুলি আন এজন অনুৰাগীক দিছিল। তাৰ পিছত তেওঁৰ আণ্ডাৰৱেৰৰ ষ্টেণ্ডলৈ দলিয়াই দিছিল। সমগ্ৰ ঘটনাটোৰ ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ক্ৰোৱেচিয়ান ফুটবলাৰ ৰেকিটিকে ২০২০ চনলৈকে বাৰ্চিলোনাৰ অংশ আছিল আৰু তাৰ পিছত বৰ্তমানৰ দল চেভিলালৈ স্থানান্তৰিত হৈছিল। খেলখন শেষ হোৱাৰ পাছত, তেওঁ তাত উপস্থিত বাৰ্চিলোনা অনুৰাগীসকলক তেওঁৰ চেভিলা কিট দিছিল আৰু তেওঁলোকক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনাইছিল।

এই জয়ে বাৰ্চিলোনাক ২৯ খন খেলৰ পৰা ৫৭ পইণ্ট লাভ কৰি লা লিগা তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত কৰাত সহায় কৰে, ৰিয়েল মাদ্ৰিদে ৩০ খন মেচৰ পৰা ৬৯ পইণ্ট লাভ কৰি প্ৰথম স্থানত আছে।

ইফালে,  মাদ্ৰিদে ৩০ খন মেচৰ পৰা ৫৭ পইণ্ট আৰু চেভিলাই ৩০ খন মেচৰ পৰা ৫৭ পইণ্ট লাভ কৰি চতুৰ্থ স্থানত আছে।

বাৰ্চিলোনাত থাকোঁতে ৰেকিটিকে কেম্প ন্যুত চাৰিটা লা লিগা খিতাপ, চাৰিটা কোপা ডেল ৰে খিতাপ, দুটা চুপাৰকোপা ডি এস্পানা ট্ৰফী, এটা চেম্পিয়নছ লীগ, এটা ইউৰোপিয়ান চুপাৰ কাপ আৰু ক্লাব বিশ্বকাপকে ধৰি সকলো জয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত