--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কল হ’ল বহু গুণেৰে সমৃদ্ধ এবিধ ফল। এই ফলবিধ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ কল খোৱাটো কিমানদূৰ উপকাৰী সেই কথা আমি সকলোৱে নাজানো। কিন্তু কলত পটাছিয়াম আৰু কেলছিয়াম ভৰপূৰ মাত্ৰাত পোৱাৰ কথা আমি সকলোৱে জানো। সেয়েহে কল সেৱনে কেৱল বিপি নিয়ন্ত্ৰণত ৰখাই নহয়, হাড়ো শক্তিশালী কৰে। গ্ৰীষ্মকালত কলক শক্তিৰ মুখ্য উৎস বুলিও গণ্য কৰা হয়।

 ১. কলত যথেষ্ট কাৰ্বোহাইড্ৰেট থাকে বাবে ইয়াৰ সেৱনে পেট সোনকালে ভৰাই তোলে। যদি পুৱাৰ আহাৰৰ তালিকাত কল অন্তৰ্ভুক্ত কৰিব পাৰে, কিয়নো কলে তাৎক্ষণিক শক্তি প্ৰদান কৰে।

২. মানসিক চাপ উপশম কৰাতো কল যথেষ্ট উপকাৰী। দৰাচলতে কলত ট্ৰিপ্টোফেন নামৰ এবিধ উপাদান পোৱা যায়। এই ট্ৰিপ্টোফেনৰ ফলত আমাৰ শৰীৰত চেৰোটনিন উৎপন্ন হয়। চেৰোটনিনক সুখী হৰমন বুলিও কোৱা হয়। ই মানসিক চাপ আঁতৰাত সহায় কৰে।

 ৩. পাচন সম্পৰ্কীয় সমস্যা আঁতৰ কৰাতো কল যথেষ্ট উপকাৰী। দৰাচলতে, কলত থকা শ্বেতসাৰ আমাৰ পাচনতন্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কল হৈছে এণ্টি-এচিড, সেয়েহে যদি আপোনাৰ বুকু জ্বলাৰ সমস্যা হয় তেনেহ'লে কল খোৱাটো অতি উপকাৰী।

 ৪. হাড়বোৰ শক্তিশালী কৰাৰ বাবে কল অতি উপকাৰী। সাধাৰণতে ৩০ বছৰ বয়সৰ পাছত বেছিভাগ লোকে হাড়ৰ বিষৰ সমস্যাত ভোগ। সেয়েহে প্ৰতিদিনে এটাকৈ কল খালে এনে সমস্যাৰ পৰা কিছ হ’লেও দূৰত থাকিব পাৰি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ