--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰ আইপিএলৰ ফাইনেললৈ উন্নীত হৈছে ৰাজস্থান ৰয়েলছ। ২০০৮চনত প্ৰথমবাৰ খিতাপ বিজয়ী দলটোৰ শেহতীয়া প্ৰদৰ্শনে মুগ্ধ কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক। জছ বাটলাৰৰ শতকীয় ইনিংছেৰে বিজয়ী হয় দলটো। পিছে ফাইনেলৰ টিকট লাভ কৰাৰ সমান্তৰালকৈ অন্যতম চৰ্চিত ক্ৰিকেটাৰ জছ বাটলাৰৰ প্ৰসংগ আহিছে অন্য এক কাৰণত।  দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ৰাছি ভ্যান ডেৰ ডুচেনৰ পত্নী লাৰাই জছ বাটলাৰক লৈ কৰা এক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীৰ পত্নীয়ে এক বিবৃতিত জছ বাটলাৰক তেওঁ দ্বিতীয় স্বামী হিচাপে গ্ৰহণ কৰা বুলি সদৰী কৰিছে! কিন্তু কিয়? প্ৰকৃত ঘটনাটো কি?

যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী ভাৰ্মাৰ সৈতে বহি থাকোতে সততে দলটোলৈ সমৰ্থন আগবঢ়াই অহা দেখা গৈছে লাৰাক। লাৰাই কয়, ‘মই জছ বাটলাৰক দ্বিতীয় স্বামী হিচাপে গ্ৰহণ কৰিছো। যেতিয়াই তেওঁ ছয় মাৰে তেতিয়াই তেওঁ কেমেৰাৰ সন্মুখত ধৰা দিয়ে।’ আচলতে যেতিয়াই কেমেৰাটো ভিআইপি বক্সত বহি থকা লাৰাৰ ওচৰলৈ যায় তেতিয়াই  অনুৰাগীসকলে তেওঁক জছ বাটলাৰৰ পত্নী বুলি জোকাবলৈ লয় বুলিও কয় লাৰাই।

অৱশ্যে, এই বিষয়ে লাৰাৰ স্পষ্ট মত যে, তেওঁ জছ বাটলাৰৰ পত্নী নহয়। তেওঁ কয়- ‘মই ৰাছি ভান ডেৰ ডুচেনৰ পত্নী, জছ বাটলাৰৰ নহয়। বাটলাৰে যেতিয়াই কিবা এটা ভাল কাম কৰে তেতিয়াই কেমেৰাৰ মনোযোগ মোৰ ওপৰত আহে, গতিকে মানুহবোৰ বিভ্ৰান্ত হৈ পৰে।’

ইফালে, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে বাটলাৰে চতুৰ্থ শতকটো অৰ্জন কৰিছে। ইয়াৰ লগতে আইপিএলৰ চলিত ছিজনত সৰ্বাধিক শতক অৰ্জনকাৰী খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আৰচিবিৰ বিৰুদ্ধে বিজয়ৰ অন্যতম নায়ক জছ বাটলাৰৰ প্ৰশংসাত এতিয়া পঞ্চমুখ সমগ্ৰ
ক্ৰীড়াজগত। তাৰে মাজতে এনে কথাবোৰে  অনুৰাগীক দিছে আমোদ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ