--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰ আইপিএলৰ ফাইনেললৈ উন্নীত হৈছে ৰাজস্থান ৰয়েলছ। ২০০৮চনত প্ৰথমবাৰ খিতাপ বিজয়ী দলটোৰ শেহতীয়া প্ৰদৰ্শনে মুগ্ধ কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক। জছ বাটলাৰৰ শতকীয় ইনিংছেৰে বিজয়ী হয় দলটো। পিছে ফাইনেলৰ টিকট লাভ কৰাৰ সমান্তৰালকৈ অন্যতম চৰ্চিত ক্ৰিকেটাৰ জছ বাটলাৰৰ প্ৰসংগ আহিছে অন্য এক কাৰণত।  দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ৰাছি ভ্যান ডেৰ ডুচেনৰ পত্নী লাৰাই জছ বাটলাৰক লৈ কৰা এক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীৰ পত্নীয়ে এক বিবৃতিত জছ বাটলাৰক তেওঁ দ্বিতীয় স্বামী হিচাপে গ্ৰহণ কৰা বুলি সদৰী কৰিছে! কিন্তু কিয়? প্ৰকৃত ঘটনাটো কি?

যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী ভাৰ্মাৰ সৈতে বহি থাকোতে সততে দলটোলৈ সমৰ্থন আগবঢ়াই অহা দেখা গৈছে লাৰাক। লাৰাই কয়, ‘মই জছ বাটলাৰক দ্বিতীয় স্বামী হিচাপে গ্ৰহণ কৰিছো। যেতিয়াই তেওঁ ছয় মাৰে তেতিয়াই তেওঁ কেমেৰাৰ সন্মুখত ধৰা দিয়ে।’ আচলতে যেতিয়াই কেমেৰাটো ভিআইপি বক্সত বহি থকা লাৰাৰ ওচৰলৈ যায় তেতিয়াই  অনুৰাগীসকলে তেওঁক জছ বাটলাৰৰ পত্নী বুলি জোকাবলৈ লয় বুলিও কয় লাৰাই।

অৱশ্যে, এই বিষয়ে লাৰাৰ স্পষ্ট মত যে, তেওঁ জছ বাটলাৰৰ পত্নী নহয়। তেওঁ কয়- ‘মই ৰাছি ভান ডেৰ ডুচেনৰ পত্নী, জছ বাটলাৰৰ নহয়। বাটলাৰে যেতিয়াই কিবা এটা ভাল কাম কৰে তেতিয়াই কেমেৰাৰ মনোযোগ মোৰ ওপৰত আহে, গতিকে মানুহবোৰ বিভ্ৰান্ত হৈ পৰে।’

ইফালে, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে বাটলাৰে চতুৰ্থ শতকটো অৰ্জন কৰিছে। ইয়াৰ লগতে আইপিএলৰ চলিত ছিজনত সৰ্বাধিক শতক অৰ্জনকাৰী খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আৰচিবিৰ বিৰুদ্ধে বিজয়ৰ অন্যতম নায়ক জছ বাটলাৰৰ প্ৰশংসাত এতিয়া পঞ্চমুখ সমগ্ৰ
ক্ৰীড়াজগত। তাৰে মাজতে এনে কথাবোৰে  অনুৰাগীক দিছে আমোদ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ