--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট মানেই অভিলেখৰ জোৱাৰ, পুৰণি অভিলেখ ভাঙি নতুন অভিলেখ গঢ়াৰ সুযোগ। প্ৰতিখন ক্ৰিকেট মেচতে কোনোবাই নহয় কোনোবাই নিজৰ নামত স্থাপন কৰে নানা অভিলেখ। কোনোৱে যদি নিজৰ চমকপ্ৰদ বেটিং প্ৰদৰ্শনেৰে অভিলেখ ৰচে, আন কোনোৱে আকৌ দুৰ্দান্ত বলিঙেৰে স্থাপন কৰিছে অভিলেখ। কোনোবাই আকৌ ফিল্ডিঙৰ যোগেৰেই প্ৰতিষ্ঠা কৰে নতুন ৰেকৰ্ড। কোনো এটা দলে সমূহীয়াকৈও সৃষ্টি কৰে অভিলেখৰ। পিছে এই সকলো ৰেকৰ্ডেই যে আকাংক্ষিত হ'ব এনে নহয়, কেতিয়াবা কোনোৱে ইচ্ছা নকৰাকৈয়ে এক অবাঞ্চিত ৰেকৰ্ডৰ গৰাকী হৈ পৰিব পাৰে। 

চলিত আই পি এলত এনে এক অনাকাংক্ষিত ৰেকৰ্ডৰেই গৰাকী হৈছে মহম্মদ ছিৰাজ। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ সদস্য তথা দলটোৰ বলিং আক্ৰমণৰ মূল স্তম্ভ ছিৰাজক এইবাৰৰ আই পি এলৰ সমগ্ৰ চিজনতে নিজৰ স্বাভাৱিক ছন্দত দেখিবলৈ পোৱা নগ’ল। চিজনটোত ছিৰাজে মুঠ পোন্ধৰখন খেলত লাভ কৰে মাত্ৰ ৯ টা উইকেট। তদুপৰি ১০.০৭ ইক’নমি ৰেটেৰে প্ৰতিযোগিতাখনত যথেষ্ট খৰচী বলাৰ হিচাপেও বিবেচিত হয়। 

শুকুৰবাৰে অনুষ্ঠিত হোৱা চিজনৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ৰাজস্থান ৰয়েলছৰ বিপক্ষে সাত উইকেটত পৰাস্ত হয়। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয়ৰ সপোনো অপূৰ্ণ হৈ ৰয় আৰচিবিৰ। মেচখনত ছিৰাজে দুই অভাৰ বল কৰি ব্যয় কৰে ৩১ ৰান। ইয়াৰ বিপৰীতে কোনো উইকেটো দখল কৰিবলৈ সক্ষম নহয় পেচাৰগৰাকী। 

এই দুটা অভাৰত ছিৰাজৰ বলত ৰাজস্থান ৰয়েলছৰ বেটাৰে কোবায় তিনিটাকৈ ছয়। এই তিনিটা ছয়ৰ সৈতে সমগ্ৰ প্ৰতিযোগিতাখনত ছিৰাজৰ বলত কোবোৱা হয় ৩১ টাকৈ ছয়। ইয়াৰ লগে লগে আই পি এলৰ ইতিহাসত এটা চিজনত সৰ্বাধিক ছয়ৰ প্ৰহাৰৰ সন্মুখীন হোৱা বলাৰ ৰূপে পৰিগণিত হয় ছিৰাজ। 

আনহাতে ছিৰাজৰ দলীয় সতীৰ্থ ৱানিন্দু হাচাৰাঙ্গাৰ বলত চলিত চিজনত ৩০ টা ছয় কোবাইছে বিপক্ষৰ বেটাৰে। এইদৰে তালিকাখনত দ্বিতীয় স্থানত ৰয় হাচাৰাঙ্গা। অৱশ্যে শ্ৰীলংকাৰ এই লেগ স্পিনাৰ গৰাকীয়ে চিজনটোত ৭.৫৪ ইক’নমি ৰেটেৰে মুঠ ২৬ টা উইকেট দখল কৰি সৰ্বাধিক উইকেট দখলকাৰী বলাৰৰ তালিকাত য়ুজবেন্দ্ৰ চাহালৰ সৈতে যুটীয়াভাৱে শীৰ্ষত আছে। অৱশ্যে চাহালতকৈ উন্নত ইক’নমি ৰেটৰ বাবে পাৰ্পল কেপ নিজৰ দখলত ৰাখিছে হাচাৰাঙ্গাই।

আনহাতে, চলিত বৰ্ষৰ পূৰ্বে এই অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী আছিল ডুৱেইন ব্ৰেভ’। আই পি এলৰ ইতিহাসৰ আটাইতকৈ অধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱা ব্ৰেভ’ই ২০১৮ চনৰ আই পি এল সংস্কৰণত বেটাৰৰ দ্বাৰা মুঠ ২৯ টা ছয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

চলিত চিজনত পাৰ্পল কেপৰ দৌৰত যুটীয়াভাৱে শীৰ্ষত থকা চাহাল এই তালিকাৰ চতুৰ্থ আৰু পঞ্চম স্থানত আছে। ২০১৫ চনৰ আই পি এলত ২৮ টা ছয়ৰ সন্মুখীন হোৱা চাহালৰ বলত চলিত বৰ্ষতো ২৭ টা ছয় কোবাইছে বিপক্ষৰ বেটাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ