--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বুধবাৰে (স্থানীয় সময়) দাবী কৰে যে শুল্কৰ বিষয়ত এখন চুক্তিৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰি বিশ্বৰ শতাধিক দেশে 'পুৱা, দুপৰীয়া, নিশা' আমেৰিকালৈ ফোন কৰি আছে। 

ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে প্ৰথমতে আমেৰিকাই এছিয়া মহাদেশৰ ভাৰত, জাপান আৰু দক্ষিণ কোৰিয়াৰ সৈতেহে বাণিজ্য চুক্তি কৰিব। এই বাণিজ্য চুক্তি কেইসপ্তাহমানৰ ভিতৰতে সম্পাদন কৰা হ'ব। ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ্ণ কৰাৰ উপলক্ষত নিউজ নেশ্যনৰ টাউনহলত আয়োজিত অনুষ্ঠানত এই মন্তব্য কৰে। 

ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে আমেৰিকা এতিয়া শক্তিশালী অৱস্থাত আছে। সেইবাবেই তেওঁলোকে দেশসমূহৰ সৈতে শক্তিশালী বাণিজ্য চুক্তি কৰিব। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে কিছুমান দেশৰ সৈতে দৰ-দাম কৰাৰ পৰিৱৰ্তে তেওঁলোকে ৪০, ৫০ অথবা ৬০ শতাংশ শুল্ক আৰোপৰ চুক্তি কৰিব। কেতিয়া এই চুক্তিসমূহ সম্পাদন কৰা হ'ব বুলি প্রশ্ন কৰাত ট্রাম্পে কয় যে চুক্তিসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত তেওঁ খৰখেদা নকৰে। দেশসমূহেহে তেওঁক চুক্তি কৰিবলৈ জোৰ দি আছে। আমেৰিকাৰ প্ৰয়োজন অনুসৰি দেশসমূহৰ সৈতে তেওঁ বাণিজ্য চুক্তি কৰিব বুলি ট্রাম্পে কয়। 


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ