--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বুধবাৰে (স্থানীয় সময়) দাবী কৰে যে শুল্কৰ বিষয়ত এখন চুক্তিৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰি বিশ্বৰ শতাধিক দেশে 'পুৱা, দুপৰীয়া, নিশা' আমেৰিকালৈ ফোন কৰি আছে। 

ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে প্ৰথমতে আমেৰিকাই এছিয়া মহাদেশৰ ভাৰত, জাপান আৰু দক্ষিণ কোৰিয়াৰ সৈতেহে বাণিজ্য চুক্তি কৰিব। এই বাণিজ্য চুক্তি কেইসপ্তাহমানৰ ভিতৰতে সম্পাদন কৰা হ'ব। ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ্ণ কৰাৰ উপলক্ষত নিউজ নেশ্যনৰ টাউনহলত আয়োজিত অনুষ্ঠানত এই মন্তব্য কৰে। 

ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে আমেৰিকা এতিয়া শক্তিশালী অৱস্থাত আছে। সেইবাবেই তেওঁলোকে দেশসমূহৰ সৈতে শক্তিশালী বাণিজ্য চুক্তি কৰিব। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে কিছুমান দেশৰ সৈতে দৰ-দাম কৰাৰ পৰিৱৰ্তে তেওঁলোকে ৪০, ৫০ অথবা ৬০ শতাংশ শুল্ক আৰোপৰ চুক্তি কৰিব। কেতিয়া এই চুক্তিসমূহ সম্পাদন কৰা হ'ব বুলি প্রশ্ন কৰাত ট্রাম্পে কয় যে চুক্তিসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত তেওঁ খৰখেদা নকৰে। দেশসমূহেহে তেওঁক চুক্তি কৰিবলৈ জোৰ দি আছে। আমেৰিকাৰ প্ৰয়োজন অনুসৰি দেশসমূহৰ সৈতে তেওঁ বাণিজ্য চুক্তি কৰিব বুলি ট্রাম্পে কয়। 


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ