--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • গাঁওবাসীয়ে ইয়াক অলৌকিক বুলি গণ্য কৰিছে। ঝান্সী জিলাৰ এখন সৰু গাঁও পট্টি কুমাৰাৰ পৰা পোহৰলৈ আহিছে এই গোচৰ। ইয়াত বসবাস কৰা বৃদ্ধ সীতাৰাম অহিৰৱাৰৰ ক্ষেত্ৰতো একে ঘটনাই সংঘটিত হৈছে।

ডিজিটেল ডেস্ক :এক নাভূত নাশ্ৰুত ঘটনা। এই ঘটনাই আপোনাকো কৰি তুলিব হতভম্ব । ঝাঁচীত এজন বৃদ্ধক ১৩ বাৰ সাপে দংশন কৰিছে যদিও আশ্চৰ্যজনক কথাটো হ’ল তেওঁ প্ৰতিবাৰেই জীৱিত থাকে। 


গাঁওবাসীয়ে ইয়াক অলৌকিক বুলি গণ্য কৰিছে। ঝান্সী জিলাৰ এখন সৰু গাঁও পট্টি কুমাৰাৰ পৰা পোহৰলৈ আহিছে এই গোচৰ। ইয়াত বসবাস কৰা বৃদ্ধ সীতাৰাম অহিৰৱাৰৰ ক্ষেত্ৰতো একে ঘটনাই সংঘটিত হৈছে।


উল্লেখ্য যে যোৱা ৩৯ বছৰে প্ৰতি তিনি বছৰৰ মূৰে মূৰে এটা ক’লা সাপ আহি দংশন কৰি গুচি যায়। আশ্চৰ্যজনক কথাটো হ’ল আজিলৈকে ১৩ বাৰ দংশন কৰাৰ পাছতো সীতাৰাম আজিৰ তাৰিখলৈকে জীৱিত আছে। সীতাৰাম অহিৰৱাৰৰ বয়স বৰ্তমান ৭০ বছৰ। ঝান্সী জিলাৰ চিৰগাঁও আৰক্ষী থানা এলেকাৰ পট্টি কুমাৰৰা গাঁৱৰ বাসিন্দা সীতাৰাম।


৩৯ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে সাপটোৱে তেওঁক দংশন কৰিছিল


আচলতে এই কাহিনীটো আৰম্ভ হৈছে প্ৰায় ৩৯ বছৰ আগতে, যেতিয়া তেওঁ কাম কৰি আছিল। তেনেতে ক’লা সাপ এটাই তেওঁক দংশন কৰে। গাঁওবাসী আতংকিত হৈ পৰিল, লগে লগে তেওঁক ওচৰৰ খেৰাপতি হনুমান মন্দিৰলৈ লৈ যোৱা হ’ল। তাতে তেওঁক চোৱা-চিতা কৰা হ’ল আৰু কেইঘণ্টামানৰ ভিতৰতে তেওঁৰ অৱস্থা সুস্থ হৈ উঠে। সেই সময়ত মানুহে ইয়াক এক অলৌকিকতা বুলি ভাবিছিল যদিও প্ৰকৃত আশ্চৰ্য্য আৰম্ভ হৈছিল যেতিয়া প্ৰতি তৃতীয় বছৰৰ মূৰে মূৰে একেটা ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ ধৰিলে।


সপোনত সাপে দিয়ে সকীয়নি


গাঁওবাসীয়ে দাবী কৰে যে প্ৰতি তৃতীয় বছৰৰ মূৰে মূৰে ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগে সীতাৰামে সপোনত এটা সাপ দেখা পায়। সপোনত সাপে তেওঁক সকীয়াই দিয়ে, আৰু তাৰ পিছত আহি দুদিনৰ ভিতৰতে দংশন কৰি যায় । এতিয়ালৈকে এই চক্ৰটো ১৩ বাৰ পুনৰাবৃত্তি হৈছে আৰু প্ৰতিবাৰেই দংশন কৰাৰ পিছত সীতাৰামৰ প্ৰাণ ৰক্ষা পৰে। 


এয়া এতিয়া গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে। কোনো কোনোৱে ইয়াক অভিশাপ বুলি গণ্য কৰে, আন কোনোৱে ইয়াক পূৰ্বৰ জীৱনৰ কাহিনী বুলি গণ্য কৰে।


গাঁৱৰ মানুহে দাবী - প্ৰতিবাৰেই একেটা সাপ আহে


গাঁৱৰ বুঢ়া ৰামপালে কয় যে আমি নিজ চকুৰে দেখিছোঁ। প্ৰতিবাৰেই একেটা সাপ আহে, কিন্তু আন কাৰো কেতিয়াও ক্ষতি নকৰে। পোনে পোনে সীতাৰামক দংশন কৰে, আৰু তাৰ পিছত গুচি যায়। গাঁৱৰ এগৰাকী মহিলাই কয় যে আগতে আমি ভয় খাইছিলো... কিন্তু এতিয়া আমি নিজেই আচৰিত হৈছো যে তেওঁ কেনেকৈ বাচি যায়। এয়া ঈশ্বৰৰ কৃপা নে কোনো ৰহস্য? আমি একো বুজি পোৱা নাই।


ডাক্তৰ পৰিছে বিমোৰত 


স্থানীয় চিকিৎসকসকলো এই বিষয়ে বিভ্ৰান্ত হৈছে, কাৰণ এতিয়ালৈকে এই কাণ্ডৰ স্পষ্ট ব্যাখ্যা দিব পৰা কোনো চিকিৎসা ৰেকৰ্ড পোৱা হোৱা নাই। গাঁওখনৰ একাংশ লোকৰ মতে এই ঘটনাটো হয়তো পূৰ্বৰ জীৱনৰ কৰ্মৰ লগত জড়িত। কিছুমানে ইয়াক ঈশ্বৰৰ সতৰ্কবাণী বুলি গণ্য কৰে। সীতাৰামে নিজেও এই বিষয়ে বিশেষ কথা নকয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত