--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • গাঁওবাসীয়ে ইয়াক অলৌকিক বুলি গণ্য কৰিছে। ঝান্সী জিলাৰ এখন সৰু গাঁও পট্টি কুমাৰাৰ পৰা পোহৰলৈ আহিছে এই গোচৰ। ইয়াত বসবাস কৰা বৃদ্ধ সীতাৰাম অহিৰৱাৰৰ ক্ষেত্ৰতো একে ঘটনাই সংঘটিত হৈছে।

ডিজিটেল ডেস্ক :এক নাভূত নাশ্ৰুত ঘটনা। এই ঘটনাই আপোনাকো কৰি তুলিব হতভম্ব । ঝাঁচীত এজন বৃদ্ধক ১৩ বাৰ সাপে দংশন কৰিছে যদিও আশ্চৰ্যজনক কথাটো হ’ল তেওঁ প্ৰতিবাৰেই জীৱিত থাকে। 


গাঁওবাসীয়ে ইয়াক অলৌকিক বুলি গণ্য কৰিছে। ঝান্সী জিলাৰ এখন সৰু গাঁও পট্টি কুমাৰাৰ পৰা পোহৰলৈ আহিছে এই গোচৰ। ইয়াত বসবাস কৰা বৃদ্ধ সীতাৰাম অহিৰৱাৰৰ ক্ষেত্ৰতো একে ঘটনাই সংঘটিত হৈছে।


উল্লেখ্য যে যোৱা ৩৯ বছৰে প্ৰতি তিনি বছৰৰ মূৰে মূৰে এটা ক’লা সাপ আহি দংশন কৰি গুচি যায়। আশ্চৰ্যজনক কথাটো হ’ল আজিলৈকে ১৩ বাৰ দংশন কৰাৰ পাছতো সীতাৰাম আজিৰ তাৰিখলৈকে জীৱিত আছে। সীতাৰাম অহিৰৱাৰৰ বয়স বৰ্তমান ৭০ বছৰ। ঝান্সী জিলাৰ চিৰগাঁও আৰক্ষী থানা এলেকাৰ পট্টি কুমাৰৰা গাঁৱৰ বাসিন্দা সীতাৰাম।


৩৯ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে সাপটোৱে তেওঁক দংশন কৰিছিল


আচলতে এই কাহিনীটো আৰম্ভ হৈছে প্ৰায় ৩৯ বছৰ আগতে, যেতিয়া তেওঁ কাম কৰি আছিল। তেনেতে ক’লা সাপ এটাই তেওঁক দংশন কৰে। গাঁওবাসী আতংকিত হৈ পৰিল, লগে লগে তেওঁক ওচৰৰ খেৰাপতি হনুমান মন্দিৰলৈ লৈ যোৱা হ’ল। তাতে তেওঁক চোৱা-চিতা কৰা হ’ল আৰু কেইঘণ্টামানৰ ভিতৰতে তেওঁৰ অৱস্থা সুস্থ হৈ উঠে। সেই সময়ত মানুহে ইয়াক এক অলৌকিকতা বুলি ভাবিছিল যদিও প্ৰকৃত আশ্চৰ্য্য আৰম্ভ হৈছিল যেতিয়া প্ৰতি তৃতীয় বছৰৰ মূৰে মূৰে একেটা ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ ধৰিলে।


সপোনত সাপে দিয়ে সকীয়নি


গাঁওবাসীয়ে দাবী কৰে যে প্ৰতি তৃতীয় বছৰৰ মূৰে মূৰে ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগে সীতাৰামে সপোনত এটা সাপ দেখা পায়। সপোনত সাপে তেওঁক সকীয়াই দিয়ে, আৰু তাৰ পিছত আহি দুদিনৰ ভিতৰতে দংশন কৰি যায় । এতিয়ালৈকে এই চক্ৰটো ১৩ বাৰ পুনৰাবৃত্তি হৈছে আৰু প্ৰতিবাৰেই দংশন কৰাৰ পিছত সীতাৰামৰ প্ৰাণ ৰক্ষা পৰে। 


এয়া এতিয়া গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে। কোনো কোনোৱে ইয়াক অভিশাপ বুলি গণ্য কৰে, আন কোনোৱে ইয়াক পূৰ্বৰ জীৱনৰ কাহিনী বুলি গণ্য কৰে।


গাঁৱৰ মানুহে দাবী - প্ৰতিবাৰেই একেটা সাপ আহে


গাঁৱৰ বুঢ়া ৰামপালে কয় যে আমি নিজ চকুৰে দেখিছোঁ। প্ৰতিবাৰেই একেটা সাপ আহে, কিন্তু আন কাৰো কেতিয়াও ক্ষতি নকৰে। পোনে পোনে সীতাৰামক দংশন কৰে, আৰু তাৰ পিছত গুচি যায়। গাঁৱৰ এগৰাকী মহিলাই কয় যে আগতে আমি ভয় খাইছিলো... কিন্তু এতিয়া আমি নিজেই আচৰিত হৈছো যে তেওঁ কেনেকৈ বাচি যায়। এয়া ঈশ্বৰৰ কৃপা নে কোনো ৰহস্য? আমি একো বুজি পোৱা নাই।


ডাক্তৰ পৰিছে বিমোৰত 


স্থানীয় চিকিৎসকসকলো এই বিষয়ে বিভ্ৰান্ত হৈছে, কাৰণ এতিয়ালৈকে এই কাণ্ডৰ স্পষ্ট ব্যাখ্যা দিব পৰা কোনো চিকিৎসা ৰেকৰ্ড পোৱা হোৱা নাই। গাঁওখনৰ একাংশ লোকৰ মতে এই ঘটনাটো হয়তো পূৰ্বৰ জীৱনৰ কৰ্মৰ লগত জড়িত। কিছুমানে ইয়াক ঈশ্বৰৰ সতৰ্কবাণী বুলি গণ্য কৰে। সীতাৰামে নিজেও এই বিষয়ে বিশেষ কথা নকয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ