--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পশ্চিম নেপালৰ এখন কাৰাগাৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন চেমনীয়া বন্দীৰ মৃত্যু হয়। নেপালৰ সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্রকাশ পাইছে।

ডিজিটেল ডেস্কঃ নেপালত হোৱা চৰকাৰ-বিৰোধী হিংসাত্মক প্ৰতিবাদৰ সময়ত দেশখনৰ বিভিন্ন কাৰাগাৰৰ পৰা ১৩,০০০তকৈ অধিক (আৰক্ষীৰ জিম্মাৰ ৫৬০জনকে ধৰি) কয়দীয়ে পলায়ন কৰে। 


ইণ্ডিয়া টুডে'ৰ এটা বাতৰিত এই কথা প্রকাশ পাইছে। আনহাতে, পশ্চিম নেপালৰ এখন কাৰাগাৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন চেমনীয়া বন্দীৰ মৃত্যু হয়। নেপালৰ সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্রকাশ পাইছে। কয়দীসকলে প্ৰতিবাদৰ সুবিধা গ্ৰহণ কৰে আৰু পলাবলৈ চেষ্টা কৰে ফলত বিভিন্ন কাৰাগাৰত সংঘর্ষ হয়। 


'ৰাইজিং নেপাল' বাতৰিকাকতখনৰ বাতৰি মতে, মঙলবাৰে নিশা বাংকেৰ বৈজনাথ ৰুৰেল মিউনিচিপালিটি-৩-ত থকা নৌবাস্তা আঞ্চলিক কাৰাগাৰৰ নৌবাস্তা সংশোধনী গৃহত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত আৰক্ষীয়ে জধে-মধে গুলীচালনা কৰাত ৫জন চেমনীয়া বন্দীৰ মৃত্যু হয় আৰু আন ৪জন আহত হয়। 


কর্তৃপক্ষৰ মতে, উক্ত কাৰাগাৰৰ ৫৮৫জন কয়দীৰ ১৪৯জন আৰু সংশোধন গৃহৰ ১৭৬জন চেমনীয়াৰ ৭৬জনে পলায়ন কৰে। ইফালে, 'মাইৰিপাব্লিক' কাকতৰ এটা বাতৰিত প্রকাশ পাইছে যে দেশখনৰ বিভিন্ন কাৰাগাৰৰ পৰা ৭ সহস্রাধিক কয়দীয়ে পলায়ন কৰে। গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰিটোত প্ৰকাশ কৰা তাৰে কিছু সংখ্যা এনেধৰণৰ- দিল্লীবজাৰ কাৰাগাৰ ১,১০০, চিতৱান ৭০০, নকখু ১,২০০, ঝুম্পকা ১,৫৭৫, কাঞ্চনপুৰ ৪৫০, কৈলালী ৬১২, জলেশ্বৰ ৫৭৬, কাস্কী ৭৭৩, দাং ১২৪, জুমলা ৩৬, সোলুখুম্বু ৮৬, গৌৰ ২৬০ আৰু বাজহাণ্ডৰ পৰা ৬৫জন কয়দীয়ে পলায়ন কৰিছে। 


পৃথক এটা বাতৰিত উক্ত কাকতখনত কোৱা হৈছে যে দক্ষিণ নেপালৰ বাগমতী প্ৰদেশৰ সিন্ধুলীৰ সিন্ধুলীগঢ়ীত থকা জিলা কাৰাগাৰৰ পৰা ৪৩গৰাকী মহিলা কয়দীকে ধৰি মুঠ ৪৭১ কয়দীয়ে পলায়ন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ