--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পশ্চিম নেপালৰ এখন কাৰাগাৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন চেমনীয়া বন্দীৰ মৃত্যু হয়। নেপালৰ সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্রকাশ পাইছে।

ডিজিটেল ডেস্কঃ নেপালত হোৱা চৰকাৰ-বিৰোধী হিংসাত্মক প্ৰতিবাদৰ সময়ত দেশখনৰ বিভিন্ন কাৰাগাৰৰ পৰা ১৩,০০০তকৈ অধিক (আৰক্ষীৰ জিম্মাৰ ৫৬০জনকে ধৰি) কয়দীয়ে পলায়ন কৰে। 

ইণ্ডিয়া টুডে'ৰ এটা বাতৰিত এই কথা প্রকাশ পাইছে। আনহাতে, পশ্চিম নেপালৰ এখন কাৰাগাৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন চেমনীয়া বন্দীৰ মৃত্যু হয়। নেপালৰ সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্রকাশ পাইছে। কয়দীসকলে প্ৰতিবাদৰ সুবিধা গ্ৰহণ কৰে আৰু পলাবলৈ চেষ্টা কৰে ফলত বিভিন্ন কাৰাগাৰত সংঘর্ষ হয়। 

'ৰাইজিং নেপাল' বাতৰিকাকতখনৰ বাতৰি মতে, মঙলবাৰে নিশা বাংকেৰ বৈজনাথ ৰুৰেল মিউনিচিপালিটি-৩-ত থকা নৌবাস্তা আঞ্চলিক কাৰাগাৰৰ নৌবাস্তা সংশোধনী গৃহত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত আৰক্ষীয়ে জধে-মধে গুলীচালনা কৰাত ৫জন চেমনীয়া বন্দীৰ মৃত্যু হয় আৰু আন ৪জন আহত হয়। 

কর্তৃপক্ষৰ মতে, উক্ত কাৰাগাৰৰ ৫৮৫জন কয়দীৰ ১৪৯জন আৰু সংশোধন গৃহৰ ১৭৬জন চেমনীয়াৰ ৭৬জনে পলায়ন কৰে। ইফালে, 'মাইৰিপাব্লিক' কাকতৰ এটা বাতৰিত প্রকাশ পাইছে যে দেশখনৰ বিভিন্ন কাৰাগাৰৰ পৰা ৭ সহস্রাধিক কয়দীয়ে পলায়ন কৰে। গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰিটোত প্ৰকাশ কৰা তাৰে কিছু সংখ্যা এনেধৰণৰ- দিল্লীবজাৰ কাৰাগাৰ ১,১০০, চিতৱান ৭০০, নকখু ১,২০০, ঝুম্পকা ১,৫৭৫, কাঞ্চনপুৰ ৪৫০, কৈলালী ৬১২, জলেশ্বৰ ৫৭৬, কাস্কী ৭৭৩, দাং ১২৪, জুমলা ৩৬, সোলুখুম্বু ৮৬, গৌৰ ২৬০ আৰু বাজহাণ্ডৰ পৰা ৬৫জন কয়দীয়ে পলায়ন কৰিছে। 

পৃথক এটা বাতৰিত উক্ত কাকতখনত কোৱা হৈছে যে দক্ষিণ নেপালৰ বাগমতী প্ৰদেশৰ সিন্ধুলীৰ সিন্ধুলীগঢ়ীত থকা জিলা কাৰাগাৰৰ পৰা ৪৩গৰাকী মহিলা কয়দীকে ধৰি মুঠ ৪৭১ কয়দীয়ে পলায়ন কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ