--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংগীতেই আছিল তেওঁৰ উশাহ...জীৱনৰ অন্তিম উশাহলৈকে সেয়েহে তেওঁ গান গাই গ'ল। সংগীতৰ মাজেৰেই চিৰদিনলৈ হেৰাই গ’ল তেওঁ। ৩১ মেৰ নিশাটোৱে কঢ়িয়াই আনিলে এক অতিশয় হৃদয়ভঙা খবৰ। বলীউডৰ প্ৰখ্যাত কণ্ঠশিল্পী কেকে(KK) আৰু নাই। হঠাতে কেকেৰ চিৰপ্ৰস্থানে সকলোকে স্তম্ভিত কৰি তুলিলে। দুখত ভাগি পৰিছে শিল্পীগৰাকীৰ লক্ষাধিক অনুৰাগী। 

কলকাতাত অনুষ্ঠিত এটা মিউজিক কনচাৰ্টত গান গাই থকা অৱস্থাতে কেকেৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। কেকে ইমানেই অসুস্থ হৈ পৰিছিল যে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। কোনোৱেই মানি ল’ব পৰা নাই প্ৰিয় শিল্পীজনৰ মৃত্যুৰ এই আকস্মিক বাতৰি। মৃত্যুৰ সময়ত কেকেৰ বয়স আছিল মাত্ৰ ৫৩ বছৰ।

কেকেৰ সম্পূৰ্ণ নাম আছিল কৃষ্ণকুমাৰ কুন্নাথ। বলীউড সংগীত জগতৰ এটা প্ৰখ্যাত নাম কেকে। নিজৰ সাংগীতিক কেৰিয়াৰত বহু গীত গাই খ্যাতি অৰ্জন কৰা কেকেই কিন্তু তেওঁ নিজৰ ব্যক্তিগত জীৱনটো সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিছিল। বহুতেই নাজানে যে কেকেয়ে নিজৰ শৈশৱৰ প্ৰেমিকাক বিয়া কৰাইছিল। তেওঁৰ পত্নীৰ নাম জ্যোতি কৃষ্ণা। জ্যোতি আৰু কেকেৰ এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে। পুত্ৰৰ নাম নকুল কৃষ্ণ কুন্নাথ আৰু কন্যাৰ নাম তামাৰা কুন্নাথ।


কেকে আৰু জ্যোতিৰ প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হ'ল?

কেকেয়ে হিয়াৰ লগৰী জ্যোতিক প্ৰথম লগ পাইছিল ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে। শৈশৱ কালতে জ্যোতিৰ সৈতে এক আত্মিক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল কেকেৰ। তেতিয়াৰে পৰা কেকেৰ জীৱনৰ অন্তিম সময়লৈকে দুয়ো একেলগে আছিল। তেওঁ আছিল এজন প্ৰকৃত প্ৰেমিক। কেকেই কৈছিল,  ‘‘মই মোৰ জীৱনত মাত্ৰ এগৰাকী ছোৱালীৰ লগতে ডেটিং কৰিছো আৰু সেইগৰাকী হৈছে মোৰ পত্নী জ্যোতি কৃষ্ণা। মই এজন লাজুকীয়া ল'ৰা আছিলোঁ আৰু সঠিকভাৱে ডেটিঙো কৰিব জনা নাছিলো। কিন্তু মই জ্যোতিক বহুত ভাল পাইছিলো আৰু তেওঁক নিজৰ কৰি পোৱাৰ সপোন দেখিছিলো আৰু সেই সপোন মই দিঠকো কৰিছিলো।‘ ‘



বিয়াৰ বাবে চাকৰি যোগাৰ কৰিছিল কেকেই

কেকে আৰু জ্যোতি সৰুৰে পৰা একেলগে আছিল। কেকেৰ ২৩ বছৰ বয়সত ১৯৯১ চনত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ আগে আগে কেকেয়ে নিজৰ বাবে চাকৰি বিচাৰিব লগা হৈছিল। সেই সময়ত একো নোপোৱাত তেওঁ ছেলছমেনৰ চাকৰি কৰিছিল। চাকৰিটো যোগাৰ কৰিয়েই সপোনৰ ৰাজকুমাৰীক বিয়া পাতিছিল কেকেই। চাকৰি কৰি তেওঁ মানসিক শান্তি পোৱা নাছিল। জ্যোতিক নিজৰ কৰিবৰ বাবেহে তেওঁ মাত্ৰ উপায় নাপায়  চাকৰি কৰিবলৈ বাধ্য হৈছিল। মাত্ৰ তিনিমাহৰ পাছতেই ছেলচমেনৰ চাকৰিটো বাদ দিয়ে কেকেই। পত্নী আৰু পিতৃৰ সহযোগিতাত তেওঁ এই চাকৰি এৰি সংগীতৰ পৃথিৱীত ভৰি থৈছিল..যি পৃথিৱীত তেওঁৰ মানসিক শান্তি আছিল...মুকলি উশাহ আছিল...। 

ইয়াৰ পাছত কেকেয়ে নিজৰ বাবে এখন কিব’ৰ্ড কিনি লৈ বন্ধু শিৱানী কাশ্যপ আৰু ছাইবল বসুৰ সৈতে জিংগল বনাবলৈ আৰম্ভ কৰে। তিনিওজনে মিলি এই কামৰ পৰাও ধন উপাৰ্জন কৰিছিল যদিও কেকে ইয়াত বিশেষ সুখী নাছিল। তেওঁৰ জীৱনত যিটো বস্তুৰ অভাৱ আছিল সেয়া দিল্লীত নাছিল। সেইবাবেই তেওঁ মুম্বাইলৈ আহিছিল।
 মুম্বাইলৈ আহি তেওঁ সংগীত পৃথিৱীৰ উজ্জল জ্যোতিষ্ক হৈ পৰে। তেওঁ উপহাৰ দি গ'ল ইটোৰ পাছত সিটো জনপ্ৰিয় গান। দৰদী কণ্ঠৰ অধিকাৰী কেকে মানুহৰ বুকুৰ আপোন হৈ পৰিল অতি সোনকালে। জনপ্ৰিয়তা,খ্যাতিয়ে আগুৰি ধৰাৰ পাছতো পত্নী আৰু পৰিয়ালক লৈ সদা সচেতন আছিল কেকে। সংগীতক ভালপোৱাৰ সমানে সমানে তেওঁ ভালপাইছিল পত্নী জ্যোতিক। কেকে গুচি গ’ল...আমাক সংগীতৰ মায়াজালেৰে বান্ধি আৰু পত্নী জ্যোতিৰ হৃদয়ত প্ৰেমৰ অমল জ্যোতি সিঁচি..কেতিয়াও উভতি নহা বাটেৰে.....।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement