--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমাগত বছৰবোৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰলয় আৰু বৃদ্ধি হ'ব, যাৰ ফলত ভাৰতৰ ৯০  নিযুত অৰ্থাৎ ৯ কোটিৰো অধিক লোক দুৰ্ভিক্ষৰ কৱলত পৰাৰ আশংকা আছে। আন্তৰ্জাতিক খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ প্ৰতিবেদনত এই সতৰ্কবাণী দিছে। গ্লোবেল ফুড পলিচী প্ৰতিবেদন ২০২২-ত কোৱা হৈছে যে ২০৩০ চনৰ ভিতৰত, ন কোটি ভাৰতীয় দুৰ্ভিক্ষৰ সন্মুখীন হ'ব। প্ৰতিবেদন অনুসৰি, অহা ৭০-৮০ বছৰত, শস্যৰ উৎপাদন যথেষ্ট হ্ৰাস পাব আৰু তাপ প্ৰবাহ আৰু তাপৰ স্তৰও বহুগুণে বৃদ্ধি পাব।
প্ৰতিবেদনখনত সকীয়াই দিয়া হৈছে যে ভাৰতত জলবায়ু পৰিৱৰ্তনৰ বাবে ২০৩০ চনৰ ভিতৰত ৯০ মিলিয়নতকৈও অধিক লোকে ক্ষুধাৰ গ্ৰাসত পৰিব। স্বাভাৱিক পৰিস্থিতিত, এই সংখ্যা ৭.৩৯ কোটি হ'লহেঁতেন, কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত অনাহাৰৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ২৩ শতাংশ বৃদ্ধি হ'ব।

২০২৩০ চনলৈ, গড় কেলৰি গ্ৰহণৰ পৰিমাণ সামান্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদন অনুসৰি, স্বাভাৱিক পৰিস্থিতিত, প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে গ্ৰহণ কৰা ২,৬৯৭ কিলো কেলৰিৰ পৰা, জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰতিদিনে ২,৬৫১ কিলো কেলৰিলৈ হ্ৰাস হ'ব।
যদি জলবায়ু পৰিৱৰ্তনৰ দিশটোলৈ বিবেচনা কৰিলে ধাৰণা কৰিব পাৰি যে, খাদ্যশস্য, মাংস, ফল, পাচলি, তৈলবীজ, দাইল, মাটিৰ তলত হোৱা খাদ্য সামাগ্ৰীৰ উৎপাদন হ্ৰাস হ’ব। স্বভাৱিক পৰিস্থিতিত ভাৰতৰ মুঠ খাদ্য উৎপাদন ১,৭২৭ৰ পৰা ১.৫৪৯লৈ হ্ৰাস হ'ব পাৰে। প্ৰতিবেদনত কোৱা হৈছে যে ২১০০ চনৰ ভিতৰত দেশৰ গড় তাপমাত্ৰা ২.৪ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪.৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। একে সময়তে, তাপ প্ৰবাহ তিনিগুণ বা চাৰিগুণ হোৱাৰ আশংকা কৰা হৈছে।

গড় উষ্ণতা বৃদ্ধিয়ে শস্যৰ উৎপাদন প্ৰভাৱিত কৰিব। প্ৰতিবেদনত কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত, ২০৪১-২০৬০ চনলৈ উৎপাদন ১.৮ ৰ পৰা ৬.৬ শতাংশ লৈ আৰু ২০৬১-২০৮০ চনলৈ ৭.২ ৰ পৰা ২৩.৬ শতাংশলৈ হ্ৰাস পাব পাৰে। প্ৰতিবেদনখনত গ্ৰীণ হাউছ গেছৰ নিৰ্গমন হ্ৰাস কৰিবলৈ পানীৰ অভাৱ থকা উত্তৰ-পশ্চিম আৰু উপদ্বীপীয় ভাৰতত চাউলৰ পৰিৱৰ্তে অন্যান্য শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে। ইয়াত কোৱা হৈছে যে খাদ্য সুৰক্ষা বিপদাপন্ন নকৰাকৈ এই অঞ্চলবোৰত ধান উৎপাদনকাৰী এলেকা হ্ৰাস কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ