--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমাগত বছৰবোৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰলয় আৰু বৃদ্ধি হ'ব, যাৰ ফলত ভাৰতৰ ৯০  নিযুত অৰ্থাৎ ৯ কোটিৰো অধিক লোক দুৰ্ভিক্ষৰ কৱলত পৰাৰ আশংকা আছে। আন্তৰ্জাতিক খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ প্ৰতিবেদনত এই সতৰ্কবাণী দিছে। গ্লোবেল ফুড পলিচী প্ৰতিবেদন ২০২২-ত কোৱা হৈছে যে ২০৩০ চনৰ ভিতৰত, ন কোটি ভাৰতীয় দুৰ্ভিক্ষৰ সন্মুখীন হ'ব। প্ৰতিবেদন অনুসৰি, অহা ৭০-৮০ বছৰত, শস্যৰ উৎপাদন যথেষ্ট হ্ৰাস পাব আৰু তাপ প্ৰবাহ আৰু তাপৰ স্তৰও বহুগুণে বৃদ্ধি পাব।
প্ৰতিবেদনখনত সকীয়াই দিয়া হৈছে যে ভাৰতত জলবায়ু পৰিৱৰ্তনৰ বাবে ২০৩০ চনৰ ভিতৰত ৯০ মিলিয়নতকৈও অধিক লোকে ক্ষুধাৰ গ্ৰাসত পৰিব। স্বাভাৱিক পৰিস্থিতিত, এই সংখ্যা ৭.৩৯ কোটি হ'লহেঁতেন, কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত অনাহাৰৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ২৩ শতাংশ বৃদ্ধি হ'ব।

২০২৩০ চনলৈ, গড় কেলৰি গ্ৰহণৰ পৰিমাণ সামান্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদন অনুসৰি, স্বাভাৱিক পৰিস্থিতিত, প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে গ্ৰহণ কৰা ২,৬৯৭ কিলো কেলৰিৰ পৰা, জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰতিদিনে ২,৬৫১ কিলো কেলৰিলৈ হ্ৰাস হ'ব।
যদি জলবায়ু পৰিৱৰ্তনৰ দিশটোলৈ বিবেচনা কৰিলে ধাৰণা কৰিব পাৰি যে, খাদ্যশস্য, মাংস, ফল, পাচলি, তৈলবীজ, দাইল, মাটিৰ তলত হোৱা খাদ্য সামাগ্ৰীৰ উৎপাদন হ্ৰাস হ’ব। স্বভাৱিক পৰিস্থিতিত ভাৰতৰ মুঠ খাদ্য উৎপাদন ১,৭২৭ৰ পৰা ১.৫৪৯লৈ হ্ৰাস হ'ব পাৰে। প্ৰতিবেদনত কোৱা হৈছে যে ২১০০ চনৰ ভিতৰত দেশৰ গড় তাপমাত্ৰা ২.৪ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪.৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। একে সময়তে, তাপ প্ৰবাহ তিনিগুণ বা চাৰিগুণ হোৱাৰ আশংকা কৰা হৈছে।

গড় উষ্ণতা বৃদ্ধিয়ে শস্যৰ উৎপাদন প্ৰভাৱিত কৰিব। প্ৰতিবেদনত কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত, ২০৪১-২০৬০ চনলৈ উৎপাদন ১.৮ ৰ পৰা ৬.৬ শতাংশ লৈ আৰু ২০৬১-২০৮০ চনলৈ ৭.২ ৰ পৰা ২৩.৬ শতাংশলৈ হ্ৰাস পাব পাৰে। প্ৰতিবেদনখনত গ্ৰীণ হাউছ গেছৰ নিৰ্গমন হ্ৰাস কৰিবলৈ পানীৰ অভাৱ থকা উত্তৰ-পশ্চিম আৰু উপদ্বীপীয় ভাৰতত চাউলৰ পৰিৱৰ্তে অন্যান্য শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে। ইয়াত কোৱা হৈছে যে খাদ্য সুৰক্ষা বিপদাপন্ন নকৰাকৈ এই অঞ্চলবোৰত ধান উৎপাদনকাৰী এলেকা হ্ৰাস কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement