--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় প্ৰকৃত প্ৰেমৰ বহুতো কাহিনী শুনিছে আৰু দেখিছে। মৰমৰ বাবে মানুহে কি কি যে নকৰে? থাইলেণ্ডৰ(Thailand) ৭২ বছৰীয়া চৰণ জানৱাটচাকালৰ প্ৰেম কাহিনী শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ২১ বছৰৰ আগতেই চৰণৰ পত্নীৰ মৃত্যু হৈছিল। কিন্তু পত্নীৰ মৃত্যুৰ পাছতো পত্নীৰ পৰা আঁতৰি থাকিব নোৱাৰিলে চৰণে। ঘৈণীয়েকৰ মৃতদেহ সৎকাৰ কৰাৰ সলনি নিজৰ ঘৰৰ এটা কোঠাৰ ভিতৰত এটা কফিনত ৰাখি থৈছিল তেওঁ। ৭২ বছৰীয়া চৰণ জানৱাটচাকাল থাইলেণ্ডৰ বাং খেন জিলাৰ বাসিন্দা। 

২১ বছৰ পূৰ্বে তেওঁৰ পত্নীৰ অসুস্থতাৰ বাবে মৃত্যু হৈছিল। তেওঁ পত্নীক বহুত ভাল পাইছিল, যাৰ বাবে তেওঁ পত্নীৰ মৃতদেহটো সৎকাৰ কৰা পৰিৱৰ্তে নিজৰ ঘৰতে ৰাখি থৈছিল। চৰণে পত্নীৰ মৃতদেহৰ লগত কথা পাতিছিল আৰু কেতিয়াবা পত্নীৰ ওচৰত গৈ শুইছিল।পত্নীৰ মৃত্যুৰ পিছত চৰণৰ দুয়ো পুত্ৰই তেওঁক অকলে এৰি থৈ যায়। অৱশেষত চৰণে তেওঁৰ পত্নীৰ মৃতদেহ সৎকাৰ কৰাৰ সিদ্ধান্ত লয়। ২৯ এপ্ৰিলত পত্নীক শেষ বিদায় দিয়াৰ সিদ্ধান্ত লৈ চৰণে এটা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰে। 

সংগঠনটোৰ সহায়ত তেওঁ কফিনৰ পৰা পত্নীৰ মৃতদেহৰ বাকী থকা অংশবোৰ উলিয়াই সৎকাৰ কৰে। স্থানীয় এজন অধিবক্তা নীতিথৰ্ণ কায়েৱটোৱে কয় যে চৰণ বহুত শিক্ষিত। তেওঁৰ বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী আছে। তদুপৰি তেওঁ থাইলেণ্ড সেনাবাহিনীতো চিকিৎসক হিচাপে আছিল। কিন্তু পত্নীৰ মৃত্যুৰ পাছৰে পৰা তেওঁ অতি সহজ-সৰল জীৱন যাপন কৰি আছে। সিহঁতৰ ঘৰত কাৰেণ্ট নাই আনকি ভাল বিচনাও নাই। 

ইমান বছৰৰ পাছত চৰণে পত্নীৰ মৃতদেহ সৎকাৰ কৰাৰ কাৰণ হল তেওঁ ভয় খালে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীৰ মৃতদেহটোক কোনেও যথাযথ সন্মান নিদিব। সেয়ে তেওঁ মৃতদেহটো দাহ কৰাৰ সিদ্ধান্ত লয়। পত্নীক চিৰবিদায় দিওতে চৰণে কান্দি থকা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ