--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় প্ৰকৃত প্ৰেমৰ বহুতো কাহিনী শুনিছে আৰু দেখিছে। মৰমৰ বাবে মানুহে কি কি যে নকৰে? থাইলেণ্ডৰ(Thailand) ৭২ বছৰীয়া চৰণ জানৱাটচাকালৰ প্ৰেম কাহিনী শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ২১ বছৰৰ আগতেই চৰণৰ পত্নীৰ মৃত্যু হৈছিল। কিন্তু পত্নীৰ মৃত্যুৰ পাছতো পত্নীৰ পৰা আঁতৰি থাকিব নোৱাৰিলে চৰণে। ঘৈণীয়েকৰ মৃতদেহ সৎকাৰ কৰাৰ সলনি নিজৰ ঘৰৰ এটা কোঠাৰ ভিতৰত এটা কফিনত ৰাখি থৈছিল তেওঁ। ৭২ বছৰীয়া চৰণ জানৱাটচাকাল থাইলেণ্ডৰ বাং খেন জিলাৰ বাসিন্দা। 

২১ বছৰ পূৰ্বে তেওঁৰ পত্নীৰ অসুস্থতাৰ বাবে মৃত্যু হৈছিল। তেওঁ পত্নীক বহুত ভাল পাইছিল, যাৰ বাবে তেওঁ পত্নীৰ মৃতদেহটো সৎকাৰ কৰা পৰিৱৰ্তে নিজৰ ঘৰতে ৰাখি থৈছিল। চৰণে পত্নীৰ মৃতদেহৰ লগত কথা পাতিছিল আৰু কেতিয়াবা পত্নীৰ ওচৰত গৈ শুইছিল।পত্নীৰ মৃত্যুৰ পিছত চৰণৰ দুয়ো পুত্ৰই তেওঁক অকলে এৰি থৈ যায়। অৱশেষত চৰণে তেওঁৰ পত্নীৰ মৃতদেহ সৎকাৰ কৰাৰ সিদ্ধান্ত লয়। ২৯ এপ্ৰিলত পত্নীক শেষ বিদায় দিয়াৰ সিদ্ধান্ত লৈ চৰণে এটা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰে। 

সংগঠনটোৰ সহায়ত তেওঁ কফিনৰ পৰা পত্নীৰ মৃতদেহৰ বাকী থকা অংশবোৰ উলিয়াই সৎকাৰ কৰে। স্থানীয় এজন অধিবক্তা নীতিথৰ্ণ কায়েৱটোৱে কয় যে চৰণ বহুত শিক্ষিত। তেওঁৰ বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী আছে। তদুপৰি তেওঁ থাইলেণ্ড সেনাবাহিনীতো চিকিৎসক হিচাপে আছিল। কিন্তু পত্নীৰ মৃত্যুৰ পাছৰে পৰা তেওঁ অতি সহজ-সৰল জীৱন যাপন কৰি আছে। সিহঁতৰ ঘৰত কাৰেণ্ট নাই আনকি ভাল বিচনাও নাই। 

ইমান বছৰৰ পাছত চৰণে পত্নীৰ মৃতদেহ সৎকাৰ কৰাৰ কাৰণ হল তেওঁ ভয় খালে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীৰ মৃতদেহটোক কোনেও যথাযথ সন্মান নিদিব। সেয়ে তেওঁ মৃতদেহটো দাহ কৰাৰ সিদ্ধান্ত লয়। পত্নীক চিৰবিদায় দিওতে চৰণে কান্দি থকা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি