--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পেট’ন জেনণ্ড্ৰ’ন। সদ্য কৈশোৰ অতিক্ৰমি তেওঁ ভৰি থৈছে যৌৱনত। বয়স মাত্ৰ ১৮ বছৰ। এই কিশোৰজনেই এতিয়া আমেৰিকাৰ বৰ্ণবিদ্বেষৰ এক ঘৃণনীয় উদাহৰণত পৰিণত হৈছে। এই ১৮ বছৰীয়া যুৱকজনেই কাল ৰূপ ধাৰণ কৰি আমেৰিকাৰ বাফেলোৰ এখন ছুপাৰ মাৰ্কেটত সৃষ্টি কৰিছিল বিভীষিকাৰ। ১০জনকৈ আফ্ৰিকা মূলৰ মাৰ্কিন নাগৰিকক গুলীয়াই হত্যা কৰিছিল এই নৃশংস হত্যাকাৰীজনে। শ্বেতাংগ আমেৰিকানসকলৰ মনত কিদৰে একধৰণৰ বিনাশকাৰী বৰ্ণবাদী মানসিকতা আজিও বিৰাজ কৰি আছে তাৰেই ভয়ংকৰ নিদৰ্শন হৈ পৰিছে এই যুৱকজন। সমাজত এইসকল কৃষ্ণাংগ সংখ্যালঘু লোকে প্ৰভাৱ বিস্তাৰ কৰাৰ অভিযোগেৰে তেওঁলোকৰ ওপৰত কৰা হৈছে ভয়ংকৰ আক্ৰমণ।

 জেনণ্ড্ৰ’ন নামৰ সদ্য কৈশোৰ অতিক্ৰম কৰা লোকজনে ২০১৯ চনত নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চত ৫১জনকৈ লোকক হত্যা কৰা শ্বেতাংগ বন্দুকধাৰী লোকজনৰ দ্বাৰা প্ৰৰোচিত হৈছিল বুলি কোৱা হৈছে। খ্ৰীষ্টচাৰ্চৰ এই হত্যাকাৰীজনে তেওঁৰ এখন ইস্তাহাৰত তেওঁ ইউৰোপক শ্বেতাংগ খ্ৰীষ্টানসকলৰ ওপৰত কৃ্ষ্ণাংগ ইহুদী, মুছলমানকে ধৰি অন্যান্যসকলে আধিপত্য চলোৱাৰ আশংকাৰ কথা কোৱা হৈছিল। তেওঁৰ এই থিঅ’ৰীৰ প্ৰতিধ্বনি মাৰ্কিন সোপন্থী ৰাজনীতিক আৰু একাংশ সংবাদ মাধ্যমতো শুনিবলৈ পোৱা গৈছিল।

এই হত্যাকাৰীজনৰ দ্বাৰা প্ৰৰোচিত হৈ জেনণ্ড্ৰ’ন-এ ১৮০ পৃষ্ঠাৰ এখন শিহৰণকাৰী ইস্তাহাৰ প্ৰস্তুত কৰিছিল যত তেওঁ নিজৰ লক্ষ্যৰ কথা সন্নিৱিষ্ট কৰি লিখিছিল যে, যিমান পাৰি সিমান বেছিসংখ্যক কৃষ্ণাংগক হত্যা কৰিম। জেনণ্ড্ৰ’ন নিউয়ৰ্কৰ এখন উপনগৰীৰ বাসিন্দা আৰু তেওঁৰ ঠাইখনত অতি কমসংখ্যাক কৃষ্ণাংগ লোকে বসবাস কৰে। তেওঁ ইণ্টাৰনেটৰ পৰা কৃষ্ণাংগবিদ্বেষ আৰু ঘৃণাৰ শিক্ষা গ্ৰহণ কৰিছিল। ইণ্টাৰনেটৰ জৰিয়তে বিয়পৰি পৰা শ্বেতাংগ কট্টৰপন্থী মনোবৃত্তি বা একধৰণৰ মৌলবাদ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাবে শেহতীয়াকৈ এক প্ৰত্যাহ্বানত পৰিণত হোৱা বুলি প্ৰকাশ কৰিছে দেশখনৰ প্ৰশাসনিক আৰু আইন বিশেষজ্ঞসকলে। 

উল্লেখ্য যে, জেনণ্ড্ৰ’ন নামৰ ১৮ বছৰীয়া যুৱকজনে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিবলৈ তেওঁ থকা ঠাইৰ পৰা ২০০ মাইল অৰ্থাত প্ৰায় ৩২০ কিলোমিটাৰ ভ্ৰমণ কৰি বাফেলোলৈ আহিছিল। কাৰণ তেওঁ জানিছিল যে, বাফেলোত বহুসংখ্যক কৃষ্ণাংগ লোকে বসবাস কৰে। সপ্তাহটোৰ আটাইতকৈ ব্যস্ততম বজাৰ কৰা সময়ছোৱাক তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

আমেৰিকাৰ নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ মাজক বিয়পি পৰা এনে বৰ্ণবিদ্বেষ আৰু ভয়ংকৰ আক্ৰোশ তথা অপৰাধিক মানসিকতা এতিয়া দেশখনৰ বাবে গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। তদুপৰি যিকোনো ধৰণৰ বিদ্বেষক উদগনি দিয়া দেশবোৰ, সেয়া লাগিলে, ধৰ্মীয়ই হওক বা সাম্প্ৰদায়িকেই হওক মানৱীয় সভ্যতাৰ বাবেই এক অশনি সংকেট বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ