--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত সংঘটিত হৈছে এক আজৱ ঘটনা৷ পঞ্জাৱৰ জলন্ধৰত দুগৰাকী যুৱতী বিবাহপাশত আৱদ্ধ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। এই ছোৱালী দুগৰাকীয়ে খৰাৰৰ গুৰুদ্বাৰাত বিবাহপাশত আৱদ্ধ হয়। ইয়াৰ পাছতে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত দুয়োগৰাকীৰ নিৰাপত্তাৰ বাবে অনুৰোধ জনোৱা হৈছে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে জলন্ধৰৰ এছএছপি মুখৱিন্দৰ সিং ভুল্লাৰক দুয়োগৰাকী ছোৱালীক নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সময়ত দুয়োগৰাকী ছোৱালীয়ে কয় যে তেওঁলোকে ইজনে সিজনক ভাল পায়, সেয়েহে ১৮ অক্টোবৰত খৰাৰৰ গুৰুদ্বাৰা চাহাবত দুয়ো বিবাহপাশত আবদ্ধ হয়। এই কথাত তেওঁলোকৰ পৰিয়ালৰ লোক সুখী নহয়, যাৰ বাবে তেওঁলোকৰ জীৱনৰ প্ৰতি বিপদ আহি পৰিছে। বিপদৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োৱে জলন্ধৰৰ এছএছপিক পত্ৰ দিয়ে। কিন্তু, তাৰ পাছতো বিষয়টোত এছএছপিয়ে এই বিষয় সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল, যাৰ বাবে তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷

আবেদনৰ শুনানি গ্ৰহণ কৰি পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে কয় যে দুয়োগৰাকী ছোৱালী যেতিয়ালৈকে নিজৰ চহৰত থাকিব তেতিয়ালৈকে আৰক্ষীৰ সুৰক্ষা দিব লাগে। আৰক্ষীয়ে দুয়োগৰাকী ছোৱালীৰ জীৱনৰ সুৰক্ষাৰ লগতে স্বাধীনতা সুনিশ্চিত কৰিব লাগে। উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছিল যে যদি আবেদন দাখিল কৰা ছোৱালীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ বাটত বাধা নাহে।

উল্লেখ্য যে এই বছৰৰ ছেপ্টেম্বৰৰ আৰম্ভণিতেও একেধৰণৰ এটা গোচৰ পোহৰলৈ আহিছিল, য’ত বাথিণ্ডাৰ গুৰুদ্বাৰা চাহিবত দুগৰাকী ছোৱালীৰ বিয়া হৈছিল।আৰু এই বাথিন্দাৰ গুৰুদ্বাৰা শ্ৰী কলগাধীৰ চাহাবত বিবাহৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত