--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত সংঘটিত হৈছে এক আজৱ ঘটনা৷ পঞ্জাৱৰ জলন্ধৰত দুগৰাকী যুৱতী বিবাহপাশত আৱদ্ধ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। এই ছোৱালী দুগৰাকীয়ে খৰাৰৰ গুৰুদ্বাৰাত বিবাহপাশত আৱদ্ধ হয়। ইয়াৰ পাছতে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত দুয়োগৰাকীৰ নিৰাপত্তাৰ বাবে অনুৰোধ জনোৱা হৈছে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে জলন্ধৰৰ এছএছপি মুখৱিন্দৰ সিং ভুল্লাৰক দুয়োগৰাকী ছোৱালীক নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সময়ত দুয়োগৰাকী ছোৱালীয়ে কয় যে তেওঁলোকে ইজনে সিজনক ভাল পায়, সেয়েহে ১৮ অক্টোবৰত খৰাৰৰ গুৰুদ্বাৰা চাহাবত দুয়ো বিবাহপাশত আবদ্ধ হয়। এই কথাত তেওঁলোকৰ পৰিয়ালৰ লোক সুখী নহয়, যাৰ বাবে তেওঁলোকৰ জীৱনৰ প্ৰতি বিপদ আহি পৰিছে। বিপদৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োৱে জলন্ধৰৰ এছএছপিক পত্ৰ দিয়ে। কিন্তু, তাৰ পাছতো বিষয়টোত এছএছপিয়ে এই বিষয় সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল, যাৰ বাবে তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷

আবেদনৰ শুনানি গ্ৰহণ কৰি পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে কয় যে দুয়োগৰাকী ছোৱালী যেতিয়ালৈকে নিজৰ চহৰত থাকিব তেতিয়ালৈকে আৰক্ষীৰ সুৰক্ষা দিব লাগে। আৰক্ষীয়ে দুয়োগৰাকী ছোৱালীৰ জীৱনৰ সুৰক্ষাৰ লগতে স্বাধীনতা সুনিশ্চিত কৰিব লাগে। উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছিল যে যদি আবেদন দাখিল কৰা ছোৱালীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ বাটত বাধা নাহে।

উল্লেখ্য যে এই বছৰৰ ছেপ্টেম্বৰৰ আৰম্ভণিতেও একেধৰণৰ এটা গোচৰ পোহৰলৈ আহিছিল, য’ত বাথিণ্ডাৰ গুৰুদ্বাৰা চাহিবত দুগৰাকী ছোৱালীৰ বিয়া হৈছিল।আৰু এই বাথিন্দাৰ গুৰুদ্বাৰা শ্ৰী কলগাধীৰ চাহাবত বিবাহৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ