--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মন্দিৰ পৰিসৰত নিষিদ্ধ হ’ব আৰএছএছ৷ট্ৰাভানকোৰ দেৱস্বম ব’ৰ্ডে নিজৰ নিয়ন্ত্ৰণত থকা সকলো মন্দিৰক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আয়োজন কৰা গণ ড্ৰিল বা আন কোনো কাৰ্যসূচী মন্দিৰ চৌহদত অনুমতি নিদিবলৈ অনুৰোধ জনাইছে।

যদিও ইতিমধ্যেই এই নিষেধাজ্ঞা কেৰালাত প্ৰযোজ্য তথাপিও কেৰেলাৰ একাংশ মন্দিৰত আৰএছএছৰ কাৰ্যকলাপৰ খবৰ পোহৰলৈ অহাৰ পাছত ব’ৰ্ডে এই নিষেধাজ্ঞাৰ পুনৰাবৃত্তি কৰি নতুন নিৰ্দেশনা জাৰি কৰিছে।ব’ৰ্ডে জাৰি কৰা নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে মন্দিৰ চৌহদটো উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানৰ বাহিৰে আন কামত ব্যৱহাৰ কৰিব নালাগে আৰু এই নিৰ্দেশ পালন নকৰা মন্দিৰ কমিটিসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হ’ব।

তদুপৰি কেৰালাৰ বাওঁ গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে আৰএছএছৰ শাৰীৰিক প্ৰশিক্ষণৰ বাবে মন্দিৰ চৌহদ ব্যৱহাৰ কৰাৰ কাৰ্যও বিৰোধিতা কৰিছিল৷দ্য টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নেও এইধৰণৰ কাৰ্যৰ বাবে আৰএছএছক সমালোচনা কৰিছিল৷ইয়াৰ উপৰিও মন্দিৰ ব’ৰ্ডে কয় যে কেৱল আৰএছএছকে নহয়, আন সংগঠন আৰু ৰাজনৈতিক দলকো মন্দিৰ চৌহদ অন্য কামত ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।

ইতিপূৰ্বে যোৱা মাহত কেৰালা উচ্চ ন্যায়ালয়ে কৈছিল যে তিৰুৱনন্তপুৰম জিলাৰ সৰকাৰা দেৱী মন্দিৰ চৌহদত কোনো ধৰণৰ গণ ড্ৰিল বা অস্ত্ৰ প্ৰশিক্ষণৰ অনুমতি দিয়া নহ’ব।আৰ এছ এছ আৰু ইয়াৰ সদস্যসকলে মন্দিৰ চৌহদৰ ‘অবৈধ ব্যৱহাৰ আৰু অকৰ্তৃত্বশীল দখল’ বন্ধ কৰাৰ নিৰ্দেশনা বিচৰা দুজন ভক্তৰ আবেদন নিষ্পত্তি কৰাৰ সময়তে আদালতে এই নিৰ্দেশ দিয়ে।কেৰালাৰ মন্দিৰত আৰএছএছৰ কাৰ্যকলাপ নিষিদ্ধ কৰাৰ পদক্ষেপ ২০১৬ চনত আৰম্ভ হৈছিল, যেতিয়া ৰাজ্যত বামপন্থী চৰকাৰ ক্ষমতালৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ