--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মন্দিৰ পৰিসৰত নিষিদ্ধ হ’ব আৰএছএছ৷ট্ৰাভানকোৰ দেৱস্বম ব’ৰ্ডে নিজৰ নিয়ন্ত্ৰণত থকা সকলো মন্দিৰক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আয়োজন কৰা গণ ড্ৰিল বা আন কোনো কাৰ্যসূচী মন্দিৰ চৌহদত অনুমতি নিদিবলৈ অনুৰোধ জনাইছে।

যদিও ইতিমধ্যেই এই নিষেধাজ্ঞা কেৰালাত প্ৰযোজ্য তথাপিও কেৰেলাৰ একাংশ মন্দিৰত আৰএছএছৰ কাৰ্যকলাপৰ খবৰ পোহৰলৈ অহাৰ পাছত ব’ৰ্ডে এই নিষেধাজ্ঞাৰ পুনৰাবৃত্তি কৰি নতুন নিৰ্দেশনা জাৰি কৰিছে।ব’ৰ্ডে জাৰি কৰা নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে মন্দিৰ চৌহদটো উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানৰ বাহিৰে আন কামত ব্যৱহাৰ কৰিব নালাগে আৰু এই নিৰ্দেশ পালন নকৰা মন্দিৰ কমিটিসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হ’ব।

তদুপৰি কেৰালাৰ বাওঁ গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে আৰএছএছৰ শাৰীৰিক প্ৰশিক্ষণৰ বাবে মন্দিৰ চৌহদ ব্যৱহাৰ কৰাৰ কাৰ্যও বিৰোধিতা কৰিছিল৷দ্য টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নেও এইধৰণৰ কাৰ্যৰ বাবে আৰএছএছক সমালোচনা কৰিছিল৷ইয়াৰ উপৰিও মন্দিৰ ব’ৰ্ডে কয় যে কেৱল আৰএছএছকে নহয়, আন সংগঠন আৰু ৰাজনৈতিক দলকো মন্দিৰ চৌহদ অন্য কামত ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।

ইতিপূৰ্বে যোৱা মাহত কেৰালা উচ্চ ন্যায়ালয়ে কৈছিল যে তিৰুৱনন্তপুৰম জিলাৰ সৰকাৰা দেৱী মন্দিৰ চৌহদত কোনো ধৰণৰ গণ ড্ৰিল বা অস্ত্ৰ প্ৰশিক্ষণৰ অনুমতি দিয়া নহ’ব।আৰ এছ এছ আৰু ইয়াৰ সদস্যসকলে মন্দিৰ চৌহদৰ ‘অবৈধ ব্যৱহাৰ আৰু অকৰ্তৃত্বশীল দখল’ বন্ধ কৰাৰ নিৰ্দেশনা বিচৰা দুজন ভক্তৰ আবেদন নিষ্পত্তি কৰাৰ সময়তে আদালতে এই নিৰ্দেশ দিয়ে।কেৰালাৰ মন্দিৰত আৰএছএছৰ কাৰ্যকলাপ নিষিদ্ধ কৰাৰ পদক্ষেপ ২০১৬ চনত আৰম্ভ হৈছিল, যেতিয়া ৰাজ্যত বামপন্থী চৰকাৰ ক্ষমতালৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক