--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত উত্তৰ প্ৰদেশৰ গুৰুত্ব কি তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। উত্তৰ প্ৰদেশে সমগ্ৰ দেশৰ ৰাজনৈতিক গতিপথ নিৰ্ধাৰণ কৰে বুলি কোৱা হয়। ৰাজনৈতিকভাৱে দেশৰ সৰ্ববৃহত ৰাজ্যখন বিজেপিয়ে একেৰাহে দ্বিতীয়বাৰলৈ নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। অভিলেখ সৃষ্টিৰে ক্ৰমাগত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহিছে যোগী আদিত্যনাথ। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেলত জয়ী হোৱা বুলিয়েই অভিহিত কৰা হৈছে এই বিজয়ক। এতিয়া প্ৰধানমন্ত্ৰী মোদী উত্তৰ প্ৰদেশকেন্দ্ৰিক ততপৰতাই ভালেমান নতুন ইংগিত বহন কৰা দেখা গৈছে।

 শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশত অনুষ্ঠিত বিনিয়োগকাৰী সন্মিলনত অংশ গ্ৰহণ কৰিছিল। তাত ৮০ হাজাৰ কোটি টকাৰে ৰূপায়ণ হবলগীয়া ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মোদীয়ে। কেৱল এয়াই নহয় উত্তৰ প্ৰদেশৰ ভূমিৰ পৰাই তেওঁ ঘোষণা কৰে যে, সমগ্ৰ বিশ্বই নিজৰ বিশ্বস্ত সহযোগী হিচাপে যিখন দেশৰ সন্ধান কৰি আছে সেই দেশখন ভাৰতৰ বাহিৰে আন কোনো হব নোৱাৰে। জি-২০ দেশসমূহৰ ভিতৰত অৰ্থনৈতিক দিশৰ পৰা দ্ৰুততমভাৱে বিকাশৰ পথত অগ্ৰসৰ হোৱা ভাৰতৰ সম্ভাৱনাৰ প্ৰতি সমগ্ৰ বিশ্বই দৃষ্টি দি আছে আৰু ভাৰতৰ দক্ষতাক প্ৰশংসা কৰিছে। তেওঁ গণতান্ত্ৰিক ভাৰতহে সমগ্ৰ বিশ্বই সন্ধান কৰি থকা বিশ্বস্ত সহযোগী হব পাৰিব বুলি তেওঁ মন্তব্য কৰে। উত্তৰ প্ৰদেশতে আন এটা কাৰ্যসূচীত তেওঁ অতি উল্লেখনীয় এক মন্তব্য কৰি কয় যে, তেওঁ দেশত এক শক্তিশালী বিৰোধী দল বিচাৰে, যিবোৰ দল গণতন্ত্ৰৰ প্ৰতি উতসৰ্গিত হব। বংশবাদ বা পৰিয়ালতন্ত্ৰৰ ঊৰ্ধ্বত অৱস্থান কৰি এই দলবোৰে গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধ হব।

 যোগীক কাষত লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কৰা এই ঘোষণা বিশেষ তাতপৰ্যপূৰ্ণ বিবেচিত হৈছে। এই মন্তব্যই মোদীৰ আত্মবিশ্বাসৰ পৰিস্ফূৰণ ঘটোৱা দেখা গৈছে। এই আত্মবিশ্বাস যোগীৰ পৰাই আহিছে বুলিলেও নিশ্চয় ভুল কৰা নহব। কিয়নো যোগীৰ বিজয়ে, যোগীৰ বিশুদ্ধ হিন্দুত্ববাদী ৰাজনীতিয়ে মোদীৰ পথ বহুত মসৃণ কৰি তুলিছে। নিৰ্মোহ, নিৰ্লোভ আৰু নিজৰ আদৰ্শৰ ক্ষেত্ৰত আপোচহীন হিচাপে নিজৰ পৰিচয় গঢ়ি তোলা যোগীৰ উত্তৰ প্ৰদেশৰ আৰ্হিয়ে বহু ৰাজ্যক প্ৰভাৱিত কৰা দেখিবলৈ পোৱা গৈছে। হিন্দুত্বৰ পক্ষত তেওঁৰ স্থিতি অলৰ অচৰ বুলি তেওঁ ইতিমধ্যে প্ৰমাণ কৰি দিছে। উল্লেখযোগ্য কথাটো হৈছে যে, মোদীৰ গৃহ সমষ্টিও হৈছে যোগীৰ উত্তৰ প্ৰদেশৰ বাৰানসী। এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ বাবে ২০২৪ৰ আখৰা গৃহ আন একো থাকিব নোৱাৰে। তদুপৰি যোগী আদিত্যনাথতকৈ যোগ্য সহযোগীও কোনো হব নোৱাৰে। মোদীয়ে এতিয়া যেন সেই পথকেই গ্ৰহণ কৰিছে।

 উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদী আৰু যোগীৰ সংঘাতৰ প্ৰসংগই উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ সময়ছোৱাত বিশেষ চৰ্চা লাভ কৰিছিল। যোগীৰ বিদায় চৰ্চা, মোদীৰ স্থানত যোগীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপৰ চৰ্চাও চলিছিল। কিন্তু এইবোৰ অতিক্ৰমি দুয়োগৰাকী নেতাই নিজৰ বিচক্ষণতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হল। যোগীয়ে পুনৰ উত্তৰ প্ৰদেশ দখল কৰিলে আৰু এতিয়া মোদীক তৃতীয়বাৰলৈ দেশৰ ক্ষমতা দখলৰ বাট তেৱেঁই কাটি দিবলৈ ওলাইছে। এই কথা কাকো সোঁৱৰাই দিবলগীয়া নাই যে, যোগীৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ মূল সম্পদ হিচাপে গণ্য কৰা হব। এই মন্দিৰ দেশৰ কাৰণে উতসৰ্গা কৰাৰ দিন ধাৰ্য কৰা হৈছে ২০২৩ চনৰ ডিচেম্বৰ মাহ। তাৰ কেইমাহমানৰ পাছতে অনুষ্ঠিত হব লোকসভা নিৰ্বাচন। যোগীৰ উত্তৰ প্ৰদেশে ইয়াতকৈ আৰু কি কৰি দিব পাৰে প্ৰধানমন্ত্ৰী মোদীৰ বাবে২০২৪ৰ নিৰ্বাচনত ৰাম মন্দিৰৰ প্ৰসংগই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ গৈ আছে আৰু তাৰ কৃতিত্বৰেই বিজেপিয়ে যে, তৃতীয়টো কাৰ্যকালৰ বাবে শাসনভাৰ দখলৰ চেষ্টা কৰিব সেয়া নিশ্চিত। এই ক্ষেত্ৰত যোগীৰ সহযোগে মোদীৰ পথ অধিক মসৃণ আৰু পুষ্পসজ্জিত কৰি তোলাটো নিশ্চিত বুলিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ