--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ পছন্দৰ ব্যক্তিক বিয়া কৰোৱাৰ ক্ষেত্ৰত পৰিয়ালে কৰিব নোৱাৰিব আপত্তি। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিছে। এক দম্পতীক ন্যায় প্ৰদানৰ সময়ত এই মন্তব্য কৰে দিল্লী উচ্চ ন্যায়ালয়ে। এই দম্পতীক নিৰাপত্তা দিয়াৰ সময়ত ন্যায়ালয়ে কয় যে তেওঁলোকে নিজৰ ইচ্ছামতে ইজনে সিজনক বিয়া কৰাইছে আৰু দুয়োজনেই প্ৰাপ্তবয়স্ক। এনে পৰিস্থিতিত কোনোৱে, আনকি পৰিয়ালৰ সদস্যইও কোনো আপত্তি উত্থাপন কৰিব নোৱাৰে। বিয়া কৰোৱাৰ ক্ষেত্ৰত আপত্তি কৰাৰ কোনো অধিকাৰ কাৰোৰে নাই। 

পৰিয়ালৰ সদস্যৰ ভাবুকিৰ ভয়ত ভয় খাই থকা এহাল পতি-পত্নীক নিৰাপত্তা প্ৰদান কৰাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে।

ন্যায়াধীশ তুষাৰ ৰাও গেডেলাই নিজৰ আদেশত কয় যে চৰকাৰে নাগৰিকক নিৰাপত্তা প্ৰদান কৰিবলৈ সাংবিধানিকভাৱে বাধ্য। উচ্চ ন্যায়ালয়ে এই দম্পতীৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিব। এই পৰ্যবেক্ষণৰ জৰিয়তে উচ্চ ন্যায়ালয়ে দম্পতীটোৰ আবেদন নিষ্পত্তি কৰে। তেওঁলোকে আদালতৰ পৰা আৰক্ষীৰ সুৰক্ষা প্ৰদানৰ দাবী জনাইছিল।  

উল্লেখ্য যে পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হোৱা দম্পতীটোৱে তেতিয়াৰ পৰা একেলগে বাস কৰি আহিছে। এই সময়ছোৱাতে তেওঁলোকলৈ পৰিয়ালৰ লোকৰ পৰা বিশেষকৈ ছোৱালীজনীৰ পৰিয়ালৰ পৰা ভাবুকি আহিবলৈ ধৰিলে। সময়ে সময়ে তেওঁলোকৰ ওপৰত চকু ৰখাৰ দায়িত্ব সংশ্লিষ্ট বিট বিষয়াৰ হাতত ন্যস্ত কৰিছে আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ