--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ পছন্দৰ ব্যক্তিক বিয়া কৰোৱাৰ ক্ষেত্ৰত পৰিয়ালে কৰিব নোৱাৰিব আপত্তি। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিছে। এক দম্পতীক ন্যায় প্ৰদানৰ সময়ত এই মন্তব্য কৰে দিল্লী উচ্চ ন্যায়ালয়ে। এই দম্পতীক নিৰাপত্তা দিয়াৰ সময়ত ন্যায়ালয়ে কয় যে তেওঁলোকে নিজৰ ইচ্ছামতে ইজনে সিজনক বিয়া কৰাইছে আৰু দুয়োজনেই প্ৰাপ্তবয়স্ক। এনে পৰিস্থিতিত কোনোৱে, আনকি পৰিয়ালৰ সদস্যইও কোনো আপত্তি উত্থাপন কৰিব নোৱাৰে। বিয়া কৰোৱাৰ ক্ষেত্ৰত আপত্তি কৰাৰ কোনো অধিকাৰ কাৰোৰে নাই। 

পৰিয়ালৰ সদস্যৰ ভাবুকিৰ ভয়ত ভয় খাই থকা এহাল পতি-পত্নীক নিৰাপত্তা প্ৰদান কৰাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে।

ন্যায়াধীশ তুষাৰ ৰাও গেডেলাই নিজৰ আদেশত কয় যে চৰকাৰে নাগৰিকক নিৰাপত্তা প্ৰদান কৰিবলৈ সাংবিধানিকভাৱে বাধ্য। উচ্চ ন্যায়ালয়ে এই দম্পতীৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিব। এই পৰ্যবেক্ষণৰ জৰিয়তে উচ্চ ন্যায়ালয়ে দম্পতীটোৰ আবেদন নিষ্পত্তি কৰে। তেওঁলোকে আদালতৰ পৰা আৰক্ষীৰ সুৰক্ষা প্ৰদানৰ দাবী জনাইছিল।  

উল্লেখ্য যে পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হোৱা দম্পতীটোৱে তেতিয়াৰ পৰা একেলগে বাস কৰি আহিছে। এই সময়ছোৱাতে তেওঁলোকলৈ পৰিয়ালৰ লোকৰ পৰা বিশেষকৈ ছোৱালীজনীৰ পৰিয়ালৰ পৰা ভাবুকি আহিবলৈ ধৰিলে। সময়ে সময়ে তেওঁলোকৰ ওপৰত চকু ৰখাৰ দায়িত্ব সংশ্লিষ্ট বিট বিষয়াৰ হাতত ন্যস্ত কৰিছে আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ