--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত থাকি ভাল পায় বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট খ্যাত আমিৰ খানৰ পৰিয়াল। অলপতে আমিৰ খানৰ কন্যা আইৰা খানৰ জন্মদিন উদযাপন কৰিছিল। কিন্তু তাতে লাগিল অথন্তৰ, কেক নিৰ্বাপিত মমবাতিৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, সেই ফটো খন দেখি সামাজিক মাধ্যমত যিয়ে যেনেকৈ পাৰে আমিৰৰ কন্যাক সমালোচনা কৰাত ব্যস্ত হৈ থাকিল।

আমিৰ খানৰ জীয়ৰী আয়ৰা খানে দেওবাৰে, ৮ মে'ত তেওঁৰ ২৫ সংখ্যাক জন্মদিন উদযাপন কৰে, যাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আয়ৰাক নিজেকে কেক কাটি থাকোঁতে বিকিনি পিন্ধা দেখা গৈছিল আৰু তাকে লৈ  ট্ৰ'লাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। 

আমিৰ খানৰ জীয়ৰী ইৰা খানে তাইৰ দেউতাকৰ সন্মুখত বিকিনি পিন্ধা কেক কটা বাবে ভিন্নজনে তাচিল্ল্য কৰা পৰিলক্ষিত হৈছিল। সেইসময়তে গায়িকা সোণা মহাপাত্ৰই ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ আচৰণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ইনষ্টাগ্ৰামত সোনাই লিখিছিল, "যিসকলে ইৰা খানৰ জন্মদিনত পৰিধান কৰা পোছাকক লৈ সমালোচনা কৰিছে,  মই তেওঁলোকক কওঁ, ইৰা এতিয়া এগৰাকী ২৫ বছৰীয়া ছোৱালী। তেওঁ স্বতন্ত্ৰভাৱে ভাবিব পাৰে, যিহেতু তেওঁ প্ৰাপ্তবয়স্ক। তেওঁৰ জন্মদিনত তেওঁ কি পিন্ধিব তাৰ বাবে আপোনাক তেওঁৰ দেউতাকৰ মতামত বা অনুমতিৰ প্ৰয়োজন নাই। দেওবাৰে ইৰাৰ ২৫ সংখ্যাক জন্মদিনৰ পাৰ্টিত সোনা উপস্থিত আছিল। 

পুল পাৰ্টিত ইৰাৰ দেউতাক আমিৰ, মাতৃ ৰীনা দত্ত, ভায়েক আজাদ ৰাও আৰু পিতৃৰ প্ৰাক্তন পত্নী কিৰণ ৰাও উপস্থিত আছিল। তাত ইৰাৰ প্ৰেমিক আৰু আমিৰৰ স্বাস্থ্য প্ৰশিক্ষক নুপুৰ চিখৰও আছিল।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ