--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত থাকি ভাল পায় বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট খ্যাত আমিৰ খানৰ পৰিয়াল। অলপতে আমিৰ খানৰ কন্যা আইৰা খানৰ জন্মদিন উদযাপন কৰিছিল। কিন্তু তাতে লাগিল অথন্তৰ, কেক নিৰ্বাপিত মমবাতিৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, সেই ফটো খন দেখি সামাজিক মাধ্যমত যিয়ে যেনেকৈ পাৰে আমিৰৰ কন্যাক সমালোচনা কৰাত ব্যস্ত হৈ থাকিল।

আমিৰ খানৰ জীয়ৰী আয়ৰা খানে দেওবাৰে, ৮ মে'ত তেওঁৰ ২৫ সংখ্যাক জন্মদিন উদযাপন কৰে, যাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আয়ৰাক নিজেকে কেক কাটি থাকোঁতে বিকিনি পিন্ধা দেখা গৈছিল আৰু তাকে লৈ  ট্ৰ'লাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। 

আমিৰ খানৰ জীয়ৰী ইৰা খানে তাইৰ দেউতাকৰ সন্মুখত বিকিনি পিন্ধা কেক কটা বাবে ভিন্নজনে তাচিল্ল্য কৰা পৰিলক্ষিত হৈছিল। সেইসময়তে গায়িকা সোণা মহাপাত্ৰই ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ আচৰণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।



ইনষ্টাগ্ৰামত সোনাই লিখিছিল, "যিসকলে ইৰা খানৰ জন্মদিনত পৰিধান কৰা পোছাকক লৈ সমালোচনা কৰিছে,  মই তেওঁলোকক কওঁ, ইৰা এতিয়া এগৰাকী ২৫ বছৰীয়া ছোৱালী। তেওঁ স্বতন্ত্ৰভাৱে ভাবিব পাৰে, যিহেতু তেওঁ প্ৰাপ্তবয়স্ক। তেওঁৰ জন্মদিনত তেওঁ কি পিন্ধিব তাৰ বাবে আপোনাক তেওঁৰ দেউতাকৰ মতামত বা অনুমতিৰ প্ৰয়োজন নাই। দেওবাৰে ইৰাৰ ২৫ সংখ্যাক জন্মদিনৰ পাৰ্টিত সোনা উপস্থিত আছিল। 

পুল পাৰ্টিত ইৰাৰ দেউতাক আমিৰ, মাতৃ ৰীনা দত্ত, ভায়েক আজাদ ৰাও আৰু পিতৃৰ প্ৰাক্তন পত্নী কিৰণ ৰাও উপস্থিত আছিল। তাত ইৰাৰ প্ৰেমিক আৰু আমিৰৰ স্বাস্থ্য প্ৰশিক্ষক নুপুৰ চিখৰও আছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ