--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ Sony tv ৰ জনপ্ৰিয় ধাৰাবাহিক চি আই ডিখন হয়তো সকলোৱে জানে ।ভাৰতৰ অন্যতম পুৰণি টেলিভিছন অনুষ্ঠান। 

 চি আই ডি ধাৰাবাহিকখনত অভিনয় কৰা প্ৰতিটো চৰিত্ৰ‌ই আছিল জনপ্ৰিয়। ধাৰাবাহিকখন আৰম্ভ হৈছিল ১৯৯৮ চনত। য'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শিৱাজী সতমে এ চি পি  প্ৰদ্যুমানৰ ভূমিকাত।  কিন্তু ধাৰাবাহিকখনে ২০ বছৰীয়া সফলতা লাভ কৰা পিছত ২০১৮ চনৰ ২৭ অক্টোবৰত ছ'নী টিভিৰ পৰা চি আই ডি সম্প্ৰচাৰ আঁতৰাই দিয়ে। 

কিন্তু ২০২৪ চনৰ ২১ ডিচেম্বৰত পুনৰ ছ'নী টিভিত চি আই ডিৰ সম্প্ৰচাৰ হয়। সুদীৰ্ঘ ৬ বছৰৰ পাছতো এ চি পি প্ৰদ্যুমানৰ ভূমিকাত অভিনয় কৰিছে শিৱাজী সাতৰমে। 

কিন্তু শেহতীয়া খবৰ অনুসৰি চি আই ডিত মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰখ্যাত অভিনেতা শিৱাজী সতমৰ কাহিনী অৰ্থাত এ চি পি প্ৰদ্যুমানৰ চৰিত্ৰটো আঁতৰোৱাৰ সিদ্ধান্ত লৈছে ছবি নিৰ্মাতাসকলে।

 ৩ এপ্ৰিলত ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বোমা আক্ৰমণৰ বলি হোৱাৰ পিছত পৰৱৰ্তী খণ্ডত এ চি পি প্ৰদ্যুমানৰ মৃত্যু হ’ব। ক্ৰাইম থ্ৰিলাৰ 'চি আই ডি'ত মৃত্যু হ'ব এ চি পি প্ৰদ্যুমানৰ চৰিত্ৰত শিৱাজী সতমৰ? 

ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি, দলটোৱে শেহতীয়াকৈ এই খণ্ডটোৰ শ্বুটিং সমাপ্ত কৰিছে, যিটো কেইদিনমানৰ পিছতেই সম্প্ৰচাৰিত হ'ব। এতিয়ালৈকে নিৰ্মাতাসকলে সবিশেষ শ্বেয়াৰ কৰা নাই, কাৰণ নিৰ্মাতাসকলে বিচাৰে যে এই খণ্ডটো অনুৰাগীৰ বাবে এটা ডাঙৰ শ্বক্কৰ হওক"

কিন্তু এ চি পি প্ৰদ্যুমানৰ মৃত্যুৰ পিছত ধাৰাবাহিকখন কিমান জনপ্ৰিয় হৈ থাকিব সেয়া লক্ষণীয়  হ'ব বুলি অনুৰাগী সকলে প্ৰকাশ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ