গুৱাহাটী: সাংস্কৃতিক জগতৰ তাৰকা জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চলা বিত্তীয় অনিয়মৰ গোচৰত এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে। তদন্তকাৰীয়ে প্ৰকাশ কৰা মতে, জুবিন গাৰ্গৰ বিহুতলীৰ অনুষ্ঠানসমূহৰ বাবে বিভিন্ন বিহু সমিতিয়ে আদায় দিয়া কমেও ৩২ লাখ টকা কণ্ঠশিল্পীগৰাকীৰ ওচৰলৈ সম্পূৰ্ণৰূপে নোপোৱাৰ প্ৰমাণ পোৱা গৈছে।
মঙলবাৰে আদালতত শুনানিৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামাৰে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ফৰেনছিক আৰু বিত্তীয় তদন্তত এই কথা পোহৰলৈ আহিছে যে কেইবাবছৰ ধৰি বিভিন্ন বিহু সমিতিয়ে জুবিন গাৰ্গৰ অনুষ্ঠানৰ বাবদ আদায় দিয়া ধনৰ এক বৃহৎ অংশ তেওঁলৈ হস্তান্তৰ কৰা হোৱা নাছিল। শৰ্মাৰ সৈতে জড়িত বিত্তীয় নথি-পত্ৰ আৰু লেনদেনৰ সুক্ষ্ম পৰীক্ষাৰ পাছত এই তথ্যসমূহ নিশ্চিত কৰা হৈছে বুলিও কামাৰে উল্লেখ কৰে।
আদালতৰ শুনানিত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই ধন আত্মসাতৰ কোনো নিৰ্দিষ্ট পৰিমাণ নাই বুলি যুক্তি দিছিল। কিন্তু বিশেষ চৰকাৰী অধিবক্তা কামাৰে এই যুক্তি খণ্ডন কৰি ফৰেনছিক আৰু বিত্তীয় বিশ্লেষণৰ পৰা পোৱা তথ্য আদালতত দাখিল কৰে। তেওঁ কয় যে প্ৰায় ৩২ লাখ টকা বিভিন্ন বিহু সমিতিৰ পৰা আহিছিল যদিও সেয়া জুবিন গাৰ্গলৈ হস্তান্তৰ নহৈ অন্য দিশে পৰিৱৰ্তিত কৰা হৈছিল। উল্লেখ্য যে সিদ্ধাৰ্থ শৰ্মা আন এক মৃত্যুৰ গোচৰতো অন্যতম অভিযুক্ত হিচাপে জড়িত হৈ আছে। এই নতুন তথ্যই গোচৰটোক এক নতুন মোৰ দিছে আৰু তদন্তকাৰীয়ে অধিক তথ্য আহৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।